শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Bangladesh Crisis: ধন বিচাৰি চীনৰ শৰণাপন্ন হ’ব দেউলীয়া বাংলাদেশ!

Bangladesh: চৰম আৰ্থিক সংকটত ভুগিছে বাংলাদেশ। এনে সময়চোৱাত আই এম এফেও ঋণ মোকলাই দিয়া নাই চুবুৰীয়া ৰাষ্ট্ৰখনক। অৱশ্যে এই সমগ্ৰ ঘটনাৰ সুযোগ লৈ দেশখনৰ কাষ চাপিছে চীন।

Bangladesh Crisis: ধন বিচাৰি চীনৰ শৰণাপন্ন হ’ব দেউলীয়া বাংলাদেশ!
বাংলাদেশ- চীনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 29 Jan 2025 15:44 PM

ৰাজনৈতিক অস্থিৰতাৰ মাজতে তীব্ৰ আৰ্থিক সংকটত ভুগিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ। দেশ চলাবলৈ সঘনাই আই এম এফৰ পৰা ঋণ লৈছে বাংলাদেশে।  তীব্ৰ আৰ্থিক সংকটত ভুগি আই এম এফৰ পৰা লোৱা ঋণৰ চতুৰ্থ তথা অন্তিম কিস্তি ১০ ফেব্ৰুৱাৰীত লাভ কৰাৰ সম্ভাৱনা। কিন্তু নিৰ্দিষ্ট তাৰিখত আই এম এফে ধন দিব বিচৰা নাই । তথ্য অনুসৰি বৰ্তমান সময়ত চলি থকা ঋণৰ উপৰি বাংলাদেশ চৰকাৰে পুনৰ ৭০ কোটি় ডলাৰ ঋণৰ অনুৰোধ জনাইছিল। কিন্তু শেহতীয়াকৈ বাংলাদেশ চৰকাৰে জনাই যে কাৰিকৰী কাৰণত এই ঋণৰ কিস্তি লাভ কৰাত কিছু পলম হ’ব।

সূত্ৰ অনুসৰি জানিব পৰা মতে এই খবৰ মিছা। ইয়াৰ প্ৰকৃত কাৰণ হ’ল-ঋণৰ বাবে আই এম এফে নিৰ্ধাৰণ কৰা চৰ্তসমূহ বাংলাদেশে সম্পূৰ্ণৰূপে পূৰণ কৰিব পৰা নাই। বাংলাদেশৰ অন্তৱৰ্তীকালী মহম্মদ ইউনুছ চৰকাৰে আই এম এফত অতিৰিক্ত ঋণ প্ৰদানৰ বাবে অনুৰোধ জনাইছিল। কিন্তু আই এম এফে এই ঋণ প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আগন্তুক মাৰ্চ মাহত বাংলাদেশ চৰকাৰৰ সৈতে বৈঠকত মিলিত হ’ব আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF) । উক্ত বৈঠকত ঋণ পৰিশোধৰ ক্ষেত্ৰত বাংলাদেশে নতুন পৰিকল্পনা দাখিল কৰাৰ পাছতহে আই এম এফে কিস্তিৰ ধন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে, আই এম এফৰ পৰা ঋণ ল’বলৈ হ’লে এখন দেশৰ চৰকাৰে কঠোৰ চৰ্ত পালন কৰিব লাগে। বিদেশী মুদ্ৰা ভাণ্ডাৰ বৃদ্ধি কৰাৰো প্ৰয়োজন আহি পৰে। এনে ক্ষেত্ৰত বাংলাদেশ চৰকাৰে বহু কৰ আৰোপ কৰিবলগীয়া হৈছে। জানিব পৰা মতে ,যোৱা কেইটামান দিনত ইউনুছ চৰকাৰে ভেটৰ হাৰ বৃদ্ধি কৰি দিছে। বাংলাদেশত নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাও এতিয়া জনতাৰ বাবে প্ৰত্যাহ্বান। ভেট বৃদ্ধিৰ পাছতেই চুবুৰীয়া ৰাষ্ট্ৰখনত বস্তু-সামগ্ৰীৰ দাম নিয়ন্ত্ৰণহীন হৈ পৰে। কিন্তু তাৰ পাছতো ইউনুছ চৰকাৰে আই এম এফৰ চৰ্ত পূৰণ কৰিব পৰা নাই। গতিকে প্ৰশ্ন হয়, দেশখনে ঋণ পৰিশোধ কৰিবলৈ ধন সংগ্ৰহ কৰিব পাৰিবনে?


ইয়াৰ মাজতে চীনে সহায়ৰ হাত আগবঢ়াইছে বাংলাদেশলৈ। মহম্মদ ইউনুছে একাধিক অনুৰোধ লৈ চীনৰ কাষ চাপিছিল। সূত্ৰ অনুসৰি চীনৰ ছি জিনপিঙে বাংলাদেশৰ ঋণ পুনৰ্গঠনৰ অনুৰোধ মানি ল’বলৈ নীতিগতভাৱে সন্মতি প্ৰকাশ কৰিছে। চীনে সুতৰ হাৰ হ্ৰাস, কিছু ঋণৰ ম্যাদ বৃদ্ধি, নতুন ঋণ প্ৰদানৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহত দুয়োখন দেশৰ মাজত নতুন চুক্তি হোৱাৰ সম্ভাৱনা আছে।  এই সমগ্ৰ ঘটনা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞই কয় যে, বাংলাদেশৰ সংকট আৰু বাংলাদেশৰ দৃশ্যপটৰ পৰিবৰ্তনৰ সময়চোৱাত চীন হাত সাবতি বহি নাথাকে। গতিকে চীনে এই পৰিস্থিতিৰ সুযোগ লৈ পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ বাংলাদেশলৈ সকলো ধৰণৰ সাহাৰ্য বন্ধ ঘোষণা ট্ৰাম্প চৰকাৰৰ, পতনৰ দিশে ইউনুছ চৰকাৰ