তৃতীয় লিংগক অমান্য, বাইডেনৰ ৭৮ সিদ্ধান্ত বাতিলঃ আমেৰিকাত আৰম্ভ ট্ৰাম্প শাসন
Donald trump: আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ড'নাল্ড ট্ৰাম্পে। শপত গ্ৰহণৰ পাছতে ট্ৰাম্পে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। তৃতীয় লিংগৰ ধাৰণাক অমান্য কৰে ট্ৰাম্পে।
আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ২০ জানুৱাৰীত শপত গ্ৰহণ কৰে ড’নাল্ড ট্ৰাম্পে। শপত গ্ৰহণৰ পাছতেই ট্ৰাম্পে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আৰু কয় যে পুনৰ আমেৰিকাত আৰম্ভ হ’ল স্বৰ্ণ যুগ। ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে তৃতীয় লিংগ সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। ট্ৰাম্পে কয় যে, আজিৰ পৰা আমেৰিকাৰ চৰকাৰৰ বাবে কেৱল দুটা লিংগয়ে আছে, সেয়া হ’ল পুৰুষ আৰু মহিলা। অৰ্থাৎ এতিয়াৰ পৰা আমেৰিকাত তৃতীয় লিংগৰ লোকে কোনো বিশেষ সুবিধা লাভ নকৰিব। এই সন্দৰ্ভত ট্ৰাম্পে কাৰ্যকৰী নিৰ্দেশত স্বাক্ষৰ কৰিব বুলি জনায়।
ট্ৰাম্পে কয় যে, মই চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিটো দিশতে জাতি আৰু লিংগক সামাজিকভাৱে একত্ৰিত কৰাৰ চৰকাৰী নীতিৰ অন্ত কৰিম। আমি এনে এখন সমাজ সৃষ্টি কৰিম যিখন যোগ্যতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিব। এই সপ্তাহত অন্যায়ভাৱে বহিষ্কাৰ কৰা সকলো সেৱা সদস্যক পুনৰ নিযুক্তি দিম।
বাইডেনৰ ৭৮ টা সিদ্ধান্ত বাতিল
ইয়াৰোপৰি ট্ৰাম্পে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেনে গ্ৰহণ কৰা ৭৮ টা সিদ্ধান্ত বাতিল কৰে। শপত গ্ৰহণৰ পাছতে ট্ৰাম্পে দেশক সম্বোধিত কৰে আৰু অবেল অফিচত উপস্থিত হয়। ট্ৰাম্পে কেইবাটাও কাৰ্যকৰী আদেশত স্বাক্ষৰ কৰে। এই সময়চোৱাত তেওঁ বাইডেনে গ্ৰহণ কৰা প্ৰায় ৭৮ টা সিদ্ধান্ত বাতিল কৰে। আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ সদস্যতা পদ ত্যাগ কৰে। কৰোনা ভাইৰাছ সমগ্ৰ বিশ্বত বিয়পাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাত বিফল হোৱাৰ বাবে ট্ৰাম্পে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়।
ঔষধৰ মূল্য হ্ৰাসৰ নিৰ্দেশো সলনি কৰে ট্ৰাম্পে। ইয়াৰোপৰি ট্ৰাম্পে গালফ অৱ মেক্সিকোৰ নাম সলনি কৰি গালফ অৱ আমেৰিকালৈ সলনি কৰা আদেশত স্বাক্ষৰ প্ৰদান কৰে। লগতে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰা অনুসৰি ২০২১ চনৰ ৬ জানুৱাৰীত কেপিটেল হিলত সংঘটিত আক্ৰমণৰ ১৫০০ লোকক ক্ষমা প্ৰদান কৰে। ট্ৰাম্পে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চৰকাৰী কৰ্মচাৰীৰ ৱাৰ্ক ফৰ্ম হোম বাতিল কৰে।
এতিয়ালৈকে কোনে কিমান স্বাক্ষৰ কৰিছে
জানিব পৰা মতে, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ে প্ৰেচিডেন্সি প্ৰজেক্টৰ অধীনত কাৰ্যবাহী তথ্য সংগ্ৰহ কৰিছে। সেই অনুসৰি আমেৰিকাৰ ইতিহাসত কেইবা হাজাৰ কাৰ্যকৰী আদেশ আছে। আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনে তেওঁৰ কাৰ্যকালত ৮টা কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ বিপৰীতে ৩২ সংখ্যক ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডেলানো ৰুজভেল্টে ৩,৭২১টা কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে। ইয়াৰোপৰি প্ৰথম কাৰ্যকালৰ সময়ত ট্ৰাম্পে ২০০ টা কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিছিল আৰু বাইডেনে ১৬০ টা কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিছিল।