5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Amazon forest: বৃদ্ধি হ’ব পাৰে উষ্ণতা! ভয়ংকৰ হাৰত বন ধ্বংস হৈছে পৃথিৱীৰ হাওঁফাওঁ আমাজন বৰ্ষাৰণ্যত

Amazon forest: যেতিয়ালৈকে বিশ্বই জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিব তেতিয়ালৈকে আমাজন আৰু পান্টানাল জলাশয়ত জুইৰ আশংকা বৃদ্ধি পাই থাকিব। বিগত সময় সমূহত আমাজনৰ পৰা উৎপত্তি হোৱা নদীৰ সংখ্যাই হ্ৰাস পাইছে।

Amazon forest: বৃদ্ধি হ’ব পাৰে উষ্ণতা! ভয়ংকৰ হাৰত বন ধ্বংস হৈছে পৃথিৱীৰ হাওঁফাওঁ আমাজন বৰ্ষাৰণ্যত
আমাজনত বন ধ্বংস
Follow Us
barasha-sarma
Barasha Sarma | Published: 24 Sep 2024 17:04 PM

বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য আমাজনৰ সন্দৰ্ভত এক ডাঙৰ তথ্য প্ৰকাশ পাইছে। এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি যোৱা ৪ টা দশকত আমাজন বনাঞ্চলে জাৰ্মানী আৰু ফ্ৰান্স দেশৰ সমান এলেকা হেৰুৱাইছে। বনাঞ্চল ধ্বংস ইয়াৰ মূল কাৰণ বুলি প্ৰতিবেদনত উল্লেখ আছে। এই আমাজন বৰ্ষাৰণ্যই আমাৰ পৃথিৱীৰ জলবায়ুৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিয়ে।

বিশ্বৰ ৯ খনকৈ দেশত বিয়পি থকা আমাজন বৰ্ষাৰণ্যক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয়। কিয়নো পৃথিৱীৰ অক্সিজেনৰ ২০ শতাংশ আমি আমাজনৰ পৰাই লাভ কৰে। আমাজন বৰ্ষাৰণ্যই পৃথিৱীত থকা কাৰ্বন ডাই অক্সাইড শোষণ কৰে। এই কাৰ্বন ডাই অক্সাইডে জলবায়ু পৰিবৰ্তনৰ প্ৰধান কাৰক।

সোমবাৰে প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি মূলতঃ খনন আৰু কৃষিৰ উদ্দেশ্যে বনাঞ্চল ধ্বংস কৰাৰ ফলত আমাজনৰ বনাঞ্চলে ১২.৫ শতাংশ অঞ্চল হেৰুৱাইছে। এই ক্ষতি ১৯৮৫ চনৰ পৰা ২০২৩ চনৰ ভিতৰত হৈছিল। গৱেষকসকলে কয় যে,   আমাজন বৰ্ষাৰণ্য ভূমি খনন, কৃষি আৰু পশুপালনৰ বাবে ভয়ংকৰ হাৰত ব্যৱহাৰ হৈছে। এয়া শীঘ্ৰেই পৰিবৰ্তনৰ প্ৰয়োজন বুলি তেওঁলোকে কয়।

আমাজন বৰ্ষাৰণ্য ব্ৰাজিল, বলিভিয়া, পেৰু, ইকুৱেডৰ, কলম্বিয়া, ভেনিজুৱেলা, গায়ানা, চুৰিনাম আৰু ফ্ৰেঞ্চ গিয়ানালৈকে বিস্তৃত। প্ৰায় ৮ লাখ ৮০ হাজাৰ বৰ্গ কিলোমিটাৰত বিস্তৃত এই অৰণ্যই পৃথিৱীখনৰ জলবায়ুৰ পৰিবৰ্তন ৰোধ কৰাত যথেষ্ঠ সহায় কৰে। বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গৱেষকসকলৰ মতে ইয়াৰ ফলত বৃহৎ সংখ্যক পৰিৱেশ তন্ত্ৰ নোহোৱা হৈ গৈছে।

এই অধ্যয়নত অংশগ্ৰহণ কৰা পেৰুৰ সংস্থা ইনষ্টিটিউট অৱ দ্য কমন গুডৰ ছেণ্ড্ৰা ৰিঅ’ কাছাৰেছে কয় যে বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডললৈ অধিক কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। যাৰ ফলত জলবায়ু আৰু বৰষুণ চক্ৰ নিয়ন্ত্ৰণ কৰা সমগ্ৰ পৰিৱেশ তন্ত্ৰত ব্যাঘাত জন্মে। ইয়ে পৃথিৱীত উষ্ণতা বৃদ্ধিত অৰিহনা যোগায়।তেওঁ কয় যে, লাখ লাখ উদ্ভিদ ধ্বংস হোৱাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে দক্ষিণ আফ্ৰিকাৰ দেশসমূহত হোৱা খৰাং আৰু বনজুইৰ সৈতে।

ৱৰ্ল্ড ৱেদাৰ এট্ৰিবিউচন নেটৱৰ্ক অৱ চাইন্সে দেওবাৰে প্ৰকাশ কৰা অনুসৰি জলবায়ু পৰিৱৰ্তনৰ বাবে আমাজন আৰু পান্টানাল জলাশয়ত অগ্নিকাণ্ডৰ আশংকা আৰু ভয়াৱহতা বৃদ্ধি পাইছে, যাৰ ফলত বায়ুমণ্ডললৈ বিপুল পৰিমাণৰ কাৰ্বন ডাই অক্সাইড নিৰ্গত হৈছে। তেওঁলোকৰ মতে যেতিয়ালৈকে বিশ্বই জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিব তেতিয়ালৈকে আমাজন আৰু পান্টানাল জলাশয়ত জুইৰ আশংকা বৃদ্ধি পাই থাকিব। বিগত সময় সমূহত আমাজনৰ পৰা উৎপত্তি হোৱা নদীৰ সংখ্যাই হ্ৰাস পাইছে। ইয়াৰ প্ৰভাৱ সমগ্ৰ জীৱকূলৰ ওপৰক পৰিব বুলি তেওঁলোকে কয়।

Latest News