নাহিদ ইছলাম কোন? যাৰ নেতৃত্বত বাংলাদেশত ভংগ হ'ল শ্বেখ হাছিনাৰ চৰকাৰ... | Bangladesh crisis who is Nahid island protest against sheikh Hasina Assam news - Assam Tv9

নাহিদ ইছলাম কোন? যাৰ নেতৃত্বত বাংলাদেশত ভংগ হ’ল শ্বেখ হাছিনাৰ চৰকাৰ…

Updated On: 

06 Aug 2024 09:19 AM

বৰ্তমান বাংলাদেশৰ শাসনভাৰ সেনাই গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত গঠন হ'ব অন্তৱৰ্তীকালীন চৰকাৰ। চৰকাৰ বিৰোধী এই প্ৰতিবাদৰ মাজত এটা বিশেষ নাম পোহৰলৈ আহিছে। তেওঁৰ নাম ছাত্ৰ নেতা নাহিদ ইছলাম।

নাহিদ ইছলাম কোন? যাৰ নেতৃত্বত বাংলাদেশত ভংগ হল শ্বেখ হাছিনাৰ চৰকাৰ...

নাহিদ, শ্বেখ হাছিনা

Follow Us On

সোমবাৰে বাংলাদেশত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাজধানী ঢাকাত শ্বেখ হাছিনাৰ চৰকাৰী বাসগৃহ প্ৰৱেশ কৰি  তেওঁ পিতৃ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি মুজিবৰ ৰহমানৰ প্ৰতিমূৰ্তি হাতুৰীৰে ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দলৰ কাৰ্যালয়ত জুই লগাই দিয়ে। ইয়াৰ পূৰ্বে শ্বেখ হাছিনাই পদত্যাগ কৰি ৰাওনা হয় ভাৰতলৈ। প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত প্ৰৱেশ কৰাৰ পাছতেই প্ৰতিবাদকাৰী সকলে বিজয় উদযাপন কৰা দেখা যায়। একাংশ প্ৰতিবাদকাৰীয়ে শ্বেখ হাছিনাৰ বাসগৃহৰ পৰা হাঁহ, শহাপহু, চকী, আদি বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যায়। কেৱল ইমানেই নহয় একাংশই হাছিনাৰ বিচনাত শুৱাৰ লগতে একাংশই হাছিনাৰ ব্লাউজ লৈ ফটো উঠাও দেখা যায়।

বাংলাদেশত সংৰক্ষণৰ বিৰোধিতাৰে আৰম্ভ হোৱা প্ৰতিবাদ পাছলৈ চূড়ান্ত পৰ্যায় পাই আৰু প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া হয়। বৰ্তমান বাংলাদেশৰ শাসনভাৰ সেনাই গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত গঠন হ’ব অন্তৱৰ্তীকালীন চৰকাৰ। চৰকাৰ বিৰোধী এই প্ৰতিবাদৰ মাজত এটা বিশেষ নাম পোহৰলৈ আহিছে। তেওঁৰ নাম ছাত্ৰ নেতা নাহিদ ইছলাম।

সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনৰ মূল নেতৃত্ব নাহিদ ইছলামে দিয়া বুলি দাবী উত্থাপন হৈছে। অৱশ্যে এই ছাত্ৰ আন্দোলনৰ আৰু ১৫৬ জন সমন্বয়ক আছে। শ্বেখ হাছিনা আৰু তেওঁৰ মন্ত্ৰীসভাৰ পদত্যাগৰ দাবীত নাহিদ ইছলামে ৪ আগষ্টৰ পৰা সম্পূৰ্ণ অসহযোগ আন্দোলনৰ ঘোষণা কৰিছিল। ইয়াৰোপৰি নাহিদ ইছলামে আলোচনাৰ বাবে শ্বেখ হাছিনাই কৰা আমন্ত্ৰণো প্ৰত্যাখ্যান কৰিছিল।  নাহিদে কৈছিল যে কোনো বাংলাদেশীয়ে দেশত জৰুৰীকালীন বা সান্ধ্য আইন মানি নলয়। লগতে আলোচনাৰ বাবে সাজু নহয় বুলিও তেওঁ  কৈছিল।

নাহিদ ইছলাম কোন

৩২ বছৰীয়া নাহিদ ইছলাম ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ। তেওঁৰ নেতৃত্বতেই বাংলাদেশৰ যুৱক-যুৱতীসকলে শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই আন্দোলনত ১০ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে আৰু বৰ্তমানলৈকে প্ৰায় ২০০ জনলোকৰ মৃত্যু হৈছে।

অভিযোগ অনুসৰি, ২০২৪ চনৰ ১৯ ​​জুলাইৰ মাজনিশা ছাবুজবাগৰ পৰা কমেও ২৫ জন লোকে নাহিদ ইছলামক অপহৰণ কৰি নিছিল। তাৰ পাছতে ছাত্ৰ নেতাজনক এটা কোঠালৈ নি চকুত বান্ধি ছাত্ৰ আন্দোলন সন্দৰ্ভত প্ৰশ্ন কৰিছিল। ইয়াৰ পিছত ২১ জুলাইত পুৰবাচেলফৰ এখন দলঙৰ তলত নাহিদ অচেতন অৱস্থাত উদ্ধাৰ হৈছিল। শৰীৰৰ বিভিন্ন স্থানত আঘাতো লাগিছিল নাহিদৰ।  ২৬ জুলাইত নাহিদক ধনমণ্ডিৰ গনোশাস্থা চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পৰাই আৰক্ষীয়ে তেওঁক জিম্মাত লয়। অভিযোগ অনুসৰি এই সময়চোৱাত আৰক্ষীয়ে নাহিদক আন্দোলন শেষ কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰে।

জানিব পৰা মতে, ২০১৮ চনত নাহিদ ইছলামে বাংলাদেশৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ দাবীত অনলাইন অভিযান আৰম্ভ কৰিছিল। এক লাখৰো অধিক লোকে এই অভিযানত সমৰ্থন আগবঢ়াইছিল। ইয়াৰ পিছত ২০২০ চনত তেওঁ চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে এটা ভিডিঅ’ মুকলি কৰি সমগ্ৰ দেশতে ভাইৰেল হৈ পৰে। সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা নাহিদ ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে। বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সময়তে তেওঁ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হয়। ইয়াৰ পাছত বিভিন্ন সময়ত বিভিন্ন দিশৰ ওপৰত মন্তব্য় কৰি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে নাহিদ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version