আমেৰিকাই ভাৰতক ঘূৰাই দিলে ৪০০০ বছৰ পুৰণি ১৪০০ টা মূৰ্তি

আমেৰিকাই ভাৰতক ঘূৰাই দিলে বহু বছৰ আগতে দুষ্টচক্ৰই সৰবৰাহ কৰা প্ৰাচীন মূৰ্তি। মানহাটান জিলা অধিবক্তা এলভিন এল ব্ৰেগে কয় যে, আমি ভাৰতীয় সাংস্কৃতিক ঐতিহ্যক লক্ষ্য কৰি বিভিন্ন সৰবৰাহৰ নেটৱৰ্কৰ তদন্ত অব্যাহত ৰাখিম।

আমেৰিকাই ভাৰতক ঘূৰাই দিলে ৪০০০ বছৰ পুৰণি ১৪০০ টা মূৰ্তি

প্ৰাচীন মূৰ্তি

Published: 

17 Nov 2024 12:52 PM

আমাৰ দেশত বহু প্ৰাচীন মূৰ্তি আছে। ইয়াৰে কিছুমান এতিয়াও ভাৰতত উপলব্ধ আছে যদিও কিছুমান বিভিন্ন দুষ্টচক্ৰই চুৰি কৰি নি বিদেশত কোটি কোটি টকাত বিক্ৰী কৰিছিল। এনে কিছুমান মূৰ্তি আমেৰিকাত আছে যিসমূহ নিউয়ৰ্ক সংগ্ৰাহলয়ত ৰখা হৈছে। শেহতীয়াকৈ আমেৰিকাই দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ পৰা চুৰি হোৱা শিল্পকৰ্মসমূহ ঘূৰাই দিবৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অধীনত দেশৰ বিভিন্ন অঞ্চলৰ পৰা চুৰি হোৱা ১ কোটি ডলাৰ (৮৪ কোটি) মূল্যৰ ১৪০০ৰো অধিক লুণ্ঠন কৰা শিল্পকৰ্ম ভাৰতলৈ ঘূৰাই দিয়া হৈছে।

সংবাদ মাধ্যমত প্ৰকাশিক খবৰ অনুসৰি আমেৰিকাৰ নিউয়ৰ্কৰ মানহাটান জিলা এটৰ্নীৰ কাৰ্যালয়ৰ পৰা বুধবাৰে ভাৰতলৈ বহু বছৰ পূৰ্বে চুৰি হোৱা এই সামগ্ৰীসমূহ ঘূৰাই পঠিওৱা হয়। উদ্ধাৰ হোৱা শিল্পকৰ্মৰ ভিতৰত এনে বহু বস্তু আছে যিবোৰ শেহতীয়াকৈ নিউয়ৰ্কৰ মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টত প্ৰদৰ্শিত কৰা হৈছিল। এই মূৰ্তি বা প্ৰাচীন কলা সমূহৰ ভিতৰত এটা ঐশ্বৰিক নৃত্যশিল্পীৰ শিলৰ মূৰ্তি আছে যিটো মধ্য ভাৰতৰ পৰা সৰবৰাহ কৰি লণ্ডনলৈ নিয়া হৈছিল।

আমেৰিকাই ভাৰতলৈ ঘূৰাই পঠিওৱা প্ৰাচীন সামগ্ৰী সমূহৰ ভিতৰত আছে ১৯৮০ ৰ দশকত মধ্যপ্ৰদেশৰ এটা মন্দিৰৰ পৰা চুৰি কৰি লণ্ডনলৈ নিয়া বলুৱা শিলৰ দেৱী নৰ্তকী। এই মূৰ্তি যাতে ভালদৰে সৰবৰাহ কৰিব পাৰে তাৰ বাবে চোৰে এই মূৰ্তিটো সৰবৰাহ কৰিবলৈ দুটা ভাগত ভাগ কৰি লৈছিল। পাছত এই মূৰ্তি জোডকৰ সংগ্ৰাহলায়ত দান কৰি দিয়া হৈছিল। ইয়াৰ লগতে ১৯৬০ চনত ৰাজস্থানৰ তনেসৰা মহাদেৱ গাঁৱৰ পৰা চুৰি কৰি নিয়া সেউজীয়া-বাদামী ৰঙৰ তনেছাৰ দেৱীৰ মূৰ্তিটোও ভাৰতলৈ ঘূৰাই অনা হৈছে।

উল্লেখ্য যে, অবৈধ ব্যৱসায় বন্ধ কৰা আৰু চুৰি হোৱা প্ৰাচীন সামগ্ৰী ভাৰতলৈ ঘূৰাই অনাৰ বাবে চলিত বৰ্ষৰ জুলাই মাহত ভাৰত আৰু আমেৰিকাই এক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। যোৱা ছেপ্টেম্বৰ মাহত আমেৰিকাই ভাৰতলৈ ২৯৭টা চুৰি প্ৰাচীন সামগ্ৰী ঘূৰাই পঠিয়াইছিল। এই মূৰ্তিসমূহ প্ৰায় ৪০০০ বছৰ পুৰণি।

মানহাটান জিলা অধিবক্তা এলভিন এল ব্ৰেগে কয় যে, আমি ভাৰতীয় সাংস্কৃতিক ঐতিহ্যক লক্ষ্য কৰি বিভিন্ন সৰবৰাহৰ নেটৱৰ্কৰ তদন্ত অব্যাহত ৰাখিম। বিবৃতিটোত কোৱা হৈছে যে ব্ৰেগৰ কাৰ্যকালত জিলা এটৰ্নীৰ প্ৰাচীন সামগ্ৰী সৰবৰাহ ইউনিটে ৩০খনতকৈও অধিক দেশৰ পৰা ২১০০ৰো অধিক চুৰি প্ৰাচীন সামগ্ৰী উদ্ধাৰ কৰে, যাৰ মূল্য প্ৰায় ২৩ কোটি মাৰ্কিন ডলাৰ।

 

সপ্তাহৰ এই ৩টা দিনত গৰুক খুওৱাক ৰুটি, পাব আচৰিত ফলাফল!
১৪ বছৰৰ বনবাসৰ সময়ত কিয় এখন শাড়ীয়ে পিন্ধি আছিল মা সীতাই?
মানুহৰ তেজৰ সোৱাদ নিমখীয়া কিয়?
দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!