যুদ্ধ নকৰাকৈ পাকিস্তান আৰু বাংলাদেশক ডাঙৰ আঘাত ভাৰতৰ…

মাত্ৰ ৪৮ ঘন্টা! পাকিস্তান আৰু বাংলাদেশে ভাৰতৰ পৰা পালে ডাঙৰ আঘাত। অৱশ্যে এয়া কোনো যুদ্ধৰ জৰিয়তে নহয়। আমেৰিকা আৰু নেডাৰলেণ্ডৰ জৰিয়তে প্ৰেৰণ কৰিছে বিশেষ বাৰ্তা।

যুদ্ধ নকৰাকৈ পাকিস্তান আৰু বাংলাদেশক ডাঙৰ আঘাত ভাৰতৰ...

বাংলাদেশ-পাকিস্তান

Published: 

19 Mar 2025 15:08 PM

যোৱা ৪৮ ঘন্টা পাকিস্তান আৰু বাংলাদেশৰ বাবে সহজ নাছিল। প্ৰথমে বাংলাদেশ আৰু পাছত পাকিস্তানক ডাঙৰ আঘাত হানে ভাৰতে। অৱশ্যে কোনো যুদ্ধৰ জৰিয়তে এই আঘাত ভাৰতে কৰা নাই। কূটনৈতিক শক্তিৰ জৰিয়তে ভাৰতে লক্ষ্য কৰি লৈছে পাকিস্তান আৰু বাংলাদেশক। দৰাচলতে, প্ৰথমে ভাৰতে আমেৰিকাৰ জৰিয়তে বাংলাদেশলৈ আৰু পাছত নেডাৰলেণ্ডৰ জৰিয়তে পাকিস্তানলৈ বাৰ্তা প্ৰেৰণ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলসী গাবাৰ্ডে ভাৰতৰ মাটিৰ পৰা বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। গাৱাৰ্ডৰ এই মন্তব্যৰ পাছতেই এতিয়া চিন্তাত পৰিছে বাংলাদেশ।

ইয়াৰ বিপৰীতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত ভ্ৰমণত ব্যস্ত থকানেদাৰলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰুবেন বাৰ্কেলমেন্সক কয় যে তেওঁলোকে (নেদাৰলেণ্ড) পাকিস্তানক অস্ত্ৰ যোগান বন্ধ কৰিব লাগে। যদি নেদাৰলেণ্ডে ৰাজনাথ সিঙৰ এই আহ্বান মানি লয় তেন্তে চুবুৰীয়া ৰাষ্ট্ৰখন ডাঙৰ সংকটৰ সন্মুখীন হ’ব পাৰে।

তুলসী গাবাৰ্ডে কি কয়

ভাৰত ভ্ৰমণলৈ অহা তুলসী গাবাৰ্ডে এক সাক্ষাৎকাৰত কয় যে হিন্দু, বৌদ্ধ, খ্ৰীষ্টান আদি ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত দীৰ্ঘদিন ধৰি অত্যাচাৰ চলি আহিছে। এই সংখ্যালঘুসকলৰ বিৰুদ্ধে চলি অহা নিৰ্যাতন, হিংসা, হত্যাৰ আদিৰ বাবে আমেৰিকা চৰকাৰ, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু প্ৰশাসন চিন্তিত হৈ পৰিছে।

বাংলাদেশে ধৰ্মীয় সংখ্যালঘুসকলক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি গাবাৰ্ডে কয় যে ইছলামিক সন্ত্ৰাসবাদীৰ পৰা অহা ভাবুকি ইছলামিক খিলাফতেৰে দেশখন শাসন কৰাৰ মতাদৰ্শ আৰু লক্ষ্যত নিহিত হৈ আছে।

ইয়াৰ বিপৰীত তুলসী গাবাৰ্ডৰ এই মন্তব্যক বাংলাদেশে ভিত্তিহীন বুলি অভিহিত কৰে। মুখ্য অধিবক্তাৰ কাৰ্যালয়ে কয় যে, গাবাৰ্ডৰ মন্তব্যই সমগ্ৰ দেশৰ ভুল ভাবমূৰ্তি দাঙি ধৰিছে। ভাৰতীয় টিভি চেনেলটোত গাবাৰ্ডৰ এই বক্তব্যই বাংলাদেশৰ ভাবমূৰ্তি আৰু সুনাম কলংকিত কৰি তুলিছে বুলি তেওঁলোকে কয়।

নেদাৰলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে নেদাৰলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰুবেন বাৰ্কেলমেন্সক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়তে ৰাজনাথ সিঙে অনুৰোধ জনাই যে নেদাৰলেণ্ডৰ কোম্পানীসমূহে যাতে পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ, মঞ্চ বা প্ৰযুক্তি যোগান নধৰে।

বৈঠকৰ সময়ত ৰাজনাথ সিঙে দশক দশক ধৰি পাকিস্তানত চলি থকা সন্ত্ৰাসবাদক লৈ উদ্বেগ প্ৰকাশ কৰে। সিঙে কয় যে, পাকিস্তানৰ এনে কাৰ্যকালাপৰ বাবে ভাৰতে বহু হেৰুৱাইছে। তেওঁ বাৰ্কেলমেন্সক আহ্বান জনায় যে নেদাৰলেণ্ডৰ কোম্পানীসমূহে যাতে পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ, প্লেটফৰ্ম বা প্ৰযুক্তি প্ৰদান নকৰে। সিঙৰ মতে, পাকিস্তানক প্ৰযুক্তি যোগান ধৰাতো শান্তি আৰু স্থিতিশীলতাৰ বাবে ক্ষতিকাৰক।

উল্লেখ্য যে, এই দুই নেতাৰ ঘটনাৰাজিয়ে বিশ্বৰ ৰাজনীতিত এক বিশেষ স্থান বহন কৰিছে। ইয়াৰোপৰি এয়াই প্ৰথম নহয়, আমেৰিকাই ইয়াৰ পূৰ্বেও বাংলাদেশত চলা সংখ্যালঘুৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছিল। আনকি ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তো এই বিষয়টোৱে স্থান লাভ কৰিছিল। গতিকে পৰৱৰ্তী সময়ত আমেৰিকাই কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষণীয়। ইয়াৰ বিপৰীতে নেদাৰলেণ্ডে যদি ভাৰতৰ আহ্বান মানি লয় তেন্তে আহিবলগীয়া সময় পাকিস্তানৰ বাবে বিশেষ ভাল নহ’ব।

গৰমৰ দিনত দৈনিক কেঁচা পিয়াঁজ খালে কি হয় জানেনে?
কোনখন ধৰ্মগ্ৰন্থ আৰু কোনজন ভগৱানৰ মূৰ্তি লৈ সুনীতা মহাকাশত গৈছিল
৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা