শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানত আক্ৰমণত আহত ভাৰতৰ শত্ৰু হাফিজ ছঈদঃ নিহত ছঈদৰ ভতিজা সন্ত্ৰাসবাদী আবু

মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছঈদৰ ওপৰত পাকিস্তানত চলিল এক ভয়ংকৰ আক্ৰমণ। দেশখনৰ ঝেলুম চহৰত হোৱা গুলীচালনাত আহত হৈছে লস্কৰ ই তৈবাৰ সহপ্ৰতিষ্ঠাপকগৰাকী। এই আক্ৰমণত হাফিজ ছঈদৰ ভতিজাক তথা ভাৰতৰ অন্যতম ৱাণ্টেড সন্ত্ৰাসবাদী আবু কাটালৰ মৃত্যু হৈছে।

পাকিস্তানত আক্ৰমণত আহত ভাৰতৰ শত্ৰু হাফিজ ছঈদঃ নিহত ছঈদৰ ভতিজা সন্ত্ৰাসবাদী আবু
হাফিজ ছঈদৰ সৈতে আবু কাটাল (ৰঙা চিনৰ ভিতৰত)
monjit-dutta
Monjit Dutta | Published: 16 Mar 2025 13:28 PM

ভাৰতৰ ম’ষ্ট ৱাণ্টেড অপৰাধী, মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছঈদৰ ওপৰত পাকিস্তানত চলিল এক ভয়ংকৰ আক্ৰমণ। দেশখনৰ ঝেলুম চহৰত হোৱা গুলীচালনাত আহত হৈছে লস্কৰ ই তৈবাৰ সহপ্ৰতিষ্ঠাপকগৰাকী। গুৰুতৰভাৱে আহত অৱস্থাত হাফিজ ছঈদক ৰাৱালপিণ্ডিৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি পাকিস্তান আৰ্মী কৰ্পছৰ কমাণ্ডাৰ মংগালাক সাক্ষাৎ কৰি উভতি অহাৰ সময়তে ছঈদৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ চলোৱা হয়।

এই আক্ৰমণত হাফিজ ছঈদৰ ভতিজাক তথা ভাৰতৰ অন্যতম ৱাণ্টেড সন্ত্ৰাসবাদী আবু কাটালৰ মৃত্যু হৈছে। ইফালে আক্ৰমণত আবু কাটালৰ লগতে হাফিজ ছঈদৰো মৃত্যু ঘটা বুলি একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যদিও এই দাবীৰ সত্যতা নাই বুলি স্পষ্ট হৈ পৰিছে। তথ্য অনুসৰি হাফিজ ছঈদ এতিয়াও জীয়াই আছে। গুলীচালনাত আহত হাফিজ সম্প্ৰতি ৰাৱালপিণ্ডিতে চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে গণ্য কৰা হয় হাফিজ ছঈদক। এই ভয়ংকৰ আক্ৰমণত ১৬০ জনতকৈ অধিক লোক নিহত হৈছিল। ২০০৬ চনত মুম্বাইত সংঘটিত হোৱা ৰেল বিস্ফোৰণতো হাফিজ ছঈদ জড়িত থকাৰ তথ্য পোৱা গৈছিল। ২০০১ চনত আনকি ভাৰতীয় সংসদকো হাফিজ ছঈদে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

ভাৰতত এনে ধাৰাবাহিক কুটাঘাটৰ পিছতে নিয়া (NIA)ৰ মষ্ট ৱাণ্টেড তালিকাত অন্তৰ্ভুক্ত কৰা হয় হাফিজ ছঈদৰ নাম। মুম্বাই আক্ৰমণৰ পিছত ভাৰতে হাফিজ ছঈদক গতাই দিবলৈ বাৰে বাৰে দাবী উত্থাপন কৰি আহিছিল যদিও পাকিস্তানে ছঈদক সন্ত্ৰাসবাদী হিচাপে গ্ৰহণ কৰিবলৈ ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে। এতিয়া পাকিস্তানৰ মাটিতে ছঈদৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে।

ইফালে আক্ৰমণত নিহত ছঈদৰ ভতিজা নদীম ওৰফে আবু কাটাল জম্মু-কাশ্মীৰত সংঘটিত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল। কাটাল জম্মু-কাশ্মীৰত সংঘটিত হোৱা ৰিয়াছি সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল বুলি প্ৰকাশ পাইছিল। এই আক্ৰমণত ৯ জন লোক নিহত হোৱাৰ লগতে ৪১ জন আহত হয়। ২০২৩ চনৰ ১ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সংঘটিত হোৱা আক্ৰমণতো আবু কাটাল জড়িত থকাৰ তথ্য পোৱা হৈছিল।

নিহত আবু কাটাল জামাত উদ-দাৱাৰ শীৰ্ষ কমাণ্ডাৰ আছিল। ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছঈদৰ অত্যন্ত ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত আছিল কাটাল। নিয়া (NIA)ৰ মষ্ট ৱাণ্টেড লিষ্টত কাটালৰো নাম আছিল। ইফালে কালিৰ এই আক্ৰমণত কাটালৰ আন এজন সহযোগীৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।