5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাংলাদেশৰ অভ্যুত্থান, অসমতো উদ্বিগ্নতা! হ’ব পাৰে লাখ লাখৰ অনুপ্ৰৱেশ

দেশখনৰ অশান্ত পৰিস্থিতিৰ সুযোগ লৈ সেই দেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে৷ সেয়ে ভাৰত-বাংলা সীমান্তৰ, বিশেষকৈ অসমৰ সৈতে সংলগ্ন সীমা এলেকাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা প্ৰয়োজন৷

বাংলাদেশৰ অভ্যুত্থান, অসমতো উদ্বিগ্নতা! হ’ব পাৰে লাখ লাখৰ অনুপ্ৰৱেশ
বাংলাদেশ
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 05 Aug 2024 21:52 PM

চুবুৰীয়া দেশ বাংলাদেশত গণ বিদ্ৰোহত সেও মানি দেশখনৰ প্ৰধান মন্ত্ৰী শ্বেখ হাচিনাই পদত্যাগ কৰি ভাৰতলৈ পলাই অহাৰ পিছত ভাৰত-বাংলা সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে অসম জাতীয় পৰিষদে৷ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে দেশখনৰ অশান্ত পৰিস্থিতিৰ সুযোগ লৈ সেই দেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে৷ সেয়ে ভাৰত-বাংলা সীমান্তৰ, বিশেষকৈ অসমৰ সৈতে সংলগ্ন সীমা এলেকাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা প্ৰয়োজন৷

জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, বাংলাদেশৰ শেহতীয়া গণবিদ্ৰোহৰ সৈতে যিকেইটা শক্তি জড়িত হৈ আছে, তাৰ ভিতৰত ভাৰত বিৰোধী সাম্প্ৰদায়িক সংগঠনো আছে৷ উক্ত শক্তিসমূহে পূৰ্বে ভাৰতৰ পশ্চিম বংগ আৰু অসমত সন্ত্ৰাসবাদী সংযেগ স্থাপন কৰাৰ বহু উদাহৰণ আছে৷ একেদৰে, ভাৰতত কা’ আইন প্ৰয়োগে সুযোগ দিয়া বাংলাদেশী নাগৰিকেও অসমলৈ গুচি অহাৰ সম্ভাৱনা বিদ্যমান৷ এনে দুয়ো ধৰণৰ অনু্প্ৰৱেশ প্ৰতিৰোধ কৰাটো জৰুৰী৷

জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে বিবৃতিটোত কয় যে বিজেপি দলৰ চৰকাৰে প্ৰতিশ্ৰুতি দিও অসম-বাংলাদেশ সীমা ছীল নকৰিলে, সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ সম্পূৰ্ণ নকৰিলে, অসম চুক্তি অনুসৰি বিদেশী চিনাক্ত আৰু বহিষ্কৰণ নকৰিলে৷ একেদৰে এন আৰ চি উন্নীতকৰণৰ কাম সম্পূৰ্ণ নকৰা আৰু নাগৰিকত্ব সংশোধনী আইন (কা’) প্ৰয়োগে দেশখনৰ পৰা অসমলৈ অনুপ্ৰৱেশ হোৱাৰ পথ মুকলি কৰি ৰাখিলে ৷ ফলত বাংলাদেশৰ মৌলবাদী, সন্ত্ৰাসবাদী বা ভাৰতত কা’ প্ৰয়োগে সুবিধা কৰি দিয়া বাংলাদেশী লোক, উক্ত তিনিও শ্ৰেণীৰ অনুপ্ৰৱেশ অসমলৈ অবাধে ঘটাৰ বাট মুকলি হৈ আছে৷

এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ স্থাপনেৰে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে অসমৰ মুখ্যমন্ত্ৰীকো দাবী জনায়৷

Latest News