ৰেফাৰীৰ সিদ্ধান্তক লৈ অসন্তুষ্ট! ফুটবল খেলৰ মাজতেই প্ৰাণ গ’ল ১০০ জনৰো অধিকলোকৰ…

বিশ্বৰ কোটি কোটি জনগনৰ প্ৰিয় খেল ফুটবল। কিন্তু এই ফুটবল খেলেই মৃত্যুৰ কাৰণ হৈ পৰে ১০০ জনৰো অধিকলোকৰ। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আৰু ৰাষ্ট্ৰপতিক সন্মান জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা খেল পৰিণত হয় মৰিশালীলৈ।

ৰেফাৰীৰ সিদ্ধান্তক লৈ অসন্তুষ্ট! ফুটবল খেলৰ মাজতেই প্ৰাণ গল ১০০ জনৰো অধিকলোকৰ...

ফুটবল

Published: 

02 Dec 2024 13:33 PM

বিশ্বৰ কোটি কোটি জনগনৰ প্ৰিয় ফুটবল খেল। কিন্তু এই ফুটবলেই হৈ পৰিল বহুতৰ মৃত্যুৰ কাৰণ। মুহুৰ্তৰ ভিতৰতে এখন ফুটবল খেল পথাৰ পৰিণত হ’ল মৰিশালীলৈ। কিয়নো ফুটবল খেল চলি থকাৰ মাজতে সংঘটিত হোৱা এক ভয়ংকৰ ঘটনাত প্ৰাণ হেৰুৱাই প্ৰায় ১০০ জনলোকে। এই ঘটনা সংঘটিত হৈছে পশ্চিম আফ্ৰিকাৰ দেশ গিনিত। জানিব পৰা মতে এই দেশখনত ৰবিবাৰে ফুটবল খেল অনুষ্ঠিত হৈছিল। কিন্তু ৰেফাৰীয়ে গ্ৰহণ কৰা এক সিদ্ধান্তৰ পাছতেই দৰ্শকৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত ক্ষোভিত হৈ এই দৰ্শকসকল খেলপথাৰলৈ নামি আহে আৰু দুটা পক্ষৰ মাজত তয়াময়া যুঁজ লাগে। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়। এই মেচখন গিনিৰ দ্বিতীয় বৃহত্তম চহৰ এঞ্জেৰেকোৰত অনুষ্ঠিত হৈছিল। এই চহৰতেই মেচ চলি থকাৰ সময়ত ফুটবল অনুৰাগীসকলে কাজিয়াত লিপ্ত হয় যাৰ ফলত এই বৃহৎ সংখ্যক লোকৰ মৃত্যু হয়।

বিদেশী সংবাদ মাধ্যমৰ মতে, মেচখন সন্দৰ্ভত ৰেফাৰীৰ এক সিদ্ধান্তই অসন্তুষ্ট কৰিছিল একাংশক। তেতিয়া সেই স্থানত উপস্থিত থকা এজন ব্যক্তিয়ে দৰ্শকসকলক খেলপথাৰলৈ নামি আহিবলৈ কয়। ইয়াৰ পিছত ক্ষুব্ধ দৰ্শকসকল খেলপথাৰলৈ নামি আহি কাজিয়াত লিপ্ত হয়। ইমানেই নহয়, একাংশই এঞ্জেৰেকোৰ থানা ভাঙি জুই লগাই দিয়া বুলিও দাবী কৰা হৈছে। জানিব পৰা মতে এঞ্জেৰেকোৰ যিখন  চহৰত এই ঘটনা সংঘটিত হয় তাত মুঠ জনসংখ্যা ২ লাখতকৈ অধিক।

দেশৰ স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে,এই খেলখন ৰাষ্ট্ৰপতি মামাদি ডুমবৌয়াৰ সন্মানত আয়োজন কৰা প্ৰতিযোগিতাৰ অংশ আছিল। ২০২১ চনৰ অভ্যুত্থানত ৰাষ্ট্ৰপতি মামাদি ডুমবৌয়াই ক্ষমতা দখল কৰিছিল আৰু তাৰ পিছত ৰাষ্ট্ৰপতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। জানিব পৰা মতে ২০২৫ চনত এই দেশত নিৰ্বাচন অনুষ্ঠিত হ’ব, সেইবাবেই ৰাষ্ট্ৰপতি মামাদি ডুমবৌয়াই নিৰ্বাচনত জনসাধাৰণক আকৰ্ষণ কৰিবলৈ এনে প্ৰতিযোগিতা আয়োজন কৰিছিল। কিন্তু এই ফুটবল খেলেই মৃত্যুৰ কাৰণ হৈ পৰে ১০০ জনৰো অধিকলোকৰ।

উল্লেখ্য যে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহত গিনিত চৰকাৰৰ অভ্যুত্থান ঘটিছিল আৰু ৰাষ্ট্ৰপতি আলফা কণ্ডেক পদচ্যুত কৰি মামাদি ডুমবৌয়াই ক্ষমতা দখল কৰিছিল। আন্তঃৰাষ্ট্ৰীয় হেঁচাত ডুমবৌয়াই ঘোষণা কৰিছিল যে ২০২৪ চনৰ শেষৰ ফালে দেশত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু পুনৰবাৰ দেশৰ ক্ষমতা নিৰ্বাচিত চৰকাৰৰ হাতত অৰ্পণ কৰিব। যাৰ বাবে দেশখনত ২০২৫ চনত নিৰ্বাচন অনুষ্ঠিত হ’ব।

খালী পেটত ইলাচী খালে কি হয় জানেনে? পঢ়ক বিশেষজ্ঞৰ মতামত
টেলিভিচনৰ পৰা বলীউডলৈ অনন্য যাত্ৰাৰে দৰ্শকৰ মন মোহা বিক্ৰান্তে সামৰিলে অভিনয় কেৰিয়াৰ
প্ৰথমে পাইছিল ৮০০ টকা দৰমহা! এতিয়া ইমান কোটি টকাৰ মালিক বিক্ৰান্ত মেছী...
১ টকীয়া মুদ্ৰা আৰু ৫০০ টকীয়া নোট ছপা কৰিলে কিমান খৰচ হয়? জানক...