5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৩২ বছৰীয়া যুৱকক ১০০ বছৰৰ কাৰাদণ্ডঃ ২১২০ চনত লাভ কৰিব পেৰ’ল

প্ৰতি অপৰাধৰ হৈ মানুহক বেলেগ বেলেগ শাস্তি দিয়া হয়। আপুনি হয়তো দেখিছে, মানুহক ১০ বছৰ, ২০ বছৰ বা আজৱন কাৰাদণ্ড আদি দিয়া হয়। কিন্তু শেহতীয়াকৈ আদালতে দিয়া এক শাস্তি যথেষ্ঠ চৰ্চাত আছে য'ত ৩২ বছৰীয়া এজনলোকক আদালতে ১০০ বছৰৰ শাস্তি দিয়ে।

৩২ বছৰীয়া যুৱকক ১০০ বছৰৰ কাৰাদণ্ডঃ ২১২০ চনত লাভ কৰিব পেৰ’ল
barasha-sarma
Barasha Sarma | Published: 15 Dec 2024 07:57 AM

অপৰাধ কৰিলে মানুহক আইনে নিয়ম অনুসৰি শাস্তি দিয়ে। প্ৰতি অপৰাধৰ হৈ মানুহক বেলেগ বেলেগ শাস্তি দিয়া হয়। আপুনি হয়তো দেখিছে, মানুহক ১০ বছৰ, ২০ বছৰ বা আজৱন কাৰাদণ্ড আদি দিয়া হয়। কিন্তু শেহতীয়াকৈ আদালতে দিয়া এক শাস্তি যথেষ্ঠ চৰ্চাত আছে য’ত ৩২ বছৰীয়া এজনলোকক আদালতে ১০০ বছৰৰ শাস্তি দিয়ে। আমেৰিকাৰ এখন আদালতে এই ৰায় প্ৰদান কৰিছে। লগতে কৈছে যে, যদি অপৰাধীয়ে ১০০ বছৰৰ শাস্তি সম্পূৰ্ণ কৰে তেন্তে ২১২০ চনত তেওঁ পেৰ’ল লাভ কৰিব। আদালতৰ এই ৰায়ে বিভিন্নজনৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আমেৰিকাৰ লাছ ভেগাছৰ  আদালতে এই শাস্তিৰ ৰায় প্ৰদান কৰিছে।২০২০ চনৰ থেংকচগিভিঙৰ দিনা সংঘটিত গুলীচালনাৰ অপৰাধত লাছ ভেগাছৰ এজন ন্যায়াধীশে টেক্সাছৰ এজন লোকক ১০০ বছৰৰ কাৰাদণ্ড বিহে। নেভাদাত সংঘটিত এই গুলীচালনাত এজন লোক নিহত হৈছিল।

অপৰাধ সংঘটিত কৰা লোকজনৰ নাম ক্রিষ্টোফাৰ মেকডনেল। তেওঁৰ বয়স প্ৰায় ৩২ বছৰ। ক্রিষ্টোফাৰ মেকডনেলৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, হত্যাৰ ষড়যন্ত্র, অস্ত্ৰ-শস্ত্ৰৰ অভিযোগ আৰু অবৈধ আগ্নেয়াস্ত্ৰ ৰখাৰ অপৰাধী হোৱাকে ধৰি ২০টাতকৈও অধিক অভিযোগ আছে। এই আটাই অভিযোগৰ দোষ তেওঁ স্বীকাৰ কৰিছে। শুকুৰবাৰে ক্লাৰ্ক কাউন্টিৰ জিলা ন্যায়াধীশ টিয়েৰা জ’নে ক্রিষ্টোফাৰক নূন্যতম ১০০ বছৰৰ কাৰাদণ্ড বিহে৷ লগতে কয় যে যদি তেওঁ ১০০ বছৰৰ পাছতো জীয়াই থাকে তেন্তে ২১২০ চনত তেওঁ পেৰ’লৰ বাবে যোগ্য হ’ব।

কি হৈছিল

২০২০ চনৰ ২৬ নৱেম্বৰত লাছ ভেগাছত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। প্ৰায় ১১ ঘন্টা ধৰি চলিছিল গুলীচালনা যিয়ে মানুহৰ মনত শংকাৰ সৃষ্টি কৰিছিল। কেৱল মেকডনেলেই নহয়, তেওঁৰ ভাতৃ শ্বাউন মেকডনেল (৩৪) আৰু শ্বাউন মেকডনেলৰ তেতিয়াৰ পত্নী কেলি লুইছ (২৯) আৰু কেইবাজনে মিলি এই ঘটনা সংঘটিত কৰিছিল।লাছ ভেগাছৰ ওচৰৰ হেণ্ডাৰছনৰ এখন ষ্ট’ৰত সংঘটিত হোৱা এই গুলীচালনাত ২২ বছৰীয়া যুৱক কেভিন মেণ্ডিঅ’লা জুনিয়ৰৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হৈছিল।

ইয়াৰ পাছতো অভিযুক্তই গুলীচালনা অব্যাহত ৰাখিছিল। অবিৰতভাৱে কেইবা ঘন্টা ধৰি গুলী চলোৱাৰ পাছত তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্তসকলৰ মতে এই গুলীচালনা লুইছ জড়ত আছিল। ঘটনাৰ সময়ত লুইচে গাড়ী চলাই আছিল আৰু দুই ভাতৃয়ে নিৰ্বিচাৰে গুলী চলাই আছিল। এই গোচৰতেই ক্রিষ্টোফাৰ মেকডনেলক শাস্তি বিহা হয় যদিও শ্বেন মেকডনেল আৰু লুইছৰ গোচৰৰ আদালতত চলি আছে। গতিকে তেওঁলোকক আদালতে কি শাস্তি বিহে সেয়া সময়ত লক্ষণীয় হব।

Latest News