আৰকান সেনাৰ দখলত ৰাখাইন! বাংলাদেশলৈ পলায়ন প্ৰায় ৬০,০০০ ৰোহিংগীয়া মুছলমানৰ
পুনৰ হাজাৰ হাজাৰ ৰোহিংগীয়া মুছলমানে প্ৰৱেশ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত। আৰকান সেনাই ৰাখাইন অঞ্চল দখল কৰাৰ পাছতেই প্ৰায় ৬০,০০০ ৰোহিংগীয়া বাংলাদেশলৈ আহিছে। বৰ্তমান দেশখনত প্ৰায় ১২ লাখ ৰোহিংগীয়া শৰণ লৈ আছে।
ম্যানমাৰৰ জন্টা সামৰিক চৰকাৰ আৰু বিদ্ৰোহী আৰাকান সেনাৰ মাজত হোৱা সংঘাতৰ ফলত পুনৰ হাজাৰ হাজাৰ ৰোহিংগীয়া মুছলমানলোকে দেশ এৰি পলায়ন কৰিছে। বাংলাদেশৰ বিভাগীয় কৰ্তৃপক্ষই দেওবাৰে জনাই যে, ম্যানমাৰত হৈ থকা সংঘৰ্ষৰ ফলত যোৱা ২ মাহত প্ৰায় ৬০,০০০ ৰোহিংগীয়া মুছলমান বাংলাদেশত প্ৰৱেশ কৰিছে। বৰ্তমান সময়ত বাংলাদেশৰ কাক্স বজাৰ জিলাত প্ৰায় ১২ লাখ ৰোহিংগীয়া মুছলমানে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰতে গৰিষ্ঠ সংখ্যক ৰোহিংগীয়া মুছলমান ২০১৭ চনৰ আগষ্টত সেনাৰ দমনৰ পাছত ম্যানমাৰৰ পৰা পলায়ন কৰি আহিছিল।
ৰোহিংগীয়াৰ অনুপ্ৰৱেশৰ পাছতেই ম্যানমাৰ- বাংলাদেশ সীমান্তত উত্তেজনা বৃদ্ধি পাইছে। অভিযোগ অনুসৰি সীমান্তত একাংশলোকে ধনৰ বিনিময়ত ৰোহিংগীয়া মুছলমানত দেশত অনুপ্ৰৱেশ কৰাই আছে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহীদ হুছেইনে সংবাদ মাধ্যমৰ সৈতে কথা পাতি তেওঁৰ বেংকক যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে, এই সময়চোৱাত লাওছ, থাইলেণ্ড, ভাৰত, চীন, ম্যানমাৰ আৰু বাংলাদেশৰ মাজত এক অনানু্ষ্ঠানিক বৈঠক অনুষ্ঠিত হয়।
মহম্মদ তৌহীদ হুচেইনে কয় যে, বাংলাদেশত আৰু অধিক ৰোহিংগীয়া প্ৰৱেশ কৰিব দিব নোৱাৰি। কিন্তু কেতিয়াবা এনে পৰিস্থিতি উদ্ভৱ হয় যে এই ক্ষেত্ৰত কৰিবলগীয়া একো নাথাকে। এনেবোৰ কাৰণতে আমি পুনৰ প্ৰায় ৬০,০০০ ৰোহিংগীয়া মুছলমানক বাংলাদেশলৈ অহাৰ অনুমতি প্ৰদান কৰিছো। অৱশ্যে আমি তেওঁলোকক আনুষ্ঠানিকভাৱে মাতি অনা নাই। বিভিন্ন পথেৰে তেওঁলোকে বাংলাদেশত প্ৰৱেশ কৰিছে।
ম্যানমাৰৰ পৰিস্থিতি সন্দৰ্ভত যোৱা সপ্তাহত থাইলেণ্ডত এক বৈঠক অনুষ্ঠিত হৈছিল। থাইলেণ্ডৰ বৈদেশিক মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত ম্যানমাৰৰ উপ-প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীয়েও অংশগ্ৰহণ কৰে। বাংলাদেশৰ তৌহিদ হুচেইনৰ মতে ৰোহিংগীয়াসকল ম্যানমাৰলৈ ঘূৰি যোৱাৰ সম্ভাৱনা এতিয়া আৰু নাই। অৱশ্যে এই বৈঠকত তেওঁ ম্যানমাৰৰ সকলো সমস্যা আলোচনাৰ দ্বাৰা সমাধান কৰিবলৈ আহ্বান জনাইছে।
ইয়াৰ বিপৰীতে বাংলাদেশ সন্মুখীন হৈছে আন এক সংকটত। বাংলাদেশ দখলৰ দিশে প্ৰায় আগবাঢ়িছে ম্যানমাৰৰ আৰকান সেনা। বাংলাদেশৰ সীমান্তৱৰ্তী ৰাখাইনৰ অধিকাংশ অঞ্চল আৰকান আৰ্মীয়ে দখল কৰিছে। এই সন্দৰ্ভত বাংলাদেশে কৈছে যে সীমান্ত আৰু ৰোহিংগীয়া শৰণাৰ্থী সন্দৰ্ভত আৰকান আৰ্মীৰ লগত কথা পতাতো ফলপ্ৰসূ নহ’ব যাৰ বাবে জন্টা চৰকাৰক সহায়ৰ আহ্বান জনোৱা হৈছে।
উল্লেখ্য যে, শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই বাংলাদেশত অৰাজকতাই বিৰাজ কৰিছে। বছৰ বছৰ ধৰি ৰোহিংগীয়াসকল বাংলাদেশৰ বাবে এক সমস্যা হিচাপে প্ৰমাণ হৈ আহিছে। তাৰ মাজতে ম্যানমাৰত সৃষ্টি হোৱা পৰিস্থিতিয়ে এই সমস্যা অধিক বৃদ্ধি কৰা দেখা গৈছে। ইয়াৰ বিপৰীতে আৰকাম আৰ্মীয়ে দখল কৰিছে বাংলাদেশৰ স্পৰ্শকাতৰ অঞ্চল, যি বাংলাদেশৰ বাবে শুভ খবৰ নহয়।
বাংলাদেশৰ এই সমস্যাই প্ৰভাৱ পেলাব পাৰে ভাৰততো। বিশেষকৈ অহা তথা উত্তৰ-পূৱৰ জনসাধাৰণ ইয়াৰ ফলত অধিক ক্ষতিগ্ৰস্ত হ’ব পাৰে। অসমৰ বাবে বাংলাদেশৰ অবৈধ অনুপ্ৰৱেশকাৰী এক ডাঙৰ সমস্যা। প্ৰায় প্ৰতিদিনে নিৰাপত্তাৰক্ষীৰ হাতত এনে অবৈধ বাংলাদেশী নাগৰিক আটক হৈছে। গতিকে ৰোহিংগীয়াৰ বাংলাদেশলৈ আগমন আৰু বাংলাদেশৰ অৰাজকতাই অসমতো প্ৰভাৱ পেলোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ বাংলাদেশৰ স্পৰ্শকাতৰ অঞ্চল দখল ম্যানমাৰৰ আৰকান সেনাৰ, লক্ষ্য দেশ দখল!