শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘আমাৰ শত্ৰু একেই’: মুছলমান সমাজলৈ আহ্বানেৰে তীব্ৰ হুংকাৰ খামেনেইৰ

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই বিশ্বজুৰি মুছলমান সমাজক উদ্দেশ্যি জনাইছে এক আহ্বান। বিশ্বত মুছলমানসকলৰ শত্ৰু একেই বুলি আমেৰিকাক পৰোক্ষ আক্ৰমণ কৰি খামেনেই এই শত্ৰুৰ নিৰ্দেশত মুছলমানৰ বিৰুদ্ধে ধ্বংসৰ ৰাজনীতি চলি আছে বুলি দাবী কৰে আৰু সেয়ে মুছলমানসকল একত্ৰিত হোৱা উচিত বুলি মন্তব্য কৰিছে।

‘আমাৰ শত্ৰু একেই’: মুছলমান সমাজলৈ আহ্বানেৰে তীব্ৰ হুংকাৰ খামেনেইৰ
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনে
monjit-dutta
Monjit Dutta | Updated On: 04 Oct 2024 16:19 PM

তৃতীয় বিশ্বযুদ্ধৰ আশংকাই ছানি ধৰিছে বিশ্ব। মধ্য প্ৰাচ্যত বলা যুদ্ধৰ ধুমুহাই ঘণীভূত কৰি তুলিছে বিশ্বৰ আশংকাই। যুদ্ধৰ দাবানলত বিধ্বস্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশ। এই ভয়াৱহতাৰ মাজতে আজি ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই বিশ্বজুৰি মুছলমান সমাজক উদ্দেশ্যি জনাইছে এক আহ্বান। আজি জনতা সম্বোধন কৰি খামেনেই মঙলবাৰে ইজৰাইলৰ ওপৰত ইৰাণে চলোৱা আক্ৰমণক নায্যতা প্ৰদান কৰি পেলেষ্টাইনৰ অধিকাৰৰ বাবে ইজৰাইলৰ ওপৰত এই আক্ৰমণ কৰা হৈছিল বুলি মন্তব্য কৰাৰ লগতে ভৱিষ্যতে প্ৰয়োজন হ’লে পুনৰ এনে আক্ৰমণ সংঘটিত কৰা হ’ব বুলি হুংকাৰ দিয়ে।

খামেনেই দাবী, ‘’আমি আমাৰ দায়িত্ব পালন কৰিছো আৰু ভৱিষ্যতেও পালন কৰিম।” তেওঁ লগতে আৰব দেশকে ধৰি সমগ্ৰ বিশ্বৰ মুছলমানসকলক একত্ৰিত হ’বলৈ আহ্বান জনায়। খামেনেৰ মতে, মুছলমানৰ বিৰুদ্ধে ধ্বংসৰ ৰাজনীতি চলি আছে আৰু সেয়ে মুছলমানসকল একত্ৰিত হোৱা উচিত। প্ৰত্যক্ষভাৱে নাম উল্লেখ নকৰাকৈয়ে আমেৰিকাক আক্ৰমণ কৰি মুছলমানৰ বিৰুদ্ধে যুদ্ধৰ নিৰ্দেশ মাত্ৰ এখন দেশৰ পৰা আহিছে বুলি তেওঁ অভিযোগ কৰে।

তেওঁৰ ভাষ্য, শত্ৰুৱে সমগ্ৰ বিশ্বতে যুদ্ধ বিচাৰে। আৰু মুছলমানসকলে শত্ৰুৰ বিৰুদ্ধে বুদ্ধিমানৰূপে কাম কৰি ইজনে সিজনক সহায় কৰিব লাগিব। শত্ৰুৰ বিৰুদ্ধে মুছলমানসকলে ঐক্যবদ্ধ আৰু স্মাৰ্ট হ’ব লাগিব বুলিও খামেনেই মন্তব্য কৰে। যদি মুছলমানসকল একেলগে থাকে তেন্তে আল্লাহে তেওঁলোকৰ ওপৰত ৰহম কৰিব বুলিও বিশ্বৰ মুছলমান দেশসমূহক সকীয়াই দিছে খামেনেই।

ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীৰ দাবী, শত্ৰু মুছলমান দেশৰ পিছত। আফগানিস্তানৰ পৰা য়েমেনলৈকে, ইৰাকৰ পৰা লেবাননলৈকে প্ৰতিখন মুছলমান দেশক এইক্ষেত্ৰত সমৰ্থন কৰা উচিত। খামেনেই লগতে শত্ৰুৱে এখন দেশত নিজৰ উদ্দেশ্য সাধন কৰি আন এখন দেশলৈ অগ্ৰসৰ হয় বুলি সকীয়াই দিছে আৰু মুছলমান দেশসমূহে একেলগে শত্ৰুৰ পৰিকল্পনা বিফল কৰিব লাগিব বুলিও সকলোকে উদ্দেশ্যি আহ্বান জনায়।

ইফালে গাজা যুদ্ধক লৈ ইজৰাইল আৰু ইজৰাইলৰ সমৰ্থক দেশসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয় আয়াতুল্লাহ আলী খামেনেই। বিগত বৰ্ষত ইজৰাইলৰ ওপৰত হামাছে কৰা আক্ৰমণৰ ন্যায্যতা প্ৰদান কৰি খামেনেৰ দাবী, তেওঁলোকে নিজৰ অধিকাৰৰ বাবে যুঁজিছে। আন্তঃৰাষ্ট্ৰীয় আইনে পেলেষ্টাইনীসকলক নিজৰ ভূমি ৰক্ষাৰ অধিকাৰ প্ৰদান কৰে বুলিও তেওঁ মন্তব্য কৰে। সমান্তৰালকৈ তেওঁ হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহৰ মৃত্যুত শোক প্ৰকাশ কৰে।

খামেনেই কয় যে লেবাননত সম্প্ৰতি যিদৰে অত্যাচাৰ চলি আছে, বিগত বৰ্ষতো একে সময়তে অনুৰূপ অত্যাচাৰ সংঘটিত হৈছিল। গাজাৰ পৰিস্থিতি সকলোৱে দেখিছিল বুলি মন্তব্য কৰি তেওঁ লগতে হিজবুল্লাই গাজাৰ জনসাধাৰণক কৰি অহা সহায়ৰ পক্ষে সমৰ্থন আগবঢ়ায়। হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহক শ্বহীদ আখ্যা দি খামেনেই নছৰল্লাহে ‘চয়তান’ ইজৰাইলৰ বিৰুদ্ধে যুঁজি আছে বুলি মন্তব্য কৰে। এই সংকটৰ সময়ত ইৰাণ লেবাননৰ সৈতে থিয় দিছে বুলি তেওঁ লগতে নিজ ভাষণওত কয়।

তেওঁ লগতে নছৰল্লাহৰ শ্বহীদত দুখী যদিও পৰাজিত হোৱা নাই বুলি হুংকাৰ দিয়ে। খামেনেই হাছান নছৰল্লাহৰ মৃত্যুক ইছলামৰ পথত কৰা ত্যাগ বুলি অভিহিত কৰে। আয়াতুল্লাহ আলী খামেনেৰ দাবী, “আমাৰ সকলোৰে একেই শত্ৰু, যিজন ইৰাণৰ শত্ৰু ইৰাক, লেবানন আৰু ইজিপ্তৰো শত্ৰু।” এই দাবীৰে তেওঁ আৰব দেশসমূহ আৰু এই দেশসমূহত বাস কৰা মুছলমানসকলক এই শত্ৰুৰ বিপক্ষে একত্ৰিত হ’বলৈ আহ্বান জনায়।

Latest News