আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ শেষ নিশ্বাস ত্যাগ, মৃত্যুৰ সময়ত বয়স আছিল ১০০…
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ মৃত্যু। ১০০ বছৰ বয়সত জৰ্জিয়াৰ প্লেইনছস্থিতি বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জিমি কাৰ্টাৰ আছিল একেৰাহে ব্যৱসায়ী, নৌসেনাৰ বিষয়া, ৰাজনীতিবিদ, আলোচনাপন্থী আৰু লেখক।
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ মৃত্যু। ১০০ বছৰ পৰ্যন্ত জীয়াই থকা সম্ভৱতঃ জিমি কাৰ্টাৰে আমেৰিকাৰ প্ৰথমগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি। বিগত অক্টোবৰ মাহত তেওঁ ১০০ বছৰীয়া জন্মদিন পালন কৰিছিল। বিশ্বজুৰি গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ পোষকতা কৰা ‘কাৰ্টাৰ চেণ্টাৰে’ কয় যে, দেওবাৰে দুপৰীয়া জৰ্জিয়াৰ প্লেইনছস্থিতি বাসগৃহত জিমি কাৰ্টাৰৰ মৃত্যু হয়। উল্লেখ কৰা প্ৰয়োজন যে, বহুদিন ধৰি অসুস্থ হৈ থকা জিমি কাৰ্টাৰে ২০০২ চনত শান্তি নোবেল বঁটা লাভ কৰিছিল।
ৰাষ্ট্ৰপতি
জিমি কাৰ্টাৰৰ জন্ম ১৯২৪ চনৰ ১ অক্টোবৰত হৈছিল। ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই সময়ছোৱাত তেওঁ আমেৰিকাৰ মধ্যপ্ৰাচ্যৰ সম্পৰ্কৰ ভেটি স্থাপন কৰিছিল। জৰ্জিয়াৰ সৰু চহৰ প্লেইনছত তেওঁৰ মৃত্যু হয়। এই ঘৰটোতেই ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁৰ পত্নী ৰ’জলিনৰ মৃত্যু হৈছিল। কাৰ্টাৰ আছিল এজন ব্যৱসায়ী, নৌসেনাৰ বিষয়া, ৰাজনীতিবিদ, আলোচনাপন্থী আৰু লেখক।
কৰ্কট ৰোগত আক্ৰান্ত
তথ্য অনুসৰি জানিব পৰা মতে ৰাষ্ট্ৰপতি পদ এৰি যোৱাৰ প্ৰায় ১ বছৰৰ পাছত তেওঁ ‘কাৰ্টাৰ চেণ্টাৰ’ নামৰ এটা এন জি অ’ স্থাপন কৰিছিল। ই নিৰ্বাচনত স্বচ্ছতা অনা, মানৱ অধিকাৰক সমৰ্থন, স্বাস্থ্য সেৱা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাৰ বহু বছৰ পাছত, ২০১৬ চনত জিমি কাৰ্টাৰৰ চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগ ধৰা পৰে। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ সুস্থ হৈ উঠে। কিন্তু ইয়াৰ পাছতো তেওঁ সদায় মানুহৰ হৈ কাম কৰি গৈছিল।
ভাৰত ভ্ৰমণ
ৰাষ্ট্ৰপতি হিচাপে তেওঁ ১৯৭৮ চনত হাৰিয়ানাৰ গুৰুগ্ৰাম জিলাৰ দৌলতপুৰ নাছিৰাবাদ গাঁৱলৈ আহিছিল। এই সময়চোৱাত গাঁৱখন তেওঁ ভ্ৰমণ কৰিছিল আৰু গাঁৱবাসীয়ে তেওঁক হাৰিয়ানৱী সাজ-পোছাকও উপহাৰ দিয়ে। পৰৱৰ্তী সময়ত তেতিয়াৰ চৰকাৰে এই গাঁওখনৰ নাম দৌলতপুৰ নাছিৰাবাদৰ সলনি “কাৰ্টাৰপুৰী” হিচাপে নামাকৰণ কৰে।
কিয় বিশেষ আছিল
১৯৭৮ চনৰ ২ জানুৱাৰীত ভাৰতৰ সদনত ভাষণ দিছিল কাৰ্টাৰে। এই ভাষণত তেওঁ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে, ভাৰতৰ সফলতাসমূহ গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ দ্বাৰা এই নীতিক খণ্ডন কৰা হয় যে উন্নয়নশীল দেশ এখনে গণতন্ত্ৰৰ নীতিৰেহে আগবাঢ়ে, তেওঁলোকে স্বৈৰাচাৰী চৰকাৰ সমৰ্থন নকৰে। কাৰ্টাৰৰ এই ভ্ৰমণ ইমানেই সফল হৈছিল যে গাঁৱবাসীৰ বাবেও তেওঁলোকৰ গাঁওৰ নাম হৈ পৰিছিল কাৰ্টাৰপুৰী। ২০০২ চনত যেতিয়া তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছিল তেতিয়া এই গাঁওখনতো আনন্দ উদযাপন কৰিছিল।