শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

য়েমেনত আমেৰিকাৰ আক্ৰমণ, মৃত্যু হোৱা ১২৩ জনৰ ভিতৰত অধিকাংশই শিশু আৰু মহিলা…

য়েমেনত আমেৰিকাৰ আক্ৰমণ।দেওবাৰে ৰাজধানী ছানাত পুনৰ এক আক্ৰমণ সংঘটিত কৰিছিল আমেৰিকাই। য'ত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনৰো অধিক আহত হৈছিল

য়েমেনত আমেৰিকাৰ আক্ৰমণ, মৃত্যু হোৱা ১২৩ জনৰ ভিতৰত অধিকাংশই শিশু আৰু মহিলা…
গাজা-য়মনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 15 Apr 2025 14:53 PM

বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধৰ মাজতে য়েমেনৰ পৰা ভয়ংকৰ আক্ৰমণৰ এক ঘটনা পোহৰলৈ আহিছে। আমেৰিকাই মাৰ্চ মাহৰ মধ্যভাগত য়েমেনত কৰা আক্ৰমণৰ ফলত প্ৰায় ১২৩ গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰ সৰহ সংখ্যক সাধাৰণ নাগৰিক। শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে য়মনৰ ৰাজধানী ছানাৰ স্বাস্থ্য বিষয়াসকলে। সোমবাৰে য়মনৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, মৃত্যুৰ লগতে এই আক্ৰমণত ২৪৭ গৰাকীকৈ আহত হৈছে। ইয়াৰে সৰহ সংখ্যক শিশু আৰু মহিলা।

বিগত মাৰ্চ মাহত য়েমেনৰ হাউথী বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল আমেৰিকাই । ১৮ মাৰ্চত গাজা-ইজৰাইলৰ মাজত যুদ্ধ বিৰতি চুক্তি ভংগ হোৱাৰ সময়তে আমেৰিকাই এই আক্ৰমণ সংঘটিত কৰিছিল। ইজৰাইলৰ বোমা বিস্ফোৰণৰ ফলত গাজাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ দৰে য়েমেনতো হৈছে ধ্বংসলীলা।  আমেৰিকাই কৰা আক্ৰমণৰ ফলত য়েমেনৰ যথেষ্ঠ ক্ষতিসাধন হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰায় শপত লৈছে যে ধাৰাবাহিক আক্ৰমণৰ ফলত আমেৰিকাই হাউথী বিদ্ৰোহীক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব। এই সন্দৰ্ভত ৱাশ্বিংটনে কৈছে যে, এই অভিযানৰ উদ্দেশ্য ইজৰাইলৰ লগতে লোহিত সাগৰত জাহাজ চলোৱাৰ পথসমূহৰ বিৰুদ্ধে হাউথীসকলৰ আক্ৰমণ ৰোধ কৰা। ইয়াৰ বিপৰীতে ইজৰাইলে পেলেষ্টাইনীসকলৰ ওপৰত আক্ৰমণ বন্ধ নকৰালৈকে সামৰিক অভিযান অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হাউথীসকলে।

ট্ৰাম্পৰ মতে, আমেৰিকাৰ আক্ৰমণৰ ফলত হাউথী বহু দুৰ্বল হৈ পৰিছে। ইফালে য়েমেনৰ বিদ্ৰোহী সংগঠনটোৱে কৈছে যে, আমেৰিকাৰ আক্ৰমণ বিফল হৈছে। তেওঁলোকে অসামৰিক বিষয়া আৰু অসামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছে। ইয়াৰোপৰি তেওঁলোকৰ ওচৰত এতিয়াও আক্ৰমণৰ ক্ষমতা আছে বুলি কয়।

দেওবাৰে ৰাজধানী ছানাত পুনৰ এক আক্ৰমণ সংঘটিত কৰিছিল আমেৰিকাই। য’ত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনৰো অধিক আহত হৈছিল। য়েমেনে কৰা অভিযোগ অনুসৰি যোৱা মাহৰ পৰা আমেৰিকাই কেইবাবাৰো য়েমেন আক্ৰমণ কৰিছে। য়েমেনত চলি থকা হত্যা, অপৰাধ, বোমাবৰ্ষণ আদিৰ বাবে আমেৰিকাক সম্পূৰ্ণ দোষাৰোপ কৰে য়েমেনে।