Bangladesh: নিৰাপত্তাহীনতাত সংখ্যালঘু ! আকৌ বাংলাদেশৰ মন্দিৰত আক্ৰমণ…
হিন্দু সংখ্যালঘু লোকসকল অত্যাচাৰৰ সন্মুখীন হোৱাৰ অভিযোগ আৰু এইলৈ ভাৰতৰ হিন্দু সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মাজতে শেহতীয়াকৈ দেশখনৰ চট্টগ্ৰামৰ তিনিটা হিন্দু মন্দিৰত সন্দেহযুক্ত লোকৰ আক্ৰমণ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । প্ৰকাশিত খবৰ অনুসৰি,শ শ লোকৰ এটা দলে শ্লোগান দি মন্দিৰসমূহত ইটা-শিল নিক্ষেপ কৰে ।
বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকসকল অত্যাচাৰৰ সন্মুখীন হোৱাৰ অভিযোগ আৰু এইলৈ ভাৰতৰ হিন্দু সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মাজতে শেহতীয়াকৈ দেশখনৰ চট্টগ্ৰামৰ তিনিটা হিন্দু মন্দিৰত সন্দেহযুক্ত লোকৰ আক্ৰমণ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । ইস্কনৰ এজন প্ৰাক্তন সদস্যৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু হোৱাৰ পিছত চাট্টগ্ৰামত প্ৰতিবাদ অব্যাহত আছে। সূত্ৰ খবৰ অনুসৰি, হৰিশ চন্দ্ৰ মুনছেফ লেনত শান্তনেশ্বৰী মাতা মন্দিৰ, শনি মন্দিৰ আৰু শান্তনেশ্বৰী কালিবাৰী মন্দিৰক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হয় বুলি জানিব পৰা গৈছে ।
প্ৰকাশিত খবৰ অনুসৰি,শ শ লোকৰ এটা দলে শ্লোগান দি মন্দিৰসমূহত ইটা-শিল নিক্ষেপ কৰে । ইয়াৰ ফলত মন্দিৰ তিনিটাৰ সম্পত্তিৰ ক্ষতিসাধন হয়। লগতে মন্দিৰ তিনিটাৰ বিভিন্ন আচবাব ভাঙি-ছিঙি লণ্ডভণ্ড কৰে আক্ৰমণকাৰী দলটোৱে । আৰক্ষীয়ে এই আক্ৰমণ নিশ্চিত কৰি কয় যে, আক্ৰমণকাৰীয়ে মন্দিৰসমূহ ক্ষতিসাধন কৰাৰ চেষ্টা চলাইছিল। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা ক্ৰমবৰ্ধমান অত্যাচাৰক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি ভাৰতে শুকুৰবাৰে কয় যে, অন্তৱৰ্তীকালীন চৰকাৰে সকলো সংখ্যালঘুৰ সুৰক্ষাৰ দায়িত্ব পালন কৰিব লাগে।
বাংলাদেশত দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হিন্দু নেতা চিন্ময় কৃষ্ণ দাসৰ সৈতে জড়িত গোচৰটো ন্যায়সংগত আৰু স্বচ্ছভাৱে তদন্ত কৰিব বুলিও ভাৰতে আশা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদত কয় যে, ভাৰতে বাংলাদেশত সংখ্যালঘুৰ ওপৰত সংঘটিত হিংসাৰ ঘটনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে । লগতে সংখ্যালঘুকে ধৰি সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো বাংলাদেশৰ প্ৰাথমিক দায়িত্ব বুলি মন্তব্য প্ৰকাশ কৰে ।
আগষ্ট মাহত বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ পাছতে ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কত কিছু প্ৰত্যাহ্বান সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে । বিশেষকৈ হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ বাবে ভাৰতে উদ্বেগ প্ৰকাশ কৰি আহিছে। জয়শংকৰে কয় যে, সংখ্যালঘুকে ধৰি বাংলাদেশৰ সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো বাংলাদেশ চৰকাৰৰ প্ৰাথমিক দায়িত্ব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সংখ্যালঘুসকলক সুৰক্ষা প্ৰদানৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ বাংলাদেশক আহ্বান জনাইছে। লগতে ধৃত চিন্ময় কৃষ্ণ দাসৰ সৈতে জড়িত গোচৰটো ন্যায়সংগত আৰু স্বচ্ছভাৱে তদন্ত কৰিব বুলি আশা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ভাৰতে বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ বিৰুদ্ধে ভাবুকি আৰু লক্ষ্যভিত্তিক আক্ৰমণৰ বিষয়টো ধাৰাবাহিকভাৱে আৰু শক্তিশালীভাৱে উত্থাপন কৰি আহিছে।