শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হাছিনা সন্দৰ্ভত ভাৰতলৈ গোপন পত্ৰ ইউনুছ চৰকাৰৰ? পিছে কি আছে এই পত্ৰত?

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশ এৰাৰ পিছৰে পৰা দেশৰ তত্বাৱধায়ক চৰকাৰে তেওঁক উভতাই নিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁলোকে দাবী কৰে যে হাছিনাক পুনৰ দেশলৈ নিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে চলি থকা গোচৰটো আগবঢ়াই নিব লাগিব। অৱশ্যে ঢাকাৰ এই দাবীক লৈ নতুন দিল্লীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।

হাছিনা সন্দৰ্ভত ভাৰতলৈ গোপন পত্ৰ ইউনুছ চৰকাৰৰ? পিছে কি আছে এই পত্ৰত?
ভাৰতলৈ গোপন পত্ৰ ইউনুছ চৰকাৰৰ
trishna-kalita
Trishna Kalita | Updated On: 14 Feb 2025 17:20 PM

ইফালে যদি বাংলাদেশত হিংসাৰ জুইকুৰা জ্বলিয়ে আছে, আনফালে অব্যাহত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীক দেশলৈ প্ৰত্যাৱৰ্তনৰ প্ৰচেষ্টা।  বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ঘৰলৈ ঘূৰাই নিয়াৰ বাবে অৱলম্বন কৰিছে নিতৌ ন ন কৌশল। ইয়াৰে এক পদক্ষেপ হিচাপে নতুন দিল্লীলৈ গোপন নথি-পত্ৰ প্ৰেৰণ কৰিছে বাংলাদেশ চৰকাৰে। বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে ঢাকাত এখন সংবাদমেলত  এই কথা প্ৰকাশ কৰে দেশখনৰ তত্বাৱধায়ক চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰফিকুল আলমে।

সংবাদমেলত তেওঁ কয়, “বন্দী বিনিময় চুক্তিৰ অধীনত শ্বেখ হাছিনাক দেশলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে। ৰাজনৈতিক আৰু কূটনৈতিক দুয়োটা সিদ্ধান্তৰ ভিত্তিত প্ৰেৰণ কৰা হৈছে এই পত্ৰখন। অৱশ্যে এই প্ৰেক্ষাপটত এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই চাউথ ব্লকে।

এনে কূটনৈতিক বাৰ্তা প্ৰেৰণ কৰাৰ সিদ্ধান্ত এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক উপদেষ্টা তৌহিদ হাছানে হাছিনাক দেশলৈ ঘূৰাই পঠিয়াবলৈ নতুন দিল্লীলৈ কূটনৈতিক বাৰ্তা প্ৰেৰণ কৰিছিল ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশ এৰাৰ পিছৰে পৰা দেশৰ তত্বাৱধায়ক চৰকাৰে তেওঁক উভতাই নিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁলোকে দাবী কৰে যে হাছিনাক পুনৰ দেশলৈ নিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে চলি থকা গোচৰটো আগবঢ়াই নিব লাগিব। অৱশ্যে ঢাকাৰ এই দাবীক লৈ নতুন দিল্লীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।

মন কৰিবলগীয়া যে বুধবাৰে বাংলাদেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে তেওঁৰ পৰামৰ্শদাতাসকলৰ সৈতে হাছিনাৰ শাসনৰ দ্বাৰা নিৰ্মিত ‘বিতৰ্কিত’ কুঠৰীত অভিযান চলাইছিল। কোৱা হয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বিৰোধিতা কৰা লোকসকলক বছৰ বছৰ ধৰি এই কশ কুঠৰীত বন্দী কৰি ৰখা হৈছিল। ইউনুছে তেওঁৰ কেইবাজনো পৰামৰ্শদাতা আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিক‌ লৈ সেই বন্ধ কুঠৰীত তালাচী চলাই। হাছিনাৰ সময়ৰ ক’লা অতীতৰ ওপৰত আলোকপাত কৰে ইউনুছে।