ট্ৰাম্প, বয়স বৃদ্ধি নে দুৰ্বল স্মৃতিশক্তি? কি কাৰণে ৰাষ্ট্ৰপতি দৌৰৰ পৰা বাহিৰ হ’ল জ’ বাইডেন…

শেহতীয়াকৈ নাটোৰ সন্মিলনৰ সময়ত তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক পুটিন বুলি সম্বোধন কৰিছিল। আনকি তেওঁ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ নাম পাহৰি  ট্ৰাম্প বুলি সম্বোধন কৰিছিল

ট্ৰাম্প, বয়স বৃদ্ধি নে দুৰ্বল স্মৃতিশক্তি? কি কাৰণে ৰাষ্ট্ৰপতি দৌৰৰ পৰা বাহিৰ হল জ বাইডেন...

জ বাইডেন, ট্ৰাম্প

Published: 

22 Jul 2024 08:30 AM

বেচ আকৰ্ষণীয় হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। নিৰ্বাচনী যুঁজৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে ৰাষ্ট্ৰপতি জ’ বাইডেনে। নিজেই এই কথা ঘোষণা কৰি কয় যে, তেওঁ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্বৰ বাবে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ নামক সমৰ্থন কৰে।  এখন পত্ৰৰ জৰিয়তে জ’ বাইডেনে নিজৰ নাম প্ৰত্যাহাৰ কৰে। আজিৰ পৰা প্ৰায় কিছুদিন আগতে জ’ বাইডেন কৰোনাত আক্ৰান্ত হৈছিল। তাৰ পাছতে হোৱাইট হাউচে কৈছিল যে বাইডেনে আইছলেশ্যনত থাকি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কিন্তু দেওবাৰে এক পত্ৰৰ জৰিয়তে বাইডেনে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে।

হোৱাইট হাউচ আৰু তেওঁৰ দলৰ সহযোগীসকলৰ হেঁচাত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে বাইডেনে। ৮১ বছৰীয়া জ’ বাইডেন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয় লাভ কৰাত সক্ষম হ’ব নে নহয় বুলি বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈছিল। তেওঁৰ স্বাস্থ্য আৰু বয়স বৃদ্ধিৰ বাবে চিন্তাত আছিল দলটো। শেহতীয়াকৈ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু প্ৰাক্তন অধ্যক্ষ নেন্সি পেলোচিয়েৰ সমৰ্থন হ্ৰাস পোৱাক লৈও উদ্বেগ বাঢ়িছিল। গতিকে ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত কেইবাটাও কাৰণ আছে।

বাইডেনক লৈ ডেম’ক্ৰেটিক পাৰ্টিত অন্তৰ্কন্দলে দেখা  দিছিল। বিভিন্নজনে তেওঁক নাম প্ৰত্যাহাৰ কৰিবলৈ আহ্বানো জনাইছিল। আনকি জনতাৰ ফালৰ পৰাও বাইডেন যথেষ্ঠ সমালোচনাৰ সন্মুখীন হৈছিল।

ড’নাল্ড ট্ৰাম্পৰ ওপৰত আক্ৰমণৰ পিছত বাইডেনৰ জনপ্ৰিয়তা কিছু হ্ৰাস পাইছে। একাংশৰ মতে আক্ৰমণৰ বাবেই আমেৰিকাত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ সমৰ্থন বৃদ্ধি পাইছে। ট্ৰাম্পৰ সমৰ্থকসকলে ইয়াক হত্যাৰ চেষ্টা বুলি গণ্য কৰিছে আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত পৰাৰ সম্ভাৱণা আছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বয়স বৃদ্ধি আৰু দুৰ্বল স্মৃতিশক্তিক লৈ অহৰহ প্ৰশ্ন উত্থাপন হৈ আহিছে। তেওঁক কেইবাবাৰো উজুটি খাই পৰা দেখা গৈছিল, যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছিল। ইয়াৰোপৰি শেহতীয়াকৈ নাটোৰ সন্মিলনৰ সময়ত তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক পুটিন বুলি সম্বোধন কৰিছিল। আনকি তেওঁ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ নাম পাহৰি  ট্ৰাম্প বুলি সম্বোধন কৰিছিল।  যাৰ বাবে এইবাোৰ দলটোৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছিল।

 

 

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰপতি তৰ্ক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যোৱা মাহত ড’নাল্ড ট্ৰাম্প আৰু জো বাইডেনৰ মাজত প্ৰথমখন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তৰ্ক হৈছিল। এই সময়ত বাইডেনে কথা কওঁতে কিছু অসুবিধাৰ সন্মুখীন হৈছিল। আনহাতে ডনাল্ড ট্ৰাম্পে বাইডেনৰ স্বাস্থ্যৰ ওপৰত আক্ৰমণ কৰি তেওঁক ‘বুঢ়া’ বুলি অভিহিত কৰিছিল।  গতিকে এনেবোৰ কাৰণতে ৰাষ্ট্ৰপতি দৌৰৰ পৰা বাহিৰ হয় জ’ বাইডেন।

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?