ড'নাল্ড ট্ৰাম্পৰ ওপৰত পুনৰ গুলীচালনা, দ্বিতীয়বাৰৰ বাবে হত্যাৰ চেষ্টা | attack on Donald trump he says I will never surrender Assam news - Assam Tv9

ড’নাল্ড ট্ৰাম্পৰ ওপৰত পুনৰ গুলীচালনা, দ্বিতীয়বাৰৰ বাবে হত্যাৰ চেষ্টা

Updated On: 

16 Sep 2024 15:25 PM

Donald trump:এই ঘটনাৰ পাছতেই এজন সন্দেহজনক যুৱকক আটক কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা অভিযুক্তজনৰ নাম ৰায়ান বেলছ। তেওঁ প্ৰথমে উক্ত স্থানৰ পৰা পলায়ন কৰিছিল যদিও পাছত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ডনাল্ড ট্ৰাম্পৰ ওপৰত পুনৰ গুলীচালনা, দ্বিতীয়বাৰৰ বাবে হত্যাৰ চেষ্টা

ড'নাল্ড ট্ৰাম্প

Follow Us On

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক দ্বিতীয়বাৰৰ বাবে হত্যাৰ চেষ্টা। আমেৰিকাৰ ফ্ল’ৰিডাৰ ৱেষ্ট পামৰ গ’ল্ফ ক্লাবৰ সমীপত গুলীচালনাৰ এই ঘটনা সংঘটিত হয়। এই সময়ছোৱাত ক্লাবৰ ভিতৰতে ট্ৰাম্প উপস্থিত আছিল। দুমাহৰ ভিতৰত এয়া ট্ৰাম্পৰ ওপৰত দ্বিতীয়টো আক্ৰমণ। ইয়াৰ পূৰ্বে জুলাই মাহত ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত গুলী চলোৱা হৈছিল য’ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল।

দেওবাৰে হোৱা গুলীচালনাৰ ঘটনাৰ পাছত ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ সম্পূৰ্ণ সুৰক্ষিত। আমেৰিকাৰ গোপন সংস্থাৰ এজেণ্টে জনোৱা মতে, ট্ৰাম্পে গল্ফ ক্লাবত খেলি থকা ঠাইৰ পৰা প্ৰায় ৪০০ গজ দূৰত্বত জোপোহাৰ মাজৰ পৰা এটা এ কে ৪৭  উদ্ধাৰ কৰা হৈছে। এই ঘটনাৰ পাছতেই এজন সন্দেহজনক যুৱকক আটক কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা অভিযুক্তজনৰ নাম ৰায়ান বেলছ। তেওঁ প্ৰথমে উক্ত স্থানৰ পৰা পলায়ন কৰিছিল যদিও পাছত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

গুলীচালনাৰ পাছতে ট্ৰাম্পে ইমেইলৰ জৰিয়তে নিজৰ সমৰ্থকসকলক সম্বোধন কৰি কয় যে,  তেওঁ নিৰাপদ আৰু কেতিয়াও আত্মসমৰ্পণ নকৰে। ওচৰতে গুলীচালনা হোৱা বুলি স্বীকাৰ কৰে যদিও তেওঁ বৰ্তমান নিৰাপদ আৰু সুস্থ আছে বুলি জনায়। ট্ৰাম্পে কয়, মোৰ আশে পাশে গুলীচালনাৰ শব্দ শুনিছিলো। কিন্তু উৰাবাতৰি প্ৰচাৰ হোৱাৰ আগতে আপোনালোকক জনাব বিচাৰো যে মই সম্পূৰ্ণ সুস্থ অৱস্থাত আছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে হোৱা গুলীচালনাৰ ঘটনাত ট্ৰাম্পৰ কাণত গুলী লাগিছিল। ১৩ জুলাইত পেনচিলভেনিয়াত ভাষণ দি থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছিল। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত এই আক্ৰমণ সংঘটিত হোৱাৰ পিছত ছিক্ৰেট চাৰ্ভিচে দুয়োজন গুলীচালনাকাৰীক হত্যা কৰিছিল। ট্ৰাম্পক যিজন অভিযুক্তই গুলীয়াইছিল সেইজনে এই কাণ্ড সংঘটিত কৰাৰ পূৰ্বে এটা ভিডিঅ’ জাৰি কৰিছিল। য’ত তেওঁ কৈছিল- মই ট্ৰাম্পক বেয়া পাওঁ। ভিডিঅ’টোত লগতে কৈছিল যে, তেওঁ ৰিপাব্লিকানকো ঘৃণা কৰে। এই অভিযুক্তজনৰ নাম থমাছ মেথিউ বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স ২০ বছৰ মান বুলি অনুমান কৰা হৈছিল।

তথ্য অনুসৰি ১০০ মিটাৰ দূৰৰ পৰা শ্বুটাৰে ট্ৰাম্পক আক্ৰমণ কৰিছিল। হত্যাকাণ্ডৰ সময়ত তেওঁলোকে AR- 15 ষ্টাইলৰ ৰাইফলৰ ব্যৱহাৰ কৰিছিল। এই ঘটনাৰ দুমাহৰ ভিতৰতে পুনৰ ট্ৰাম্পৰ ওপৰত চলা এই আক্ৰমণে চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প।

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version