5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাংলাদেশত গা কৰি উঠিছে নিষিদ্ধ সংগঠন, হিন্দুলৈ বিপদ! ভাৰতত পৰিব নেকি প্ৰভাৱ?

এই প্ৰতিবাদৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে। কিয়নো আশ্ৰয় বিচাৰি বহু সংখ্য বাংলাদেশী সীমান্তৰে ভাৰতত প্ৰৱেশ কৰাৰ সম্ভাৱণা আছে। অসমতো ইয়াক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে।

বাংলাদেশত গা কৰি উঠিছে নিষিদ্ধ সংগঠন, হিন্দুলৈ বিপদ! ভাৰতত পৰিব নেকি প্ৰভাৱ?
বাংলাদেশ প্ৰতিবাদ
Follow Us
barasha-sarma
Barasha Sarma | Published: 05 Aug 2024 18:59 PM

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি যোৱাৰ পিছত দেশৰ নিষিদ্ধ বিৰোধী দল জামাত-ই-ইছলামীয়ে এক ডাঙৰ সতৰ্কবাণী জাৰি কৰিছে। জামাত-ই-ইছলামীয়ে সমৰ্থকসকলক আহ্বান জনাইছে যে শ্বেখ হাছিনা যি দেশত আশ্ৰয় লৈছে, ঢাকাত থকা সেই দেশৰ দূতবাস ঘেৰাও কৰিব লাগে। উল্লেখ কৰা প্ৰয়োজন যে বৰ্তমান ভাৰতত আছে শ্বেখ হাছিনা। প্ৰথমে তেওঁ ত্ৰিপুৰাত উপস্থিত হয় আৰু পাছত দিল্লীলৈ ৰাওনা হয়। হাছিনাই এই পৰ্যন্ত ভাৰতত ৰাজনৈতিক আশ্ৰয় বিচৰা নাই। গতিকে তেওঁ ভাৰতত থকাৰ সম্ভাৱণা খুব কম।  অনুমান কৰা হৈছে হাছিনা দিল্লীৰ পৰা লণ্ডনলৈ যাব।

সংৰক্ষণৰ বিৰোধিতাৰে আৰম্ভ হোৱা প্ৰতিবাদ এতিয়া চূড়ান্ত পৰ্যায় পাছেগৈ। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি ইতিমধ্যে উপস্থিত হৈছে ভাৰতত। বাংলাদেশৰ দায়িত্ব বৰ্তমান সেনাই লৈছে যদিও পৰৱৰ্তী সময়ত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’ব। শ্বেখ হাছিনাৰ ভাৰত অহাৰ মাজতে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে দিয়া ভাষণত কয়, ‘মই (দেশৰ) সকলো দায়িত্ব লৈছো। অনুগ্ৰহ কৰি সকলোৱে সহযোগ কৰক।” সেনা প্ৰধানগৰাকীয়ে আৰু কয় যে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰাৰ পূৰ্বে তেওঁ ৰাজনৈতিক নেতাসকলক সাক্ষাৎ কৰি কয় যে সেনাই আইন-শৃংখলাৰ দায়িত্ব ল’ব।

জামাত-ই-ইছলামী কি?

বাংলাদেশত জামাত-ই-ইছলামীক মৌলবাদী ৰাজনৈতিক সংগঠন হিচাপে গণ্য কৰা হৈছিল। শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে এই সংগঠনত নিষেধাজ্ঞা আৰোপ কৰিছিল। প্ৰতিবাদৰ সময়তে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল। দাবী অনুসৰি চৰকাৰৰ এই কার্যৰ পাছত এই মৌলবাদী সংগঠনটোৱে ছাত্র-ছাত্রীৰ সৈতে মুকলিকৈ ৰাজপথলৈ ওলাই আহিছিল।

বাংলাদেশত এই ৰাজনৈতিক দলটো প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ সমৰ্থকৰ ভিতৰত অন্যতম বুলি কোৱা হয়। ১৯৪১ চনত ইংৰাজ শাসনৰ অধীনত অবিভক্ত ভাৰতত ইয়াৰ প্ৰতিষ্ঠা হৈছিল। ২০১৮ চনত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত নিৰ্বাচন আয়োগে জামাতৰ পঞ্জীয়ন বাতিল কৰিছিল। তাৰ পাছৰ পৰাই দলটোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰা  নাছিল।

এই দলটোৱে বিভিন্ন সময়ত হিন্দুক আক্ৰমণ কৰাৰ খবৰ পোহৰলৈ আহে। বাংলাদেশ মুছলিম সংখ্যাগৰিষ্ঠতা দেশ। বাংলাদেশত অভুত্থ্যানৰ পাছতে বহু সংখ্যক প্ৰতিবাদকাৰীয়ে হিন্দু মানুহৰ বাসগৃহ জ্বলাই দিয়াৰ খবৰ পোহৰলৈ আহিছে। এই প্ৰতিবাদৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে। কিয়নো আশ্ৰয় বিচাৰি বহু সংখ্য বাংলাদেশী সীমান্তৰে ভাৰতত প্ৰৱেশ কৰাৰ সম্ভাৱণা আছে। অসমতো ইয়াক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে। কিয়নো সীমান্তৰে এতিয়া বাংলাদেশৰ সাধাৰণ মানুহ, উগ্ৰপন্থী আদি অতি সহজে অসমত প্ৰৱেশ কৰাৰ সুযোগ বিচাৰিব।

 

Latest News