আমেৰিকাৰ লছ এঞ্জেলছত বাছ হাইজেক... | America : Bus Hijacked In Los Angeles Assam news - Assam Tv9

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে আমেৰিকাৰ লছ এঞ্জেলছত বাছ হাইজেক…

Published: 

25 Sep 2024 17:16 PM

আমেৰিকাত বাছ হাইজেকিঙৰ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। লছ এঞ্জেলছত হাইজেক হৈছে এখন বাছ। অচিনাক্ত দুৰ্বৃত্তই হাইজেক কৰা বাছখনক চাৰিওফালৰ পৰা ঘেৰাও কৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে । বাছখনত কিমানজন লোক আৱদ্ধ হৈ আছে সেই কথা এতিয়াও সঠিকভাৱে জানিব পৰা নাই ।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে আমেৰিকাৰ লছ এঞ্জেলছত বাছ হাইজেক...

লছ এঞ্জেলছত বাছ হাইজেক

Follow Us On

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ অব্যাহত থকাৰ মাজতে বাছ হাইজেকিঙৰ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। লছ এঞ্জেলছত হাইজেক হৈছে এখন বাছ। অচিনাক্ত দুৰ্বৃত্তই হাইজেক কৰা বাছখনক চাৰিওফালৰ পৰা ঘেৰাও কৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে । বাছখনত কিমানজন লোক আৱদ্ধ হৈ আছে সেই কথা এতিয়াও সঠিকভাৱে জানিব পৰা নাই ।

প্ৰকাশিত খবৰ অনুসৰি, বাছৰ খিৰিকীৰে জপিয়াই পলায়ন কৰি বাছখনৰ চালকজন । জানিব পৰা মতে, লছ এঞ্জেলছৰ ডাউনটাউনত আৰক্ষীয়ে খেদি যোৱাৰ সময়তে এজন বন্দুকধাৰীয়ে এখন বাছ হাইজেক কৰি যাত্ৰীসকলক পণবন্দী কৰি লৈ যায়। বুধবাৰে পুৱাৰ ভাগত এই ঘটনাটো সংঘটিত হয় । নিৰাপত্তাৰক্ষীয়ে বাছখন খেদি গৈছিল যদিও ৰখাবলৈ সক্ষম নহয় ।

ইয়াৰ পাছতে নিৰাপত্তাৰক্ষীয়ে স্পাইক ষ্ট্ৰিপ ব্যৱহাৰ কৰি বাছখনৰ টায়াৰ ডিফ্লেট কৰে । ইয়াৰ পাছত বাছখন ৰৈ যায় আৰু এখন বাহনে পথটো বন্ধ কৰি দিয়ে । বাছখনত কিমানজন লোক আছে সেই কথা এতিয়াও সঠিকভাৱে জানিব পৰা নাই । এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে “এই ঘটনাটো ‘স্পীড’ চিনেমাখনৰ দৰেই লাগিছিল।” আন এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে, নিৰাপত্তাৰক্ষীয়ে লাউডস্পীকাৰৰ জৰিয়তে সন্দেহজনক লোকজনৰ সৈতে অবিৰতভাৱে কথা পাতি আছে।

প্ৰকাশিত তথ্য অনুসৰি, চালকজনে বাছখন অস্ত্ৰধাৰী লোকজনৰ নিৰ্দেশত চলাইছিল । বাছ হাইজেক কৰা অস্ত্ৰধাৰী লোকজন পূৰ্বৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকা সন্দেহ প্ৰকাশ কৰিছে নিৰাপত্তাৰক্ষীয়ে । শেহতীয়াকৈ বন্দুকধাৰী লোকেৃ এজন লোকক আৱদ্ধ কৰি ৰাখিছে বুলি জানিব পৰা গৈছে ।

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version