পুনৰ মাধমাৰ! আমেৰিকাই বাতিল কৰিলে ভাৰতক প্ৰদান কৰা ১৯০ কোটি টকাৰ পুঁজি

অন্য দেশৰ বিৰুদ্ধে এটাৰ পাছত আনটো কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাৰ ড'নাল্ড ট্ৰাম্প চৰকাৰে। শেহতীয়াকৈ ইলন মাস্কৰ নেতৃত্বত থকা চৰকাৰী দক্ষতা বিভাগে ভাৰতৰ বিৰুদ্ধে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পুনৰ মাধমাৰ! আমেৰিকাই বাতিল কৰিলে ভাৰতক প্ৰদান কৰা ১৯০ কোটি টকাৰ পুঁজি

ইলন মাস্ক

Updated On: 

17 Feb 2025 08:24 AM

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শাসন গ্ৰহণ কৰাৰ পাছতে ড’নাল্ড ট্ৰাম্পে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশেষকৈ অন্য দেশৰ প্ৰতি অধিক কঠোৰ হৈ পৰিছে ট্ৰাম্প শাসন আৰু গ্ৰহণ কৰিছে এটাৰ পাছত আনটো সিদ্ধান্ত। ইয়াৰ মাজতে আমেৰিকাই ভাৰতৰ ওপৰত পুনৰ এক মাধমাৰ সোধাইছে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, ইলন মাস্কৰ নেতৃত্বত তথা আমেৰিকী চৰকাৰী দক্ষতা বিভাগে ভাৰতত ‘ভোটাৰ ভোটদান’ৰ লক্ষ্যৰে ২২ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১৯০ কোটি টকা)ৰ পুঁজি বাতিল কৰাৰ কথা ঘোষণা কৰে।

আমেৰিকাৰ বিভাগে বাতিল কৰা অন্য পুঁজিত আৰু বিভিন্ন দিশ অন্তৰ্ভুক্ত আছে। এই সন্দৰ্ভত আমেৰিকাৰ বিভাগে কৰা এটা টুইট ৰি-টুইট কৰি বিজেপি আইটি চেলৰ মুৰব্বী অমিত মালৱিয়াই কয়, ভোটদান বৃদ্ধিৰ বাবে ২১ মিলিয়ন ডলাৰ? এইটো নিশ্চিতভাৱে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত বাহিৰৰ হস্তক্ষেপ। ইয়াৰ দ্বাৰা কোন লাভান্বিত হয়। নিশ্চয় শাসক দল নহয়! ভাৰতৰ বাহিৰেও আন দেশতো ‘ভোটাৰ টাৰ্ণআউট’ৰ পুঁজি হ্ৰাস কৰা হৈছে।

 

ইয়াৰোপৰি বাংলাদেশক প্ৰদান কৰ অহা ২৯ মিলিয়ন ডলাৰৰ অনুদান কৰ্তন কৰা হৈছে। ইলন মাস্কৰ চৰকাৰী দক্ষতা বিভাগে বিদেশী সাহায্যৰ পুঁজিৰ পৰা ৭২৩ মিলিয়ন ডলাৰ কৰ্তনৰ কথা ঘোষণা কৰিছে। বিদেশী পুঁজি বাতিল বা হ্ৰাস কৰাৰ লক্ষ্য হৈছে আমেৰিকাৰ চৰকাৰৰ খৰচ হ্ৰাস কৰা। ট্ৰাম্পৰ হাতলৈ শাসন অহাৰ পাছৰে পৰা চৰকাৰী ব্যয়ত ডাঙৰ পৰিবৰ্তন দেখা গৈছে, শেহতীয়াকৈ এই সন্দৰ্ভত DOGE য়ে তথ্য দাখিল কৰিছিল।

উল্লেখ্য যে, শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। এই সময়চোৱাত মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ লগতে ইলন মাস্ককো সাক্ষাৎ কৰিছিল। মাস্কৰ সৈতে হোৱা সাক্ষাতৰ সময়ত দুয়োয়ে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। মোদী আৰু মাস্কে ভাৰত-আমেৰিকাৰ প্ৰতিষ্ঠানসমূহৰ মাজত উদ্ভাৱন, মহাকাশ, কৃত্ৰিম বুদ্ধিমত্তা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ সময়ত ড’জেৰ মুৰব্বী মাস্কৰ সৈতে তেওঁৰ তিনিটা সন্তানো উপস্থিত আছিল।

উল্লেখ কৰা প্ৰয়োজন যে, কেৱল এয়াই নহয় অন্য দিশৰ ওপৰতো আমেৰিকাই ভাৰতৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমেৰিকাত অবৈধভাৱে বাস কৰি থকা শ শলোকক ভাৰতলৈ উভতাই পঠিয়াইছে আমেৰিকাই। তথ্য অনুসৰি প্ৰায় আমেৰিকাত লাখ লাখ ভাৰতীয়ৰ লগতে অন্য দেশৰ নাগৰিকে অবৈধভাৱে বাস কৰি আছে। এই সকলো নাগৰিকক দেশখনে স্বদেশলৈ উভতাই পঠিওৱাৰ ব্যৱস্থা কৰিছে।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?