5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেনে আছে বাংলাদেশৰ হিন্দুসকল? দেশখনৰ পৰা অহা যাত্ৰীয়ে ক’লে সবিশেষ…

মঙলবাৰে নিশা বাংলাদেশৰ ঢাকাৰ পৰা এয়াৰ ইণ্ডিয়াৰ ২৩৮ নং বিমানখনে নিশা ১২:৪৫ বজাত দিল্লীৰ টাৰ্মিনেল ৩ বিমানবন্দৰত অৱতৰণ কৰে। এই বিমানখনেদি অহা যাত্ৰীসকলে বাংলাদেশৰ পৰিস্থিতিৰ কথা বৰ্ণনা কৰিছে। 

কেনে আছে বাংলাদেশৰ হিন্দুসকল? দেশখনৰ পৰা অহা যাত্ৰীয়ে ক’লে সবিশেষ…
বাংলাদেশ হিন্দু
Follow Us
barasha-sarma
Barasha Sarma | Published: 07 Aug 2024 17:52 PM

বাংলাদেশৰ হিংসা চৰম পৰ্যায় পাছেগৈ। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি পলায়ন কৰাৰ পাছতেই দেশখনৰ পৰা বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহিছে। গণ অভ্যুত্থানত বাংলাদেশ চৰকাৰ চাৰখাৰ হোৱাৰ পাছতেই এতিয়া যেন বাংলাদেশৰ সংখ্যালঘু সকল নিৰাপত্তহীনতাত ভুগিছে। কোনো কোনো প্ৰতিবাদকাৰীয়ে আৰক্ষী থানাসমূহক লক্ষ্য কৰি লৈছে আন কিছুমান আকৌ আবামি লীগৰ কাৰ্যালয়সমূহত আক্ৰমণ কৰিছে। এই সকলোবোৰৰ মাজতে খবৰ আহিছে যে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে। হিন্দুৰ ঘৰ, ব্যৱসায় আদি জ্বলাই দিয়াৰ খবৰ পোহৰলৈ আহিছে।

মঙলবাৰে নিশা বাংলাদেশৰ ঢাকাৰ পৰা এয়াৰ ইণ্ডিয়াৰ ২৩৮ নং বিমানখনে নিশা ১২:৪৫ বজাত দিল্লীৰ টাৰ্মিনেল ৩ বিমানবন্দৰত অৱতৰণ কৰে। এই বিমানখনেদি অহা যাত্ৰীসকলে বাংলাদেশৰ পৰিস্থিতিৰ কথা বৰ্ণনা কৰিছে।  যাত্ৰীসকলৰ মতে এতিয়া বাংলাদেশৰ পৰিস্থিতি স্বাভাৱিক দিশলৈ গতি কৰিছে। এতিয়া ৰাইজৰ মাজত ভয়ৰ পৰিৱেশ নাই।

বিমানখনৰ পৰা নামি অহা যাত্ৰীসকলক বাংলাদেশৰ হিন্দুসকলৰ অৱস্থাৰ বিষয়ে সোধাত তেওঁলোকে হিন্দু, সংখ্যালঘু আৰু মন্দিৰৰ ওপৰত আক্ৰমণ চলোৱাৰ কথা অস্বীকাৰ কৰে। অৱশ্যে একাংশই কয় যে, যি ঠাইত হিংসা হৈছিল তাৰ পৰা তেওঁলোক দূৰত আছিল। গতিকে কি হৈছিল সেয়া তেওঁলোকে দেখা নাই। বিমানখনৰ যাত্ৰী অৰ্পিতে কয়, ‘মই বেংকৰ অফিচত কাম কৰো। সকলো ভাৰতীয় নিৰাপদ, কেৱল স্থানীয় বাঙালীকহে আক্ৰমণ কৰা হৈছে। আমি যি ঠাইত আছিলো, তাত পৰিস্থিতি ঠিকেই আছে।”

ভাৰতলৈ অহা সকলে হিংসাত্মক পৰিস্থিতি নেদেখিলেও বাংলাদেশত হিন্দুসকল নিৰাপত্তাহীনতাত ভোগা বুলি খবৰ আহিছে। হিন্দুৰ ঘৰ, মন্দিৰ আদি জ্বলাই দিয়াৰ ফটো, ভিডিঅ’ পোহৰলৈ আহিছে। বাংলাদেশত হিন্দু মুঠ জনসংখ্যাৰ ৮ শতাংশ। প্ৰায় ২ কোটি হিন্দু আছে বাংলাদেশত। এনে পৰিস্থিতিত এতিয়া হিন্দুসকল ভাৰতলৈ অনুপ্ৰৱেশ কৰিব বুলি আশংকা কৰা হৈছে।

বিশেষকৈ অসমৰ ক্ষেত্ৰত ই শুভ সংকেত নহয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই ক্ষেত্ৰত আশংকা প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে অত্যাচাৰৰ সন্মুখীন হৈ বাংলাদেশৰ পৰা বহু সময়ত হিন্দুৰ প্ৰব্ৰজন ঘটে অসমলৈ। এনে পৰিস্থিতিত যদি এতিয়া পুনৰ অসমলৈ এই প্ৰব্ৰজন ঘটে তেন্তে ই এক ডাঙৰ সমস্যা হৈ পৰিব। উল্লেখ্য যে, বাংলাদেশত সংৰক্ষণৰ বিৰোধিতাৰে প্ৰতিবাদ আৰম্ভ হৈছিল যদিও পাছলৈ ই ভয়ংকৰ ৰূপ লৈছিল।  হাছিনাৰ পদত্যাগৰ পাছতেই বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ দায়িত্ব দিয়া হৈছে ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছক।

 

Latest News