ৰঙা চীন ভ্ৰমণ কৰিব মহম্মদ ইউনুছে; কিয় চিন্তা বাঢ়িছে ‘চিকেন নেক’ক লৈ
ভাৰতৰ সৈতে সম্পৰ্ক শিথিল কৰাৰ সমান্তৰালকৈ পাকিস্তান আৰু চীনৰ সৈতে হাত মিলাইছে বাংলাদেশে । ফলত এতিয়া দেশৰ ভিতৰতে বাঢ়িছে উদ্বেগ । ‘চিকেন নেক’ৰ আশে-পাশে সৃষ্টি হৈছে এক বিশেষ চিন্তনীয় পৰিৱেশৰ । এই পৰিৱেশতেই চীনলৈ যাবলৈ ওলাইছে মঃ ইউনুছ । জানিব পৰা মতে, বিনিয়োগ আকৰ্ষণৰ লক্ষ্যৰে তেওঁ যাব খুজিছে ৰঙা চীনলৈ । তাত তেওঁ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতেও সাক্ষাৎ কৰিব ।

পৰিৱৰ্তনৰ পিছৰে পৰা বিশ্ববাসীক নতুন ৰূপ দেখুৱাইছে বাংলাদেশে । একাংশ কূটনীতিবিদৰ মতে বাংলাদেশ যি দিশে গৈ আছে তাৰ পৰা উভতি অহাৰ পথ হয়তো নাথাকিব । যোৱা বছৰ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ইজিপ্তত অনুষ্ঠিত ডি-৮ সন্মিলনত অংশগ্ৰহণ কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে সাক্ষাৎ কৰিছিল ।
ভাৰতৰ সৈতে সম্পৰ্ক শিথিল কৰাৰ সমান্তৰালকৈ পাকিস্তান আৰু চীনৰ সৈতে হাত মিলাইছে বাংলাদেশে । ফলত এতিয়া দেশৰ ভিতৰতে বাঢ়িছে উদ্বেগ । ‘চিকেন নেক’ৰ আশে-পাশে সৃষ্টি হৈছে এক বিশেষ চিন্তনীয় পৰিৱেশৰ । এই পৰিৱেশতেই চীনলৈ যাবলৈ ওলাইছে মঃ ইউনুছ । জানিব পৰা মতে, বিনিয়োগ আকৰ্ষণৰ লক্ষ্যৰে তেওঁ যাব খুজিছে ৰঙা চীনলৈ । তাত তেওঁ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতেও সাক্ষাৎ কৰিব ।
দেওবাৰে ঢাকাৰ বৈদেশিক মন্ত্ৰালয়ত অনুষ্ঠিত সংবাদমেলত ইউনুছৰ ভ্ৰমণৰ কথা ঘোষণা কৰে প্ৰেছ সচিব ছফিকুল আলমে । তেওঁ কয় যে মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ২৬ মাৰ্চত বেইজিং ভ্ৰমণ কৰিবলৈ ওলাইছে । ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে দেশখনক সংস্কাৰৰ বাবে প্ৰয়োজনীয় সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিছে । এইবাৰ মুখ্য উপদেষ্টাগৰাকীয়ে চীনৰ পৰা বিনিয়োগ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ ওলাইছে ।
প্ৰশাসনিক সূত্ৰ অনুসৰি ইউনুছে চীন দেশ ভ্ৰমণ কৰিব মুঠ চাৰিদিনৰ বাবে । ২৬ তাৰিখে বাংলাদেশৰ পৰা ৰাওনা হ’ব ইউনুছ । ২৮ তাৰিখে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে বৈঠকত মিলিত হ’ব তেওঁ ।
প্ৰসংগক্ৰমে বিশেষজ্ঞসকলে দাবী কৰিছে যে বাংলাদেশক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অশান্তিৰ মাজতে ইউনুছৰ চীন ভ্ৰমণ অতি তাৎপৰ্যপূৰ্ণ । চৰকাৰ সলনি হোৱাৰ পিছৰে পৰা বাংলাদেশে ভাৰতৰ ‘শত্ৰু’ দেশৰ সৈতে বন্ধুত্ব বৃদ্ধি কৰি আহিছে ।
এই সকলোবোৰৰ মাজতে দেশখনত বৃদ্ধি পাইছে ভাৰত বিৰোধী কাৰ্যকলাপ । বিশেষকৈ ‘চিকেন নেক’ অঞ্চলত বাঢ়িছে চাপ । এফালে চীনৰ আগ্ৰাসন, আনফালে বাংলাদেশৰ অবিৰত সমৰ্থন । ইয়াৰ ফলত ভাৰত যে অত্যন্ত অস্বস্তিত পৰিব পাৰে তাত কোনো সন্দেহ নাই । সেই পৰিৱেশ সৃষ্টি বাবেই যেন চীন ভ্ৰমণলৈ ওলাইছে পদ্মাৰ পাৰৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ ।