বাংলাদেশৰ হিংসা: কিমানজন হিন্দুৱে হেৰুৱালে প্ৰাণ, কিমান মন্দিৰত হৈছে আক্ৰমণ? চৰকাৰে দাখিল কৰিলে সবিশেষ তথ্য…
বিগত দুমাহত বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন সোধা হৈছিল। বাংলাদেশৰ হিন্দু মন্দিৰত সংঘটিত আক্ৰমণৰ সংখ্যাৰ লগতে আহত বা নিহত হোৱা হিন্দু লোকৰ সংখ্যা সন্দৰ্ভত তথ্য বিচৰা হৈছিল। ইয়াৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে এই তথ্য দাঙি ধৰে।
![বাংলাদেশৰ হিংসা: কিমানজন হিন্দুৱে হেৰুৱালে প্ৰাণ, কিমান মন্দিৰত হৈছে আক্ৰমণ? চৰকাৰে দাখিল কৰিলে সবিশেষ তথ্য… বাংলাদেশৰ হিংসা: কিমানজন হিন্দুৱে হেৰুৱালে প্ৰাণ, কিমান মন্দিৰত হৈছে আক্ৰমণ? চৰকাৰে দাখিল কৰিলে সবিশেষ তথ্য…](https://images.assamtv9.com/uploads/2025/02/bangladesh-voilence-3.webp?w=1280)
যোৱা বছৰৰ আগষ্ট মাহৰ পৰাই ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত সূত্ৰপাত হৈছে অনিয়ন্ত্ৰিত পৰিস্থিতিৰ। আগষ্ট মাহত দেশত পতন ঘটিছিল হাছিনা চৰকাৰৰ। তাৰ পিছত সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণৰ বহু খবৰ পোহৰলৈ আহে। ভাৰতেও হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিৰীক্ষণ কৰি তীব্ৰ গৰিহণা দিয়ে। ইয়াৰ মাজতে সংঘটিত আক্ৰমণ সন্দৰ্ভত অলপতে লোকসভাত প্ৰশ্ন উত্থাপন হোৱাৰ সময়ত বিদেশ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীয়ে কয় যে আগষ্টৰ পৰা এতিয়ালৈকে বাংলাদেশত ২৩ জন হিন্দুৰ মৃত্যুৰ লগতে আৰু ১৫২ টা মন্দিৰৰ ওপৰত আক্ৰমণ হৈছে। শুকুৰবাৰে চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি আগষ্টৰ পৰা এতিয়ালৈকে বাংলাদেশত ২৩ জন হিন্দুৰ মৃত্যু হোৱাৰ লগতে ১৫২টাকৈ মন্দিৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।
কিমান হিন্দুৰ মৃত্যু হ’ল?
বিগত দুমাহত বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন সোধা হৈছিল। বাংলাদেশৰ হিন্দু মন্দিৰত সংঘটিত আক্ৰমণৰ সংখ্যাৰ লগতে আহত বা নিহত হোৱা হিন্দু লোকৰ সংখ্যা সন্দৰ্ভত তথ্য বিচৰা হৈছিল। ইয়াৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে এই তথ্য দাঙি ধৰে।
বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত লগতে কয় যে যোৱা দুমাহৰ ভিতৰত (২০২৪ চনৰ ২৬ নৱেম্বৰৰ পৰা ২৫ জানুৱাৰী ২০২৫ লৈ) বাংলাদেশত হিন্দুৰ বিৰুদ্ধে আক্ৰমণৰ ৭৬টা ঘটনা সংঘটিত হৈছে।
উত্তৰত তেওঁ কয় যে আগষ্টৰ পৰা এতিয়ালৈকে ২৩ জন হিন্দুৰ মৃত্যু হৈছে। লগতে বাংলাদেশত হিন্দু মন্দিৰত আক্ৰমণৰ ১৫২টা ঘটনা সংঘটিত হৈছে। লগতে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীয়ে উল্লেখ কৰে যে বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত সংঘটিত হিংসাৰ ঘটনাৰ ওপৰত দৃষ্টি ৰাখিছে ভাৰত চৰকাৰে। ২০২৪ চনৰ ৯ ডিচেম্বৰত বৈদেশিক সচিবৰ বাংলাদেশ ভ্ৰমণৰ সময়ত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ নিৰাপত্তাৰ সন্দৰ্ভত ভাৰতৰ আশা-আকাংক্ষাৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ সমান্তৰালকৈ ভাৰতত বাংলাদেশী হিন্দুৰ ওপৰত হোৱা আক্রমণ সন্দর্ভত বহুবাৰ প্ৰশ্ন উত্থাপন হৈছিল৷
কি ক’লে বৈদেশিক মন্ত্ৰীয়ে?
এই সন্দৰ্ভত বাংলাদেশ চৰকাৰে ২০২৪ চনৰ ১০ ডিচেম্বৰত অৱগত কৰিছিল যে ৮৮টা গোচৰত ৭০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ লগে লগে আৰক্ষীৰ তদন্তত দেশত ১২৫৪টা আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। কীৰ্তি বৰ্ধন সিঙে কয় যে, সংখ্যালঘুকে ধৰি বাংলাদেশৰ সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতাৰ সুৰক্ষাৰ প্ৰাথমিক দায়িত্ব বাংলাদেশ চৰকাৰৰ। ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তই সংখ্যালঘুৰ সৈতে জড়িত পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলিও উল্লেখ কৰে।