5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দিল্লীত উত্তোলন কৰা হ’ব তৌহিদৰ পতাকা! ভাৰতক ভাবুকি ‘ছৌটা লাডেন’ খ্যাত ৰহমানীৰ

আনছাৰুল্লাহ বাংলা টিমৰ মুৰব্বী জাচিমুদ্দিন ৰহমানীয়ে এক ভিডিঅ’ যোগে ভাবুকি প্ৰদান কৰিছে ভাৰতক। যদি ভাৰতে বাংলাদেশক প্ৰত্যাহ্বান জনায় তেন্তে ইছলামক ৰক্ষা কৰিবলৈ ভাৰতক খণ্ড-খণ্ড কৰা হ’ব বুলি ভাবুকি দিছে ৰহমানীয়ে।

দিল্লীত উত্তোলন কৰা হ’ব তৌহিদৰ পতাকা! ভাৰতক ভাবুকি ‘ছৌটা লাডেন’ খ্যাত ৰহমানীৰ
আনছাৰুল্লাহ বাংলা টিমৰ মুৰব্বী জাচিমুদ্দিন ৰহমানী
Follow Us
monjit-dutta
Monjit Dutta | Published: 14 Sep 2024 20:44 PM

অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰিণতিত বাংলাদেশত পতন ঘটিল শ্বেখ হাছিনা চৰকাৰৰ। হাছিনা চৰকাৰৰ পতনৰ পিছতে দেশখনত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয়। চৰকাৰ সলনি হোৱাৰ পাছতে বাংলাদেশত ভাৰত বিৰোধী ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। এইবাৰ দেশখনত সক্ৰিয় হৈ থকা এক সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বীয়ে ভাৰতৰ বিৰুদ্ধে তীব্ৰ বিদ্বেষমূলক বক্তব্য আগবঢ়াইছে। আনছাৰুল্লাহ বাংলা টিমৰ মুৰব্বী জাচিমুদ্দিন ৰহমানীয়ে ভাৰতৰ বিৰুদ্ধে কৰিছে অত্যন্ত বিস্ফোৰক মন্তব্য।

এই আনছাৰুল্লাহ বাংলা টিম হৈছে আল কায়দাৰ এটা গোট। সংগঠনটোৰ মুৰব্বী জাচিমুদ্দিন ৰহমানীক ইতিপূৰ্বে ভাৰতে সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে। শেহতীয়াকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে মুকলি কৰি দিছে জাচিমুদ্দিন ৰহমানীক। চিকিৎসালয়ৰ বিচনাৰ পৰাই ৰহমানীয়ে এক ভিডিঅ’ যোগে ভাৰতক ভাবুকি দিয়া দেখা গৈছে।

মুক্তিৰ এদিন পিছতে ৰহমানীয়ে ভাৰত বিৰোধী বিবৃতি দি কয় যে ভাৰত চৰকাৰে বাংলাদেশক ছিকিম বা ভূটান বুলি গণ্য কৰা উচিত নহয়। যদি ভাৰতে বাংলাদেশৰ বিৰুদ্ধে কোনো পদক্ষেপ লয় তেন্তে তেওঁলোকে চীনক ভাৰতৰ শিলিগুৰি কৰিডৰৰ দিশে আগবাঢ়ি যাবলৈ ক’ব বুলি ভিডিঅ’টোত উল্লেখ কৰে জাচিমুদ্দিন ৰহমানীয়ে।

ৰহমানীয়ে লগতে এই ভিডিঅ’টোত তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক স্বাধীনতাৰ বাবে যুঁজিবলৈ উৎসাহ যোগাব বুলিও মন্তব্য কৰিছে। “আমি কাশ্মীৰীসকলক তেওঁলোকৰ স্বাধীনতাৰ বাবে যুঁজিবলৈ ক’ম আৰু আমি কাশ্মীৰৰ স্বাধীনতাৰ বাবে পাকিস্তান আৰু আফগানিস্তানৰ পৰা সহায় ল’ম। ভাৰতত ভিত্তি কৰি শিখসকলকো আমি স্বাধীনতাৰ বাবে যুঁজিবলৈ উৎসাহ যোগাম।”- এই মন্তব্য ৰহমানীৰ।

ইফালে বংগৰ প্ৰসঙ্গ উল্লেখ কৰি ৰহমানীয়ে মমতা বেনাৰ্জীক বংগত মোদীৰ শাসনৰ অৱসান ঘটাই স্বাধীন বংগ ঘোষণা কৰিবলৈ ক’ব বুলি মন্তব্য কৰে। ৰহমানীয়ে ভিডিঅ’টোত লগতে কয় যে বাংলাদেশে কাৰো সৈতে সংঘাত নিবিচাৰে, কিন্তু ‘কোনোবাই যদি আমাক প্ৰত্যাহ্বান জনায় তেন্তে আমি যুদ্ধক্ষেত্ৰত থিয় দিম’ বুলি তেওঁ লগতে হুংকাৰ দিয়ে।

ভাৰতক ভাবুকি দি ৰহমানীয়ে লগতে হুংকাৰ দি কয়, “যদি ভাৰতে আমাৰ দেশক প্ৰত্যাহ্বান জনায় তেন্তে আমি ইছলামক ৰক্ষা কৰিবলৈ ভাৰতক খণ্ড-খণ্ড কৰিম।” দিল্লীত তৌহিদৰ পতাকা উৰুওৱাৰ দিনটোলৈ বেছি দূৰ নহয় বুলিও সন্ত্ৰাসবাদী নেতাগৰাকীয়ে ভাবুকি দিয়ে। শ্বেখ হাছিনাৰ বিৰুদ্ধে থিয় দিয়াৰ দৰেই ভাৰতৰ বিৰুদ্ধেও থিয় দিব বুলি ৰহমানীয়ে লগতে মন্তব্য কৰে।

উল্লেখ্য যে জাচিমুদ্দিন ৰহমানী বাংলাদেশত ছৌটা লাডেন হিচাপে জনা যায়। ২০১৩ চনত বাংলাদেশৰ এগৰাকী নাস্তিক ব্লগাৰক হত্যা কৰাৰ গোচৰত ৰহমানীক গ্ৰেপ্তাৰ কৰা হৈছিল। ৰহমানীৰ বিৰুদ্ধে ব্লগাৰজনক হত্যা কৰিবলৈ জনসাধাৰণক উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

Latest News