5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৭ দিনত ২০৫ টা আক্ৰমণৰ ঘটনা, বাংলাদেশৰ হিন্দু সংকটত

শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পাছতেই বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে।  নিতৌ হিন্দুৰ ওপৰত আক্ৰমণৰ নতুন নতুন ঘটনা পোহৰলৈ আহিছে

৭ দিনত ২০৫ টা আক্ৰমণৰ ঘটনা, বাংলাদেশৰ হিন্দু সংকটত
বাংলাদেশ হিন্দু
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 13 Aug 2024 09:34 AM

বাংলাদেশত হিন্দুৰ ওপৰত কৰা আক্ৰমণ কিছু কম হৈছে যদিও সম্পূৰ্ণ বন্ধ হোৱা নাই । যোৱা ৭ দিনত বাংলাদেশত হিন্দুৰ ওপৰত দুশৰো অধিক আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। একাংশ উগ্ৰবাদীয়ে সংখ্যালঘুসকলক লক্ষ্য কৰি ঘৰ- দুৱাৰ, মন্দিৰ আদিৰ যথেষ্ঠ ক্ষতিসাধন কৰিছে।  বাংলাদেশৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি বিগত ৭ দিনত ৫২ খন জিলাত সংখ্যালঘুৰ ওপৰত ২০৫টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে এই হিংসাত্মক ঘটনাত ১০০ৰো অধিক হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ মৃত্যু হৈছে।

শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পাছতেই বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে।  নিতৌ হিন্দুৰ ওপৰত আক্ৰমণৰ নতুন নতুন ঘটনা পোহৰলৈ আহিছে। ক’ৰবাত যদি মন্দিৰ ভাঙিছে, ক’ৰবাত আকৌ হিন্দুৰ ঘৰ জ্বলাই দিছে। এনে ঘটনাক লৈ বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ক্ষমাও খুজিছে। লগতে কৈছে যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। হিন্দুৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ বাবে সংখ্যালঘুসকলে প্ৰতিবাদ কৰাও দেখা গৈছে। কিন্তু এই আক্ৰমণক লৈ বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰে কি ব্যৱস্থা লৈছে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই।

ধৰ্মনিৰপেক্ষ দাবী কৰা এই দেশখনত ৫ আগষ্টত শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত  হৈছিল। তাৰ পাছত দেশখনত হিন্দু বা সংখ্যালঘুসকলৰ পৰিস্থিতি কি হৈছে সেয়া সমগ্ৰ বিশ্বই দেখিছে । মৌলবাদীসকলে ইস্কন মন্দিৰটো লুটপাত কৰি জুই লগাই দিয়াৰ ভিডিঅ’ পোহৰলৈ আহিছিল। হিন্দুসকলে কয় যে  ৫০০ৰো অধিক লোকে এই আক্ৰমণ সংঘটিত কৰিছিল। কেৱল ইমানেই নহয়, মৌলবাদীসকলে ধৰ্ম গ্ৰন্থ আদিও নষ্ট কৰি পেলায়। বেদ, পুৰাণ আৰু শ্ৰীমদ্ভাগৱত গীতাৰ পৰা মন্দিৰৰ সকলো বস্তুতে জুই লগাই দিছিল।  ভগৱানৰ সোণৰ আ- অলংকাৰ, নগদ ধন আদি সকলো লুটি লৈ গৈছিল।

ইয়াৰ মাজতে ভাৰতলৈ বাংলাদেশীৰ অনুপ্ৰৱেশ ঘটিছে। হাজাৰ হাজাৰ বাংলাদেশী হিন্দু ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্তত ভিৰ কৰি থকা পৰিলক্ষিত হয়। আনকি ভুৱা তথ্য দি ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰোতে বহু বাংলাদেশী গ্ৰেপ্তাৰো হৈছে। বহুলোকক আটক কৰি বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে। বি এছ এফে এই অনুপ্ৰৱেশ ৰোধ কৰাৰ চেষ্টা কৰি আছে যদিও সীমান্তত এক ভয় লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ কৰাৰ প্ৰয়োজন যে ভাৰত- বাংলাদেশ সীমান্তত উপযুক্ত নিৰাপত্তা নাই যাৰ বাবে অতি সহজে কোনোৱে ভাৰতত প্ৰৱেশ কৰিব পাৰে। কোনো কোনো সীমান্তত কাঁইটীয়া বেৰ নাই, যাৰ বাবে এই সমূহ ঠাই বাংলাদেশীয়ে লক্ষ্য কৰি লৈছে।

Latest News