নতুন বছৰৰ পাৰ্টী কৰি থকাৰ সময়তে ট্ৰাকৰ খুন্দাত মৃত্যু ১০ জনৰ, আহত ৩০ জনৰো অধিক
এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ যায় কেইবাজনলোকৰ। নতুন বছৰৰ পাৰ্টী কৰি থকাৰ সময়তে ট্ৰাকৰ খুন্দাত প্ৰায় ১০ জনলোকে প্ৰাণ হেৰুৱাই লগতে আহত হয় বহুতো।
নতুন বছৰৰ প্ৰথম দিনটোতেই এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা পোহৰলৈ আহে। এখন ট্ৰাকৰ খুন্দাত প্ৰাণ যায় প্ৰায় ১০ জনলোকৰ লগতে আহত হয় কেইবাজনো। জানিব পৰা মতে তীব্ৰবেগী পিকআপ ট্ৰাক এখনে ভিৰৰ মাজত সোমাই গৈ কেইবাজন লোকক মহটিয়াই লৈ যায়। যাৰ ফলত এই ঘটনা সংঘটিত হয়। দক্ষিণ আমেৰিকাৰ চহৰ নিউ অৰলিন্সত এই ঘটনা সংঘটিত হয়। বিবিচিৰ তথ্য অনুসৰি জানিব পৰা মতে লুইছিয়ানা চহৰৰ জনপ্ৰিয় পৰ্যটনস্থলী ফ্ৰেঞ্চ কোৱাৰ্টাৰৰ বোৰ্বন ষ্ট্ৰীটত এই পথ দুৰ্ঘটনা হয়।
খবৰ অনুসৰি, লুইজিয়ানা চহৰৰ জনপ্ৰিয় পৰ্যটনস্থলী ফ্ৰেঞ্চ কোৱাৰ্টাৰৰ বোৰ্বন ষ্ট্ৰীটত একাধিকলোকৰ সমাগম হৈছিল। এই সময়তে তীব্ৰবেগী বাহনখন মানুহৰ মাজত সোমাই যায় কেইবাজনক মহটিয়াই লৈ যায়। যাৰ ফলত ঘটনাস্থলীত ১০ জনলোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনৰো অধিকলোক আহত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সংবাদ মাধ্যমৰ তথ্য অনুসৰি, এই ঘটনা সংঘটিত হোৱাৰ সময়ত উক্ত স্থানত সকলোৱে নতুন বছৰৰ আনন্দ উপভোগ কৰি আছিল। নিউ অৰলিন্স আৰক্ষীৰ এগৰাকী মুখপাত্ৰই চিবিএছ নিউজক জনোৱা মতে,প্ৰাৰম্ভিক তথ্যত পোহৰলৈ আহিছে যে গাড়ীখনে এটা মানুহৰ দলক খুন্দা মাৰিছিল। এই ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে লগতে আহতসকলৰ কোনো স্পষ্ট তথ্য পোৱা নাই। ঘটনাৰ পাছতেই আটাই কেইজনক কেনাল আৰু বোৰ্বন ষ্ট্ৰীট অঞ্চলৰ পৰা আঁতৰিবলৈ নিৰ্দেশ দিয়ে।
NOLAREADY: There has been a mass casualty incident on Canal and Bourbon Street. Get yourself away from the area. Visit https://t.co/AyuRn38guC for details.
— NOLA Ready (@nolaready) January 1, 2025
প্ৰত্যক্ষদৰ্শীৰ মতে এই ঘটনা অতি ভয়ংকৰ আছিল। ঘটনাৰ পাছত বহু ফটো, ভিডিঅ’ পোহৰলৈ আঙিছে। য’ত আৰক্ষীৰ গাড়ী, এম্বুলেন্স আদিৰ লগতে মানুহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। এই সমগ্ৰ ঘটনাৰ তদন্ত বৰ্তমান আৰক্ষীয়ে কৰি আছে লগতে ঘটনাস্থলীত খালী কৰি অন্য মানুহৰ সমাগম বন্ধ কৰিছে।
উল্লেখ্য যে, সমগ্ৰ বিশ্বই উদযাপন কৰিছে নতুন বছৰ ২০২৫। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ঘটনা সংঘটিত হোৱা স্থানটো নতুন বছৰক লৈ ডাঙৰ আয়োজন হৈছিল। কিন্তু তেতিয়াই এই ভয়ংকৰ ঘটনা সংঘটিত হয়। ঘটনাৰ সময়ত বাহনখন তীব্ৰগতিত আছিল বুলি জানিব পৰা গৈছে। কিন্তু কেনেকৈ এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইয়াৰোপৰি আহতসকলক বৰ্তমান হাস্পাতালত ভৰ্তি কৰোৱা হৈছে, ইয়াৰ কেইজন মানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। নতুন বছৰৰ আনন্দৰ মাজত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।অৱশ্যে তদন্তৰ অন্ততহে ঘটনা সন্দৰ্ভত অধিক তথ্য জানিব পৰা যাব।