উপায়হীন চীন! ২৪৫ শতাংশলৈ শুল্ক বৃদ্ধি কৰিলে আমেৰিকাই…

আমেৰিকা-চীনৰ মাজৰ শুল্কযুদ্ধ বন্ধ হোৱাৰ নাম লোৱা নাই। শেহতীয়াকৈ পুনৰ আমেৰিকাই চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিছে। এতিয়া চীনৰ কিছুমান সামগ্ৰীৰ শুল্ক ২৪৫ শতাংশলৈ বৃদ্ধি পাইছে।

উপায়হীন চীন! ২৪৫ শতাংশলৈ শুল্ক বৃদ্ধি কৰিলে আমেৰিকাই...

ট্ৰাম্প-চি জিনপিং

Published: 

17 Apr 2025 14:36 PM

যিমান ইচ্ছা সিমানেই শুল্ক আৰোপ কৰিব- চীনৰ ক্ষেত্ৰত যেন এই নীতিকেই অনুুসৰণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। চীনৰ ওপৰত ট্ৰাম্পে পুনৰ শুল্ক বৃদ্ধি কৰিছে।  চীনৰ ওপৰত ২৪৫ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্পে। হঠাৎ ১০০ শতাংশ কৰ বৃদ্ধি কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। এই শুল্ক প্ৰথমে ভুল হ’ব পাৰে বুলি সন্দেহ কৰা হৈছিল, একাংশই কৈছিল যে এয়া টাইপিং মিছটেক। কিন্তু এয়া ভুল নহয়। পুনৰ চীনৰ ক্ষেত্ৰত শুল্ক বৃদ্ধি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

মঙলবাৰে বিয়লি হোৱাইট হাউছে ঘোষণা কৰে যে আমেৰিকালৈ আমদানি কৰা চীনৰ সামগ্ৰীৰ ওপৰত ২৪৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে। চীনে প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ বাবে  এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।

এই ঘোষণাৰ পিছতে ছ’চিয়েল মিডিয়াত বিভিন্ন চৰ্চা আৰম্ভ হয়। একাংশই কয় যে,  ট্ৰাম্প প্ৰশাসনে ভুলতে ১৪৫ শতাংশ শুল্কৰ পৰিৱৰ্তে ২৪৫ শতাংশ শুল্ক লিখিছে। আনকি চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানেও বিৰক্ত সুৰত কয়, “কিমান কৰ আৰোপ কৰা হৈছে সেয়া সঠিকভাৱে জানিবলৈ আপুনি আমেৰিকাক সুধিব লাগিব। শুল্ক আৰু বাণিজ্য যুদ্ধত কোনো বিজয়ী নাই। চীনে এই যুদ্ধখন যুঁজিব নিবিচাৰে, কিন্তু আমেৰিকাক চীনে ভয়ো নকৰে”।

অৱশ্যে চীনৰ সকলো সামগ্ৰীৰ ওপৰত এই শুল্ক আৰোপ কৰা হোৱা নাই। চীনৰ পৰা অহা চিৰিঞ্জৰ ওপৰত ২৪৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে। ইয়াৰোপৰি চীনৰ উলৰ চুৱেটাৰত ১৬৮ শতাংশ শুল্ক আৰোপ কৰা হৈছে। ইয়াৰ বিপৰীতে চীনেও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১২৫ শতাংশ শুল্ক আৰোপ কৰিছে। লগতে সামৰিক আৰু মহাকাশ গৱেষণাত ব্যৱহৃত বিভিন্ন সামগ্ৰীৰ ৰপ্তানিও বন্ধ কৰি দিছে। গতিকে চীন আৰু আমেৰিকাৰ শুল্ক যুদ্ধ কি পৰ্যায় পাই সেয়া সময়ত হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ ভাৰতসহ ৭৫খনকৈ অধিক দেশক নতুন শুল্কৰ ক্ষেত্ৰত ৰেহাই আমেৰিকাৰ…

কাইলৈ চেৰা বিহু, সাত বিহুৰ শেষৰ দিনটোৰ পৰম্পৰাৰ বিষয়ে জানো আহক
এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়