ভাৰতৰ ওচৰত শৰণাপন্ন হ’বলৈ সাজু বাংলাদেশ! চলাইছে দ্বিপাক্ষিক আলোচনা প্ৰস্তুতি..
ভাৰতক নিন্দা কৰা বাংলাদেশে এতিয়া ভাৰতক কাকুতি-মিনতি কৰি ভৰিত ধৰিছে। প্ৰধানমন্ত্ৰী মোদী আৰু মহম্মদ ইউনুছক সাক্ষাৎ কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বাংলাদেশে। কিন্তু ইয়াৰ বাবে ভাৰতৰ পক্ষৰ পৰা এতিয়ালৈকে কোনো সন্মতি দিয়া হোৱা নাই।

ভাৰতৰ সৈতে শত্ৰুতাই ক্ষতিগ্ৰস্ত কৰিছে বাংলাদেশক । যাৰ বাবে ভাৰতৰ শৰণাপন্ন হ’বলৈ সাজু হৈছে দেশখন। ইয়াৰ পৰিপেক্ষিতত বাংলাদেশে ভাৰতক অনুৰোধ জনাইছে যে, এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মহম্মদ ইউনুছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত দ্বিপাক্ষিক বৈঠকৰ আয়োজন কৰক। ভাৰতক নিন্দা কৰি অহা বাংলাদেশৰ হাতত এতিয়া যেন আন একো উপায় নাই।
বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অহা ২-৪ এপ্ৰিললৈ বেংককত অনুষ্ঠিত হ’ব বিমষ্টেক সন্মিলন। এই সময়ছোৱাত বাংলাদেশে দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক আলোচনাৰ বাবে ভাৰতক অনুৰোধ জনাইছে। অৱশ্যে ভাৰতীয় পক্ষৰ পৰা এতিয়ালৈকে ইয়াৰ বাবে কোনো সন্মতি দিয়া নাই। ইয়াৰ পূৰ্বেও বাংলাদেশ চৰকাৰে প্ৰধানমন্ত্ৰী মোদী আৰু মহম্মদ ইউনুছৰ মাজত বৈঠকৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ভাৰতে বিষয়টোত গুৰুত্ব দিয়া নাছিল।
বিমষ্টেক শীৰ্ষ সন্মিলনৰ পূৰ্বে মহম্মদ ইউনুছে ২৮ মাৰ্চত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।এই বৈঠকত ভাৰতে তীক্ষ্ণ দৃষ্টি ৰাখিব কাৰণ বাংলাদেশত অভ্যুত্থানৰ পিছৰে পৰা ভাৰত বিৰোধী ইউনুছে চীন আৰু পাকিস্তানৰ প্ৰতি ঢাল খোৱাৰ সম্ভাৱনা প্ৰৱল।
সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত বিদেশ উপদেষ্টা তৌহীদ হুছেইনে কয় যে, বিমষ্টেক সন্মিলনৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক বৈঠকৰ আয়োজন কৰিবলৈ আমি ভাৰতৰ সৈতে কূটনৈতিক যোগাযোগ স্থাপন কৰিছো। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ওমানত অনুষ্ঠিত ভাৰত মহাসাগৰ সন্মিলনৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তৌহিদৰ সৈতে বৈঠকত মিলিত হৈছিল। বৈঠকৰ অন্তত জয়শংকৰে কয় যে, আলোচনাত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু বহু খণ্ডৰ কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে বে অৱ বেংগল ইনিচিয়েটিভ (BIMSTEC) ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
জয়শংকৰে টুইট কৰি কয় যে, তেওঁ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহীদ হুছেইনক সাক্ষাৎ কৰে। তেওঁ কয় যে, কথা-বতৰা আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে (BIMSTEC) ৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়েও এক বিবৃতি প্ৰকাশ কৰি কয় যে, দুয়োপক্ষই পাৰস্পৰিক চিন্তা আৰু স্বাৰ্থৰ বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনা কৰে।
অভ্যুত্থানৰ পাছত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল যদিও এতিয়া ভাৰতৰ সন্মুখত তেওঁৰ সকলো ক্ষমতা উদঙাই দিয়া হৈছে। ইয়াৰ লগতে লগে সলনি হৈছে ইউনুছৰ সুৰ। যিগৰাকী শ্বেখ হাছিনাক লৈ তেওঁ ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু এতিয়া সেই বিষয়ক লৈ ভাৰতক কাতৰ অনুৰোধ কৰা দেখা গৈছে। শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ দাবী আৰু পাকিস্তান-চীনৰ সৈতে সম্পৰ্ক স্থাপনৰ চেষ্টাৰ পিছত ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক তিক্ত হৈ পৰিছে। কিন্তু এতিয়া মহম্মদ ইউনুছে লাহে লাহে পুনৰ শুদ্ধ পথত আগবাঢ়িছে। ক্ৰমান্বয়ে সলনি হৈ আহিছে সুৰ।
শেহতীয়াকৈ মহম্মদ ইউনুছে শ্বেখ হাছিনাৰ দল সন্দৰ্ভত এটা ডাঙৰ বিবৃতি দিছিল। তেওঁ কৈছিল যে, আৱামী লীগ নিষিদ্ধ কৰাৰ কোনো পৰিকল্পনা নাই। বাংলাদেশৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে, অন্তৱৰ্তীকালীন চৰকাৰে আৱামী লীগ নিষিদ্ধ কৰাৰ কোনো পৰিকল্পনা নাই যদিও ইয়াৰ নেতৃত্বৰ সৈতে জড়িত যিসকলৰ বিৰুদ্ধে হত্যা আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধকে ধৰি অপৰাধৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ ওপৰত বাংলাদেশৰ আদালতত বিচাৰ কৰা হ’ব।