বিশ্ব স্বাস্থ্য সংস্থাৰ পদবীৰ পৰা শ্বেইখ হাছিনাৰ কন্যাক আঁতৰোৱাৰ যো-জা বাংলাদেশ চৰকাৰৰ
বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক সঞ্চালকৰ পদত থকা হাছিনাৰ কন্যা ছাইমা ৱাজেদক আঁতৰোৱাৰ বাবে যো-জা চলাইছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনে ।
বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি এতিয়াও সম্পূৰ্ণ সুস্থিৰ হোৱা নাই । বৰ্তমানৰ মঃ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে এইবাৰ শ্বেইখ হাছিনাৰ কন্যাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওলাইছে । বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক সঞ্চালকৰ পদত থকা হাছিনাৰ কন্যা ছাইমা ৱাজেদক আঁতৰোৱাৰ বাবে যো-জা চলাইছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনে ।
দিল্লীত বাস কৰা ছাইমা ৱাজেদ এগৰাকী মনোবিজ্ঞানী আৰু স্নায়ু বিকাশৰ বিকাৰৰ ওপৰত তেওঁ কাম কৰি আহিছে । ২০২৪ চনৰ ২৩ জানুৱাৰীত জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী ব’ৰ্ডে তেওঁক বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালিকা হিচাপে নিয়োগ কৰে ।
কিন্তু বাংলাদেশৰ দুৰ্নীতি বিৰোধী আয়োগে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত তদন্ত চলাই আছে । এজন বিষয়াই কয়, “এচিচিয়ে ছাইমা ৱাজেদক ডব্লিউ এইচ অ’ৰ পৰা আঁতৰোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁক আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰাৰ সকলো প্ৰস্তুতি চূড়ান্ত কৰা হৈছে ।”
যোৱা বছৰৰ আগষ্ট মাহত ছাত্ৰ নেতৃত্বাধীন আন্দোলনৰ ফলত কেইবা সপ্তাহ ধৰি চলি থকা প্ৰতিবাদৰ অন্তত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰিছিল আৰু এই বিক্ষোভত ৬০০ৰো অধিক লোকৰ মৃত্যু হৈছিল । ৭৬ বছৰীয়া হাছিনাই ভাৰতলৈ পলায়ন কৰে আৰু নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয় বাংলাদেশত ।
চৰকাৰ সলনি হোৱাৰ পিছতো ঢাকাৰ এজন অধিবক্তাই ব্যাখ্যা কৰে, “যদি কোনোবাই ৰাষ্ট্ৰসংঘৰ কোনো সংস্থালৈ কোনো দেশৰ মনোনয়ন লাভ কৰাৰ পিছত নিৰ্বাচিত হয়, তেন্তে দেশখনৰ চৰকাৰৰ পতনৰ পিছতো তেওঁ নিজৰ ব্যক্তিগত ক্ষমতাৰে সেই স্থানত থাকে ।”
বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিতো বিয়পি পৰিছে । শেহতীয়াকৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে দুৰ্নীতি বিৰোধী মন্ত্ৰী টিউলিপ ছিদ্দিকৰ পদত্যাগৰ ফলত আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছে । বাংলাদেশৰ সৈতে জড়িত আত্মসাতৰ তদন্তত জড়িত আছিল শ্বেখ হাছিনাৰ ভতিজী ছিদ্দিক ।
ছিদ্দিকে এক্সত নিজৰ স্থিতি স্পষ্ট কৰি কয়, “এটা স্বতন্ত্ৰ পৰ্যালোচনাই নিশ্চিত কৰিছে যে মই মন্ত্ৰী সংহিতা উলংঘা কৰা নাই আৰু মই অনুচিত কাম কৰা বুলি কোনো প্ৰমাণ পোৱা নাই । তথাপিও চৰকাৰৰ বাবে বিক্ষিপ্ততাৰ পৰা হাত সাৰিবলৈ মই নগৰ মন্ত্ৰী হিচাপে পদত্যাগ কৰিছো ।” তেওঁ লগতে বুজাই দিয়ে যে তেওঁৰ পৰিয়ালৰ সম্পৰ্কবোৰ প্ৰকাশ কৰা হৈছিল, আৰু স্বাৰ্থৰ সংঘাতৰ যিকোনো ধৰণৰ ধাৰণা এৰাই চলিবলৈ বাংলাদেশৰ সৈতে জড়িত বিষয়বোৰৰ পৰা নিজকে আঁতৰাই ৰাখিছিল ।
যোৱা বছৰ বাংলাদেশৰ পৰা পলায়ন কৰা হাছিনাই ৫ আগষ্টৰ পৰা ভাৰতত বাস কৰি আহিছে । এইবোৰ পৰিঘটনাৰ ফলত বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশত যথেষ্ট প্ৰভাৱ পৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিছে । তদন্ত আৰু ৰাজনৈতিক অস্থিৰতাৰ মাজতো ৱাজেদ ডব্লিউ এইচ অ’ত নিজৰ স্থানত আছে, যিহেতু গোচৰটো চলি আছে ।