পাকিস্তান সেনাৰ কনভয়ত ভয়ংকৰ আক্ৰমণঃ ৯০ গৰাকী জোৱানৰ মৃত্যুৰ দাবী
বেলুচিস্তান প্ৰদেশৰ নোছকিত আজি বেলুচ লিবাৰেশ্যন আৰ্মীয়ে পাকিস্তানী নিৰাপত্তা বাহিনীৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ চলায়। পাকিস্তানী বিষয়াৰ তথ্য মতে, এই আক্ৰমণত ৫ জন জোৱানৰ মৃত্যু হোৱাৰ লগতে ১৩ জন জোৱান আহত হৈছে। কিন্তু বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এই আক্ৰমণত প্ৰায় ৯০ জন জোৱান নিহত হোৱা বুলি দাবী কৰিছে।

পাকিস্তানত BLAৰ ভয়ংকৰ আক্ৰমণ
চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত সংঘটিত হৈছে আন এক ভয়াৱহ আক্ৰমণ। বেলুচ উগ্ৰপন্থী গোটে ধাৰাবাহিকভাৱে দেশখনত কুটাঘাত চলাই বিভীষিকাৰ সৃষ্টি কৰিছে। এইবাৰ বেলুচ উগ্ৰপ্ৰন্থীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে পাকিস্তান সেনা। বেলুচিস্তান প্ৰদেশৰ নোছকিত আজি বেলুচ লিবাৰেশ্যন আৰ্মীয়ে পাকিস্তানী নিৰাপত্তা বাহিনীৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ চলায়। নিৰাপত্তা বাহিনীৰ এই কনভয়টোত মুঠ ৯ খন বাহন থকা বুলি জানিব পৰা গৈছে। পাকিস্তানী বিষয়াৰ তথ্য মতে, এই আক্ৰমণত ৫ জন জোৱানৰ মৃত্যু হোৱাৰ লগতে ১৩ জন জোৱান আহত হৈছে।
কিন্তু পাকিস্তান কৰ্তৃপক্ষৰ দাবী নাকচ কৰি বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এই আক্ৰমণত প্ৰায় ৯০ জন জোৱান নিহত হোৱা বুলি দাবী কৰিছে। পাকিস্তানৰ এগৰাকী প্ৰশাসনিক বিষয়াই এই আক্ৰমণ সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে কনভয়ৰ এখন বাছক লক্ষ্য কৰি প্ৰথমে আই ই ডি বিস্ফোৰণ ঘটোৱাৰ পিছত আন এখন বাছক কুৱেটাৰ পৰা টাফটানলৈ যোৱাৰ সময়ত ৰকেট চালিত গ্ৰেনেডে আক্ৰমণৰ লক্ষ্য কৰি লয়।
এই আক্ৰমণৰ ফলত আহত জোৱানসকলক চিকিৎসাৰ বাবে নোছকি আৰু এফ চি কেম্পলৈ লৈ যোৱা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে কয়। ইয়াৰে বহুকেইজনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ বাবে নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰে নোছকিৰ ষ্টেচন হাউচ অফিচাৰগৰাকীয়ে। পাকিস্তান কৰ্তৃপক্ষৰ এই ভাষ্যৰ বিপৰীতে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে আক্ৰমণৰ প্ৰকৃতি অধিক ভয়াৱহ আছিল বুলি দাবী কৰে।
এই আক্ৰমণৰ পিছত বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে কেইঘণ্টামান পূৰ্বে নোছকিৰ আৰ চি ডি হাইৱেৰ ৰাখছান মিলৰ সমীপত ভি বি আই ই ডিৰ আত্মঘাতী আক্ৰমণত বেলুচ লিবাৰেচন আৰ্মীৰ এটা আত্মঘাতী ইউনিট মাজিদ ব্ৰিগেডে দখলদাৰী পাকিস্তানী সেনাৰ কনভয়ক লক্ষ্য কৰি লৈছিল। বিস্ফোৰণত কনভয়ত থকা ৮খন বাছ সম্পূৰ্ণৰূপে ধ্বংস হয় বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।
আক্ৰমণৰ কিছু সময়ৰ পিছতে বেলুচ লিবাৰেশ্যন আৰ্মীৰ ফাতেহ স্কোৱাডে আন এখন বাছ সম্পূৰ্ণৰূপে ঘেৰি ধৰে আৰু বাছখনত থকা সকলো সেনা জোৱানক হত্যা কৰে বুলি বিবৃতিটোত দাবী কৰা হৈছে। এইদৰে শত্ৰু পক্ষৰ নিহত সেনাৰ সংখ্যা ৯০লৈ বৃদ্ধি পায় বুলি দাবী কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে।