বাংলাদেশৰ স্পৰ্শকাতৰ অঞ্চল দখল ম্যানমাৰৰ আৰকান সেনাৰ, লক্ষ্য দেশ দখল!

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ পৰিছে সংকটত। ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ বৃহৎ অংশ দখল কৰাৰ পাছত এতিয়া আৰকান সেনাৰ দৃষ্টি বাংলাদেশত। এই লক্ষ্য আগত ৰাখি অতি কৌশলেৰে আগবাঢ়িছে আৰকান সেনা। 

বাংলাদেশৰ স্পৰ্শকাতৰ অঞ্চল দখল ম্যানমাৰৰ আৰকান সেনাৰ, লক্ষ্য দেশ দখল!

বাংলাদেশ

Published: 

17 Dec 2024 12:15 PM

প্ৰতিবছৰে ১৬ ডিচেম্বৰৰ দিনটো বিজয় দিৱস হিচাপে পালন কৰা হয়। কিয়নো ১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ দিনটোতেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ জয় কৰিছিল আৰু এই দিনটোত পাকিস্তানৰ প্ৰায় ৯৩ হাজাৰ সেনাই ঢাকাত আত্মসমৰ্পন কৰিছিল। এই যুদ্ধৰ পৰিণতিত বাংলাদেশ স্বাধীন ৰাষ্ট্ৰ হৈছিল। কিন্তু স্বাধীনতাৰ প্ৰায় ৫৪ বছৰ পাছতো চুবুৰীয়া দেশ বাংলাদেশে সাৰ্বভৌমত্ব আৰু নিৰাপত্তাক লৈ ডাঙৰ সংকটৰ সন্মুখীন হৈ আছে।

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত দেশখনত অৰাজকতা বৃদ্ধি পাইছিল আৰু প্ৰায় প্ৰতিদিনে দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা হিংসাত্মক ঘটনাৰ খবৰ পোহৰলৈ আহে। ইয়াৰ মাজতে খবৰ আহিছে যে, বাংলাদেশ-ম্যানমাৰৰ সীমান্তত বৃদ্ধি পাইছে উত্তেজনা। জানিব পৰা মতে, ম্যানমাৰৰ উগ্ৰবাদী আৰাকান আৰ্মীয়ে বাংলাদেশৰ টেকনাফ অঞ্চলৰ কিছু অংশ দখল কৰিছে। এই অঞ্চলটো বাংলাদেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰোহিংগীয়া শৰণাৰ্থী শিবিৰ আৰু বাংলাদেশৰ বিখ্যাত ছেইণ্ট মাৰ্টিন দ্বীপৰ ওচৰত থকা বাবে এই অঞ্চলটো স্পৰ্শকাতৰ বুলি গন্য কৰা হয়।

বাংলাদেশৰ বিভিন্ন অঞ্চল দখল!

টিভি৯ৰ সংবাদদাতা মনীষ ঝাই টেকনাফ আৰু কক্স বজাৰৰ গ্ৰাউণ্ড জিৰ’ৰ পৰা তথ্য প্ৰদান কৰি কয় যে, সীমান্তত আৰকান সেনা আৰু বাংলাদেশ বাহিনীৰ মাজত কেইবাবাৰো গুলীচালনা হয়। স্থানীয় সূত্ৰই জনোৱা মতে, আৰকান সেনাই বাংলাদেশৰ কিছু কিছু অঞ্চল ইতিমধ্যে নিজৰ দখললৈ নিছে। অৱশ্যে এই সন্দৰ্ভত বাংলাদেশ চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

উল্লেখ কৰা প্ৰয়োজন যে, ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ বৃহৎ অংশ দখল কৰাৰ পাছত এতিয়া আৰকান সেনাৰ দৃষ্টি বাংলাদেশত। এই লক্ষ্য আগত ৰাখি অতি কৌশলেৰে আগবাঢ়িছে আৰকান সেনা।  সাংবাদিক মনীষ ঝাই প্ৰকাশ কৰা তথ্য অনুসৰি বাংলাদেশৰ দুৰ্বল সীমান্তৰ সুবিধা লৈ আৰকান সেনাই ছেইণ্ট মাৰ্টিন দ্বীপৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহ নিজৰ দখললৈ নিয়াৰ চেষ্টা কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশ- ম্যানমাৰ সীমান্তৰ সৈতে ৰোহিংগীয়া শৰনাৰ্থীৰ সমস্যাও জড়িত হৈ আছে। আৰকান সেনাই কৰা অভিযোগ অনুসৰি, ৰোহিংগীয়া শিবিৰত উগ্ৰবাদী সংগঠন আৰ এছ অ’ (ৰোহিংগিয়া ছলিডাৰিটি অৰ্গেনাইজেচন) আৰু আৰ এছ এ (আৰাকান ৰোহিংগিয়া ছালভেচন আৰ্মি) সক্ৰিয় হৈ আছে যি বাংলাদেশ আৰু ম্যানমাৰৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। এই সংগঠনে ৰোহিংগীয়াসকলক তেওঁলোকৰ লগত অন্তৰ্ভুক্ত কৰি বিভিন্ন উগ্ৰপন্থী কাৰ্যকলাপত জড়িত কৰাই আহিছে।

ভাৰত- বাংলাদেশৰ সম্পৰ্ক

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই বাংলাদেশৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে। বাংলাদেশৰ সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ ওপৰত বৃদ্ধি পাইছে অত্যাচাৰ। এনেবোৰ কাৰণতে ভাৰত- বাংলাদেশৰ সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। বিশেষজ্ঞসকলৰ মতে, ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কৰ সমস্যাই চুবুৰীয়া ৰাষ্ট্ৰখনৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ ওপৰতো প্ৰভাৱ পেলাইছে।সাংবাদিক মনীষ ঝাই কয় যে বাংলাদেশৰ অস্থিৰতাই ভাৰতৰ উত্তৰ পূৱৰ ৰাজ্যসমূহৰ বিপদ বৃদ্ধি কৰিব পাৰে।

বিকল্প কি

এই সময় বাংলাদেশৰ নিজৰ ভুল বুজাৰ। আত্মনিৰীক্ষণেৰে বাংলাদেশে এই সময়ৰ মোকাবিলা কৰিব পাৰে। ইয়াৰ ফলত কেৱল আৰকান সেনাই নহয়, ৰোহিংগীয়া শিবিৰত বৃদ্ধি হোৱা মৌলবাদীৰ অন্ত পেলাব। ইয়াৰোপৰি ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ক সুস্থিৰ হৈ থকাতো একেবাৰেই প্ৰয়োজন। যদি এনে নহয়, তেন্তে পুনৰ বাংলাদেশত জ্বলি উঠিব হিংসাৰ জুই।

মৃত্যুৰ পাছত আত্মাৰ সৈতে কি হয় জানেনে? কিয় কৰে পিণ্ডদান...
শোৱনি কোঠাত কেতিয়াও নাৰাখিব এই সমূহ বস্তু, অন্যথা আপোনাৰ জীৱনলৈ কঢ়িয়াব অশুভ সময়
জীৱনৰ অন্তিমখন কনচাৰ্ট ক’ত কৰিছিল তবলা সম্ৰাট জাকিৰ হুছেইনে? জানিবলৈ চাওক
আপোনাৰ সংগীৰ আছে নেকি এইসমূহ অভ্যাস? তেন্তে সাৱধান...