ভয়ংকৰ! সেনাৰ বিমানে খুন্দিয়ালে এটা ঘৰত, থিতাতে নিহত ১৯ জন…

এক ভয়ংকৰ ঘটনা। সেনাৰ বাহনে এটা ঘৰত খুন্দা মৰাৰ ফলত বহু জোৱানৰ সৈতে সাধাৰণ লোকৰো মৃত্যু হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভয়ংকৰ!  সেনাৰ বিমানে খুন্দিয়ালে এটা ঘৰত, থিতাতে নিহত ১৯ জন...

প্ৰতীকি ফটো

Published: 

26 Feb 2025 15:41 PM

এক ভয়ংকৰ দুৰ্ঘটনা। সেনাৰ বিমানে এটা ঘৰত খুন্দা মৰাৰ ফলত কেইবাজন লোক আহত হোৱাৰ লগতে কেইবাজন নিহত হয়। এই ঘটনা সংঘটিত হৈছে চুডানত। জানিব পৰা মতে, ছুডান সেনাৰ এখন বিমানে এটা ঘৰত প্ৰচণ্ড খুন্দা মাৰে, যাৰ ফলত বিমানখনত থকা সামৰিক বিষয়াকে ধৰি ঘৰটোত থকা সাধাৰণ নাগৰিকৰ মৃত্যু হয়। মঙলবাৰে খাৰ্টুমৰ উপকণ্ঠ অঞ্চলত সংঘটিত এই ঘটনাৰ ফলত প্ৰায় ১৯ জনলোকৰ মৃত্যু হোৱাৰ বুলি জানিব পৰা গৈছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই দুৰ্ঘটনা ৱাডি ছেইডনা বিমান ঘাটিৰ পৰা বিমানখন উৰণৰ সময়তে সংঘটিত হয়। সেনা বাহিনীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দুৰ্ঘটনাটোত জোৱানৰ লগতে সাধাৰণ নাগৰিকৰো যথেষ্ঠ ক্ষতি হৈছে। এই ঘটনাৰ আঁৰৰ কাৰণ সেনাবাহিনীয়ে কাৰিকৰী বিজুতি বুলি কৈছে।

উল্লেখ্য যে, ২০২৩ চনৰ পৰা চুডান সেনাই আৰ এ এফৰ সৈতে যুদ্ধ কৰি আহিছে। শেহতীয়াকৈ চুডানৰ কেইবাখনো চহৰ আৰু নগৰ আৰ এ এফৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰিছে সেনাই। দুবছৰ ধৰি আৰ এ এফে দখল কৰি ৰখা মুখ্য চহৰ এল-ওবেইদকো মুক্ত কৰে চুডান সনাই। যাৰ পাছত ৰাজপথত একাংশ জনতাই বিজয় উদযাপন কৰা দেখা গৈছে। উত্তৰ কৰ্ডোফান ৰাজ্যৰ ৰাজধানীখন খাৰ্টুমক দাৰফুৰৰ সৈতে সংযোগ কৰা এক কৌশলগত কেন্দ্ৰ। এই ক্ষেত্ৰত শেহতীয়াকৈ লাভ কৰা বিজয়ে সংঘাতৰ এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হ’ব পাৰে।

দুৰ্ঘটনাটোত আহতসকলক ওমদুৰমানৰ আল-নাও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, লগতে নিহতসকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা যায় আৰু চাৰিওফাল কঁপি উঠে। যাৰ ফলত বহু মানুহ মৃত্যু মুখত পৰাৰ লগতে বহু ঘৰ দুৱাৰৰ বিস্তৰ ক্ষতিসাধন হয়। এই ঘটনাৰ পাছতে চাৰিওফালৰ অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..