5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দুৰ্গা পূজাৰ মাজতে নিৰাপত্তাহীনতাত বাংলাদেশৰ হিন্দুসকল…

চুবুৰীয়া দেশ বাংলাদেশত বাস কৰা হিন্দুসকলেও পালন কৰিছে শাৰদীয় দুৰ্গা পূজা । কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল- দেশখনত উদযাপন কৰা দুৰ্গা পূজাৰ সমান্তৰালভাৱে হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰো খবৰ প্ৰকাশ পাইছে ।

দুৰ্গা পূজাৰ মাজতে নিৰাপত্তাহীনতাত বাংলাদেশৰ হিন্দুসকল…
বাংলাদেশত দুৰ্গা পূজাৰ মাজতে হিন্দুৰ ওপৰত আক্ৰমণ
manas-borah
Manas Borah | Updated On: 12 Oct 2024 17:09 PM

ভাৰতৰ লগতে চুবুৰীয়া দেশ বাংলাদেশত বাস কৰা হিন্দুসকলেও পালন কৰিছে শাৰদীয় দুৰ্গা পূজা । কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল- দেশখনত উদযাপন কৰা দুৰ্গা পূজাৰ সমান্তৰালভাৱে হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰো খবৰ প্ৰকাশ পাইছে । প্ৰকাশিত খবৰ অনুসৰি দুৰ্গা পূজাৰ মাজতে দেশখনত হিন্দুৰ বিৰুদ্ধে ৩৫টা হিংসাত্মক ঘটনা সংঘটিত হৈছে,১৭ জন লোকক আটক কৰা হৈছে আৰু একাধিক গোচৰ ৰুজু কৰা হৈছে।

বাংলাদেশৰ প্ৰায় ৩২ হাজাৰৰো অধিক স্থানত দুৰ্গা পূজা পালন কৰা হৈছিল । উল্লেখ্য যে, বিগত মাহত দুৰ্গা পূজা উদযাপনৰ পূৰ্বে একাংশ ইছলাম ধৰ্মীয় লোকে হিন্দু সম্প্ৰদায়ক দুৰ্গা পূজা উদযাপন নকৰিবলৈ কৈছিল বুলিও অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পাছত ধৰ্মীয় বিষয়ৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা এ এফ এম খালিদ হুছেইনে সকীয়াই দিছিল যে, যদি কোনোবাই হিংসাত লিপ্ত হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

এই সতৰ্কবাণীৰ পাছতো দেশখনত দুৰ্গা পূজাৰ সময়ত সংঘটিত ঘটনাৰ তথ্য দি আৰক্ষী সঞ্চালক প্ৰধান মইনুল ইছলামে কয় যে, ১ অক্টোবৰৰ পৰা দুৰ্গা পূজা উদযাপনৰ সৈতে জড়িত ৩৫ টা ঘটনা সংঘটিত হৈছে, য’ত ১১টা গোচৰ পঞ্জীয়ন হৈছে, ২৪টা সাধাৰণ ডায়েৰী পঞ্জীয়ন কৰা হৈছে আৰু এনে ঘটনাৰ সৈতে জড়িত থকা অভিযোগত ১৭ জন লোকক আটক কৰা হৈছে।

এই ধৰণৰ ঘটনাৰ সৈতে জড়িত বাংলাদেশৰ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ নেতা কৃষ্ণ মুখাৰ্জীয়ে অতি সোনকালে এই ধৰণৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তক আটক কৰিবলৈ চৰকাৰক দাবী জনাইছে। উল্লেখ্য যে, বৃহস্পতিবাৰে বাংলাদেশৰ চট্টোগ্ৰামৰ দুৰ্গা পূজাৰ মণ্ডপত প্ৰৱেশ কৰি একাংশ লোকে ইছলামিক বিপ্লৱৰ বাবে গীত গাইছিল। এই ঘটনাৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । চট্টোগ্ৰাম আৰক্ষীয়ে এই গোচৰত দুজন অভিযুক্তক আটক কৰে।

ইফালে, শুকুবাৰে বাংলাদেশৰ এটা কালী মন্দিৰৰ পৰা এটা সোণৰ মুকুট চুৰি হোৱাৰ খবৰ প্ৰকাশ পাইছিল । বাংলাদেশ আৰক্ষীয়ে মুকুট চুৰিৰ সৈতে জড়িত এজন ব্যক্তিক চিনাক্ত কৰি শীঘ্ৰে আটক কৰাৰ আশ্বাস দিছিল।

Latest News