5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চৰাইৰ সৈতে সংঘৰ্ষ! আজাৰবাইজানৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, মৃত্যুৰ সংখ্যা প্ৰায় ৪২ জন

এক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰায় ৪২ জনলোকে। জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱা বিমানখনত ৬৭ জন লোক আছিল। ইয়াৰ ভিতৰত ৫ জন ক্ৰুৰ মেম্বাৰ আছিল। আজাৰবাইজান এয়াৰলাইন্সৰ আছিল বিমানখন।

চৰাইৰ সৈতে সংঘৰ্ষ! আজাৰবাইজানৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, মৃত্যুৰ সংখ্যা প্ৰায় ৪২ জন
বিমান দুৰ্ঘটনাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 25 Dec 2024 15:53 PM

এক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই প্ৰায় ৪২ জনলোকে। আজাৰবাইজাৰ পৰা ৰাছিয়ালৈ গৈ থকা এখন বিমান কাজাখস্তানত দুৰ্ঘটনাগ্ৰস্ত হয়। জানিব পৰা মতে বিমানখনত ৬৭ জনলোক আছিল। কাজাখস্তানৰ জৰুৰীকালীন মন্ত্ৰালয়ে জনোৱা মতে এই বিমান দুৰ্ঘটনাত ক’মেও ৪২ জনলোকৰ মৃত্যু হয়। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰালয়ে স্পষ্ট কৰিছে যে বিমানখনত পাইলট দলৰ ৫ জন সদস্যৰ লগতে মুঠ ৬৭ জনলোক আছিল। ইয়াৰে ২৫ লোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

আজাৰবাইজানৰ বাকুৰ পৰা ৰাছিয়াৰ চেচেনিয়াৰ ৰাজধানী গ্ৰ’জনিলৈ গৈ আছিল বিমানখন। তথ্য অনুসৰি এজাক চৰাইৰ সৈতে সংঘৰ্ষৰ ফলত বিমানখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়। তাৰ পাছতে বিমানৰ জৰুৰীকালীন অৱতৰণ চেষ্টা কৰে যদিও ৰাণৱেত এই দুৰ্ঘটনা হৈ মৃত্যু মুখত পৰে বহুকেইজন।  বৰ্তমান আহতসকলক হাস্পাতালত ভৰ্তি কৰা হৈছে।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন আজাৰবাইজান এয়াৰলাইন্সৰ আছিল। কাজাখস্তানৰ পৰিবহণ মন্ত্ৰালয়ে জনোৱা মতে আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখনত ৬২ জন যাত্ৰী আৰু ৫ জন ক্ৰুৰ সদস্য আছিল। আজাৰবাইজানে এয়াৰলাইন্সৰ তথ্যৰ উদ্ধৃতি দি কয় যে এই দুৰ্ঘটনাৰ কাৰণ হৈছে বিমান আৰু চৰাইৰ মাজত সংঘৰ্ষ।

 

এই দুৰ্ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত দেখিবলৈ পোৱা গৈছে যে এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি আছে আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। আজাৰবাইজান এয়াৰলাইন্সে জনোৱা মতে, বিমান নম্বৰ জে২- ৮২৪৩, এমব্ৰায়াৰ ১৯০ বিমানখন বাকুৰ পৰা ৰাছিয়াৰ চেচেনিয়াৰ ৰাজধানী গ্ৰজনিলৈ গৈ আছিল। কিন্তু তেতিয়াই কাজাখস্তান চহৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত জৰুৰীকালীন অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয়।

ব্ৰাজিলত বিমান দুৰ্ঘটনা

শেহতীয়াকৈ ব্ৰাজিলৰ পৰা আন এক বিমান দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছিল। দেওবাৰে ব্ৰাজিলত হোৱা বিমান দুৰ্ঘটনাত প্ৰায় ১০ জনলোকৰ মৃত্যু হৈছিল। এই ১০জনৰ ভিতৰত আছিল বিমানখনৰ যাত্ৰী আৰু ক্ৰু মেম্বাৰ। ব্ৰাজিলৰ নাগৰিক সুৰক্ষা সংস্থাই জনোৱা মতে, এই ঘটনাৰ ফলত মাটিত থকা অধিকলোক আঘাতপ্ৰাপ্ত হৈছে।

বিমান সংস্থাই জনোৱা মতে, বিমানখে এটা ঘৰৰ চিমনিচ খুন্দা মাৰি আন এটা অট্টালিকাৰ দ্বিতীয় মহলাত খুন্দা মাৰিছিল। তাৰ পাছত বিমানখন আন এটা আৱাসিক এলেকাত থকা মোবাইল ফোনৰ দোকানত খুন্দা মাৰে।  যাৰ বাবে স্থলত থকা একাংশলোক গুৰুত্বৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত আহতসকলক হাস্পাতালত ভৰ্তি কৰোৱা হয়। বৰ্তমানলৈ এই বিমান দুৰ্ঘটনাৰ কাৰণ জানিবলৈ পৰা হোৱা নাই।

 

Latest News