শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বন্ধুত্বত আঘাত! ভাৰতীয় বহুকেইটা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ…

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড'নাল্ড ট্ৰাম্পে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ কেইবাটাও কোম্পানীত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই।

বন্ধুত্বত আঘাত! ভাৰতীয় বহুকেইটা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ…
ড'নাল্ড ট্ৰাম্পImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 25 Feb 2025 09:28 AM

এটাৰ পাছত আনটো হঠকাৰী সিদ্ধান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ইৰানক দুৰ্বল কৰাৰ বাবে দেশখনৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰিছে আমেৰিকাই , যাৰ বাবে ইৰানৰ সৈতে কাম কৰা কেইবাটাও বিদেশী কোম্পানী ইয়াৰ লক্ষ্য হৈ পৰিছে। ইৰাণৰ পেট্ৰ’লিয়াম আৰু পেট্ৰ’কেমিকেল উদ্যোগৰ সৈতে সম্পৰ্ক হ্ৰাস কৰাৰ বাবে সোমবাৰে আমেৰিকাই ভাৰতৰ চাৰিটা কোম্পানীকে ধৰি মুঠ ১৬টা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।

আমেৰিকাৰ বিত্ত বিভাগে জাৰি কৰা তথ্য অনুসৰি নিষিদ্ধ ভাৰতীয় কোম্পানী কেইটা হ’ল অষ্টিনশ্বিপ মেনেজমেণ্ট প্ৰাইভেট লিমিটেড, বি এছ এম মেৰিন এল এল পি, কচমছ লাইনছ ইনক আৰু ফ্লাক্স মেৰিটাইম এল এল পি। অৱশ্যে এই নিষেধাজ্ঞা সন্দৰ্ভত এতিয়ালৈকে ভাৰত চৰকাৰে কোনো বিবৃতি প্ৰকাশ কৰা নাই। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ ইৰান আৰু আমেৰিকা দুয়োখন দেশৰ সৈতে সম্পৰ্ক ভাল।

আমেৰিকাই কি ক’লে

আমেৰিকাৰ তৰফৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে যে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ইৰাণৰ পেট্ৰ’লিয়াম আৰু পেট্ৰ’কেমিকেল উদ্যোগৰ সৈতে সম্পৰ্ক থকাৰ বাবে ১৬টা কোম্পানী চিনাক্ত কৰি তেওঁলোকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। বিদেশ বিভাগে বিদেশী সম্পত্তি নিয়ন্ত্ৰণ কাৰ্যালয় ((OFAC)ৰ সহযোগত ২২ জন ব্যক্তিৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰিছে। লগতে ইৰানৰ তেল উদ্যোগৰ সৈতে সম্পৰ্ক থকাৰ বাবে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ ১৩খন জাহাজক নিষিদ্ধ সম্পত্তি হিচাপে নিৰ্ধাৰণ কৰিছে।

বিবৃতিটোত আমেৰিকাই কৈছে যে, এই অবৈধ জাহাজ নেটৱৰ্কে এছিয়াত ক্ৰেতাক বিক্ৰীৰ বাবে ইৰাণৰ তেল লোড কৰাৰ ক্ষেত্ৰত নিজৰ ভূমিকা লুকুৱাই ৰাখে আৰু প্ৰতাৰণা কৰে। ইৰাণৰ শাসন ব্যৱস্থাৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এয়া প্ৰথম পদক্ষেপ। ইয়াৰ ফলত ইৰাণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে তেলৰ ৰাজহ সংগ্ৰহৰ প্ৰচেষ্টাত বাধা আহিব। লগতে আমেৰিকাই কয় যে,আমি এনেকৈ ইৰানৰ ক্ষতিকাৰক কাৰ্যকালাপসমূহ ৰোধ কৰাৰ চেষ্টা কৰিম।

ভাৰত-আমেৰিকাৰ ভাল সম্পৰ্কৰ কথা সকলোৱে জানে। কিন্তু ট্ৰাম্পৰ হাতলৈ শাসন যোৱাৰ পাছতেই যে পৰিস্থিতি বহু পৰিমাণে সলনি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাল বন্ধু তথা আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা কেইটামান দিনত ভাৰতৰ বিৰুদ্ধে এনে কিছুমান মন্তব্য কৰি আহিছে যিয়ে বহু প্ৰশ্নৰ অৱকাশ আনে। শেহতীয়াকৈ আমেৰিকাই ভাৰতক প্ৰদান কৰা ২১ মিলিয়ন ডলাৰৰ আৰ্থিক সাহাৰ্যৰ পুঁজি বন্ধ কৰিছিল। ইয়াৰ লগতে ইলন মাস্কে ভাৰতত  ব্যৱসায় আৰম্ভ কৰাকলৈও ট্ৰাম্পে অসন্তুষ্টি প্ৰকাশ কৰিছিল।

 

অন্য খবৰ পঢ়কঃ ক্ষোভিত ট্ৰাম্প! ভাৰত আগবাঢ়িছে ডি-ডলাৰাইজেশ্যনৰ পিনে, আহিব ডলাৰৰ বিকল্প মুদ্ৰা…