শ্বেখ হাছিনাৰ ঘৰত প্ৰৱেশ কৰি কি কি কৰিলে প্ৰতিবাদকাৰীয়ে ? চাওক | angladesh protests : Sheikh Hasina Ganabhawan captured by people Assam news - Assam Tv9

শ্বেখ হাছিনাৰ ঘৰত প্ৰৱেশ কৰি কি কি কৰিলে প্ৰতিবাদকাৰীয়ে ? ফটো চাওক…

Published: 

05 Aug 2024 19:12 PM

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পাছতে প্ৰধানমন্ত্ৰী বাসগৃহ ‘গণভৱন’দখল কৰে প্ৰতিবাদকাৰীয়ে । দেশখনৰ আটাইতকৈ সুৰক্ষিত বাসগৃহ ! এই গৃহটোৰ পৰা পৰিচালিত হয় বাংলাদেশ । কিন্তু ‘গণভৱন’নামেৰে পৰিচিত এই গৃহতে প্ৰতিবাদকাৰীৰ বিজয় উল্লাস । প্ৰতিবাদকাৰী প্ৰৱেশ কৰাৰ পাছতে শ্লোগানেৰে উত্তাল হৈ পৰে প্ৰধানমন্ত্ৰীৰ বাসগৃহ। ইয়াৰ মাজতে একাংশই গৃহটোৰ সম্পত্তি লুটপাত আৰম্ভ কৰে ।

1 / 8বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পাছতে প্ৰধানমন্ত্ৰী বাসগৃহ ‘গণভৱন’দখল কৰে প্ৰতিবাদকাৰীয়ে ।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পাছতে প্ৰধানমন্ত্ৰী বাসগৃহ ‘গণভৱন’দখল কৰে প্ৰতিবাদকাৰীয়ে ।

2 / 8

দেশখনৰ আটাইতকৈ সুৰক্ষিত বাসগৃহ ! এই গৃহটোৰ পৰা পৰিচালিত হয় বাংলাদেশ । কিন্তু ‘গণভৱন’নামেৰে পৰিচিত এই গৃহতে প্ৰতিবাদকাৰীৰ বিজয় উল্লাস ।

3 / 8

প্ৰতিবাদকাৰী প্ৰৱেশ কৰাৰ পাছতে শ্লোগানেৰে উত্তাল হৈ পৰে প্ৰধানমন্ত্ৰীৰ বাসগৃহ। ইয়াৰ মাজতে একাংশই গৃহটোত লুটপাত আৰম্ভ কৰে ।

4 / 8

একাংশ প্ৰতিবাদকাৰীয়ে পাকঘৰৰ ফ্ৰীজত থোৱা মাছ-মাংসৰ লগতে অন্যান্য খাদ্য ভোজন কৰে আৰু নোখোৱা খিনি লৈ যায় ।

5 / 8

সম্পত্তি লুটপাত কৰাৰ উপৰিও চুইমিং পুলতো প্ৰতিবাদকাৰীৰ বিজয় উল্লাস । হাজাৰ হাজাৰ লোকে চুইমিং পুলত গা ধুই আনন্দ লোৱাৰ দেখা যায় ।

6 / 8

প্ৰতিবাদকাৰীৰ মাজৰে কোনোৱে ৰিক্সা লৈ প্ৰৱেশ কৰে গণভৱনত ।

7 / 8

বৰ্তমানে অতি ভয়াৱহ দেশখনৰ পৰিস্থিতি । দেশখনৰ বিভিন্ন ঠাইত এতিয়াও হিংসাত্মাক কাৰ্য-কলাপ সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে । ইয়াৰ মাজতে শান্তি-শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ কৰিছে সেনাই ।

8 / 8

উল্লেখ্য যে, শ্বেখ হাছিনাৰ পদত্যাগৰ পাছত দেশখন পৰিচালনাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’ব বুলি ঘোষণা কৰিছে সেনাই ।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!