পাকিস্তানত যাত্ৰীবাহী ৰে’ল হাইজেক, সংঘৰ্ষত নিহত ৬ জন জোৱান, আৱদ্ধ ১২০ জন লোক
পাকিস্তানত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। বেলুচ সেনাই হাইজেক কৰিছে এখন ৰে’ল। এই ৰে'লখনত প্ৰায় ৪০০ লোক আছিল, যিসকলক সন্ত্ৰাসবাদীয়ে পণবন্দী কৰি লৈছিল। ৰে’লখন হাইজেকাৰৰ পৰা মুক্ত কৰাৰ দায়িত্ব লৈছে পাকিস্তানী সেনাই।

পাকিস্তানত যাত্ৰীবাহী ৰে’ল হাইজেক
পাকিস্তানত বেলুচ সেনাই হাইজেক কৰিছে যাত্ৰীবাহী ৰে’ল। হাইজেকৰ বাবে সন্ত্ৰাসবাদীৰ কবলত আবদ্ধ হৈ পৰে প্ৰায় ৪০০ লোক। জানিব পৰা গৈছে যে, এই ৰে’লখনত ১২০ জন জোৱানেও যাত্ৰা কৰিছিল। এনে পৰিস্থিতিত জাফৰ এক্সপ্ৰেছত থকা সকলো যাত্ৰীকে বেলুচিস্তান আৰ্মীৰ সন্ত্ৰাসবাদীয়ে মুকলি কৰি দিছিল যদিও ৰে’লত থকা সকলো জোৱানক পণবন্দী কৰি লৈছে।
ৰে’লখন অপহৰণকাৰীৰ পৰা মুক্ত কৰাৰ দায়িত্ব লৈছে পাকিস্তানী সেনাই। একে সময়তে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এনকাউণ্টাৰত মৃত্যু হৈছে ৬ জন জোৱানৰ । বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, মাস্কাফ, ধদৰ আৰু বোলানত সাৱধানতাৰে ৰে’লখন হাইজেক কৰা হৈছে। আমাৰ যুঁজাৰু বিমানে প্ৰথমে বোমাৰে ৰেলপথ উৰুৱাই দিলে, তাৰ পিছত ৰে’লখন সহজে ৰৈ গ’ল।
বিএলএয়ে কয় যে, ৰে’লখন ট্ৰেকত ৰৈ যোৱাৰ লগে লগে আমাৰ মানুহে ৰে’লখনৰ নিয়ন্ত্ৰণ লয়। সন্ত্ৰাসবাদী সংগঠনটোৱে কয় যে, যদি পাকিস্তান সেনাই ইয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰে তেন্তে ১২০ জন পণবন্দী লোকক হত্যা কৰা হ’ব। বিএলএই পাকিস্তানী সেনাক কঠোৰ সকীয়াই দিছে যে, যদি তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ সামৰিক অভিযান আৰম্ভ কৰা হয় তেন্তে ইয়াৰ ভয়াৱহ পৰিণতি হ’ব। সংগঠনটোৱে হুংকাৰ প্ৰদান যে যদি তেওঁলোকক আক্ৰমণ কৰা হয় তেন্তে পণবন্দী সকলোকে হত্যা কৰা হ’ব আৰু ইয়াৰ সমগ্ৰ দায়িত্ব পাকিস্তানী সেনাৰ ওপৰত পৰিব।
বেলুচ লিবাৰেশ্যন আৰ্মিৰ সন্ত্ৰাসবাদীয়ে জাফৰ এক্সপ্ৰেছ হাইজেক কৰাৰ পিছতে পাকিস্তান সেনাই প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰিছে। স্থল বাহিনী পিছুৱাই যাবলগীয়া হৈছিল যদিও বৰ্তমান বিমানেৰে আক্ৰমণ চলোৱা হৈছে। ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে হেলিকপ্টাৰ আৰু যুঁজাৰু বিমান। বিএলএৰ মজিদ ব্ৰিগেড, এছটিঅ’এছ, ফটাহ স্কোয়াড আৰু জিৰাব ইউনিটৰ যোদ্ধাসকল এতিয়াও শক্তিশালী অৱস্থাত আছে। সংগঠনটোৱে পাকিস্তানী সেনাবাহিনীক সকীয়াই দি কয়, এয়াই নিজৰ সৈন্যক বচাবলৈ শেষ সুযোগ।
পণবন্দীসকলৰ ভিতৰত আছে ছুটীত পঞ্জাৱলৈ যোৱা পাকিস্তানী সেনা, আৰক্ষী, সন্ত্ৰাসবাদ বিৰোধী বাহিনী (এ টি এফ) আৰু আন্তঃসেৱা চোৰাংচোৱা (আই এছ আই)ৰ সক্ৰিয় কৰ্তব্যৰত কৰ্মীসকল। বিএলএই স্পষ্ট সতৰ্কবাণী দিছে যে, যদি পাকিস্তানী সেনাই কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰে তেন্তে সকলো পণবন্দীক হত্যা কৰা হ’ব। বিএলএৰ মুখপাত্ৰ জিয়ান্দ বালোচে এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰি কয় যে, এই অভিযান সম্পূৰ্ণ পৰিকল্পিত আৰু তেওঁলোকৰ যুজাৰু ৰে’ল আৰু যাত্ৰীসকল সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে।