ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ বিপক্ষে গ্ৰেপ্তাৰী পাৰোৱানা জাৰিঃ হ’ব নেকি গ্ৰেপ্তাৰ!
ইজৰাইল আৰু হামাছৰ যুদ্ধৰ তীব্ৰতাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চিন্তা তথা উদ্বেগ বৃদ্ধি কৰিছে। তাৰ মাজতে আজি এই যুদ্ধ্বৰ অন্যতম প্ৰধান অংশীদাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে জাৰি হৈছে গ্ৰেপ্তাৰী পাৰোৱানা। নেতানিয়াহুৰ লগতে আন কেইগৰাকীমান ব্যক্তিৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছে।
ইজৰাইল-হামাছ যুদ্ধৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে। মধ্য প্ৰাচ্যৰ আন ৰাষ্ট্ৰলৈয়ো ইতিমধ্যে এই যুদ্ধৰ প্ৰভাৱ বিস্তাৰিত হৈ পৰিছে। প্ৰাণ হেৰুৱাইছে হাজাৰ হাজাৰ লোকে। ধ্বংসস্তূপত পৰিণত হৈছে যুদ্ধ্ববিধ্বস্ত অঞ্চলসমূহ। হিচাপহীন লোক হৈ পৰিছে গৃ্হহীন। এই যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চিন্তা তথা উদ্বেগ বৃদ্ধি পাইছে। তাৰ মাজতে আজি এই যুদ্ধ্বৰ অন্যতম প্ৰধান অংশীদাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে জাৰি হৈছে গ্ৰেপ্তাৰী পাৰোৱানা। নেতানিয়াহুৰ লগতে আন কেইগৰাকীমান ব্যক্তিৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছে।
প্ৰকাশিত খবৰ অনুসৰি নেতানিয়াহু, ইজৰাইলৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্ট আৰু হামাছৰ সামৰিক অধিনায়ক মহম্মদ ডেইফৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ ন্যায়াধীশসকলে এই নেতাসকলৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে এই নেতাসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱা বুলি উল্লেখ কৰিছে।
ইজৰাইল আৰু হামাছৰ যুদ্ধৰ সময়ত এই নেতাসকলৰ বিৰুদ্ধে যুদ্ধ অপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে উল্লেখ কৰিছে। নেতানিয়াহুৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ নিৰ্দেশো দিছে আদালতে। অৱশ্যে ইজৰাইল আৰু হামাছ- দুয়োপক্ষই এই বিষয় সন্দৰ্ভত এই আদালতৰ অভিযোগ অস্বীকাৰ কৰিছে।
ইজৰাইলে এনে গ্ৰেপ্তাৰী পাৰোৱানাৰ কোনো আইনী ভিত্তি নাই বুলি উল্লেখ কৰাৰ বিপৰীতে হামাছে এই অভিযোগক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে। লক্ষণীয়ভাৱে গত জুলাই মাহত গাজাত এক বিমান আক্ৰমণত আদালতে অন্যতম অভিযুক্ত হিচাপে উল্লেখ কৰা হামাছৰ সামৰিক অধিনায়ক মহম্মদ ডেইফ নিহত হোৱা বুলি ইজৰাইল সেনাই দাবী কৰিছিল।
প্ৰতিবেদন অনুসৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে প্ৰধানমন্ত্ৰী নেতানিয়াহু আৰু ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীক ইজৰাইলৰ সেনাক ইচ্ছাকৃতভাৱে পেলেষ্টাইনী সাধাৰণ নাগৰিকক হত্যা কৰাৰ নিৰ্দেশ দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় মানৱীয় সাহায্য গাজাত উপস্থিত হোৱাত বাধা দিয়াৰ বাবে দোষী সাব্যস্ত কৰে। আদালতে তদন্তত নেতানিয়াহুৱে যুদ্ধৰ অজুহাতত পেলেষ্টাইনী সাধাৰণ নাগৰিকক হত্যা কৰাইছিল আৰু গাজা ধ্বংস কৰাৰ নিৰ্দেশো দিছিল বুলি উল্লেখ কৰিছে।
এই সকলোবোৰ দিশ বিবেচনা কৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ ন্যায়াধীশসকলে ইজৰাইলীই প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰাৰ সিদ্ধান্ত লয়। আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে এই সন্দৰ্ভত নিজৰ সিদ্ধান্ত সকলো সদস্য দেশলৈ প্ৰেৰণ কৰিব। অৱশ্যে আদালতৰ এই সিদ্ধান্ত সদস্য দেশসমূহৰ বাবে কেৱল এক পৰামৰ্শহে, এই সিদ্ধান্ত মানি চলিবলৈ কোনো দেশ বাধ্য নহয়।
প্ৰতিখন দেশেই নিজৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীন আৰু এনে কাৰণতে আন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ দৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতেও এই দিশটোক স্বীকাৰ কৰে। ইতিপূৰ্বে ইউক্ৰেইনত গণহত্যাৰ গোচৰত দোষী সাব্যস্ত কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধেও আদালতে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। ইয়াৰ পিছতো পুটিনে বহু দেশ ভ্ৰমণ কৰিছে।