বাণিজ্যিক চুক্তিৰ পৰা বাংলাদেশলৈ… দ্বিপাক্ষিক বৈঠকত কি কি আলোচনা হ’ল মোদী-ট্ৰাম্পৰ মাজত?
বৃহস্পতিবাৰে অ’ভাল অফিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত এখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক পুনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়। বাংলাদেশ সন্দৰ্ভত ট্ৰাম্পে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ খবৰ ল’ব।

বৃহস্পতিবাৰে অ’ভাল অফিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত অনুষ্ঠিত হয় দ্বিপাক্ষিক বৈঠক। ইয়াৰ মাজতে দুয়োগৰাকী নেতাই বাণিজ্যিক সম্পৰ্ক, অবৈধ অনুপ্ৰৱেশকাৰীকে ধৰি বহু বিষয়ৰ ওপৰত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীক বন্ধু বুলি অভিহিত কৰে ড’নাল্ড ট্ৰাম্প। ইফালে ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাত ট্ৰাম্পক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। বিশদ আলোচনাৰ পূৰ্বে দুয়োগৰাকী নেতাই এখন সংবাদমেল অনুষ্ঠিত কৰি বহু বিষয়ত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিয়ে। সেই সময়ত দুয়োগৰাকী নেতাৰ মাজত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতবাসীৰ হৈ আপোনাক ধন্যবাদ জনাইছো। মোক তৃতীয়বাৰৰ বাবে ভাৰতত চৰকাৰ চলোৱাৰ জনাদেশ দিয়া হৈছে। আমি সমান শক্তি আৰু উৎসাহেৰে একেলগে কাম কৰিম। প্ৰধানমন্ত্ৰী মোদীক নিজৰ ‘বন্ধু’ বুলি অভিহিত কৰে ট্ৰাম্পে। তেওঁ কয় যে ভাৰতে তেল আৰু গেছ ক্ৰয় কৰিব।
ইয়াৰ মাজতে বাংলাদেশ সন্দৰ্ভত টিভি9য়ে কৰা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে বাংলাদেশৰ খবৰ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে। যিদৰে তেওঁ পূৰ্বেও এই প্ৰক্ৰিয়া অব্যহত ৰাখিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকৰ সময়ত ২০১৯ চনত অনুষ্ঠিত হাউডী মোদীৰ কাৰ্যসূচী আৰু তেওঁৰ আহমেদাবাদ ভ্ৰমণৰ কথা মনত পেলাই। সেই ভ্ৰমণক বিশেষ বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে ভাৰতত তেওঁক উষ্ম আদৰণি জনোৱা হৈছিল। তেওঁ মোদী সৈতে পুৰণি অভিজ্ঞতা শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছত ট্ৰাম্পে কয় যে এতিয়া এক অদ্ভুদ ধৰণৰ বাণিজ্যিক চুক্তি হ’বলৈ গৈ আছে। এই সময়ত ট্ৰাম্পে কয় যে তেওঁ ভাৰতলৈ তেল আৰু গেছ ৰপ্তানি কৰিব। লগতে ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কয় যে আপোনাক হোৱাইট হাউছত পুনৰ দেখা পাই ভাল লাগিল। ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ট্ৰাম্পে মোক পুৰণি বন্ধুৰ দৰে আদৰণি জনাইছে। তেওঁ মোক নমস্তে ট্ৰাম্প আৰু হাউডী মোদীৰ কথা মনত পেলাই দিলে।
আমি সকলো শান্তিৰ পদক্ষেপৰ সমৰ্থক- প্ৰধানমন্ত্ৰী মোদী
ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত নিৰপেক্ষ নহয়। ভাৰত শান্তিৰ পক্ষত। এয়া যুদ্ধৰ যুগ নহয়। ইয়াৰ সমাধান যুদ্ধক্ষেত্ৰত বিচাৰি পোৱা নাযায়। আমি সকলোৱে শান্তিৰ সকলো পদক্ষেপক সমৰ্থন কৰোঁ। যুদ্ধৰ অন্ত পেলোৱাৰ বাবে ট্ৰাম্পৰ পদক্ষেপক আমি সমৰ্থন কৰোঁ।
আমি সকলোকে পৰাস্ত কৰিব পাৰো-ট্ৰাম্প
টেৰিফ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক সোধা হৈছিল যে যদি আপুনি ভাৰতৰ প্ৰতি কঠোৰ স্থিতি লয় , তেন্তে চীনক কেনেকৈ পৰাস্ত কৰিব পাৰিব? ট্ৰাম্পে কয় যে, আমি সকলোকে পৰাস্ত কৰিব পাৰো কিন্তু আমি কাকো পৰাস্ত কৰাৰ কথা নাভাবো, আমি ভাল কাম কৰি আছিলো, কিন্তু আমাক ৰখাই দিয়া হ’ল।