শ্বেখ হাছিনাৰ লগত বাংলাদেশ সেনা প্ৰধানৰ সম্পৰ্ক কি? যিয়ে গঠন কৰিব অন্তৱৰ্তীকালীন চৰকাৰ | Bangladesh new army chied Waqar ul zamans what relation with sheikh Hasina Assam news - Assam Tv9

শ্বেখ হাছিনাৰ লগত বাংলাদেশ সেনা প্ৰধানৰ সম্পৰ্ক কি? যিয়ে গঠন কৰিব অন্তৱৰ্তীকালীন চৰকাৰ

Updated On: 

05 Aug 2024 18:30 PM

বাংলাদেশত অভ্যুত্থান। সংৰক্ষণৰ বিৰোধিতাৰে আৰম্ভ হোৱা এই প্ৰতিবাদ চূড়ান্ত পৰ্যায় পাছেগৈ। হাজাৰ হাজাৰ প্ৰতিবাদকাৰী প্ৰৱেশ কৰিছে প্ৰধানমন্ত্ৰীৰ বাসগৃহত। ইয়াৰ মাজতে শ্বেইখ হাছিনাই পদত্যাগ কৰি উপস্থিত হৈছে ভাৰতত।

শ্বেখ হাছিনাৰ লগত বাংলাদেশ সেনা প্ৰধানৰ সম্পৰ্ক কি? যিয়ে গঠন কৰিব অন্তৱৰ্তীকালীন চৰকাৰ

শ্বেইখ হাছিনা আৰু বাংলাদেশৰ সেনা প্ৰধান

Follow Us On

সংৰক্ষণৰ বিৰোধিতাৰে আৰম্ভ হোৱা প্ৰতিবাদ ইমানেই চূড়ান্ত পৰ্যায় পালেগৈ যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে ত্যাগ কৰিবলৈ বাধ্য হ’ল বাসগৃহ। হাজাৰ হাজাৰ প্ৰতিবাদকাৰী বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰি সকলো ভাঙি চুৰমাৰ কৰিছে সকলো।  অনিয়ন্ত্ৰিত পৰিস্থিতিৰ মাজতে শ্বেইখ হাছিনাই পদত্যাগ কৰি ভাৰতত উপস্থিত হৈছে। ৰাজধানী ঢাকাত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰিছে। বহু হিন্দুৰ ঘৰত অগ্নিসংযোগ কৰিছে। ইয়াৰ মাজতে বাংলাদেশত সেনাৰ শাসন আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে।

বাংলাদেশৰ দায়িত্ব কোনে ল’ব এই সন্দৰ্ভত মুখ খুলিছে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে। তেওঁ কয় যে, বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’ব। দেশত অভ্যুত্থানৰ মাজতে এই ঘোষণা কৰা ৱাকাৰ-উজ-জামান কোন সেয়া জনা দৰকাৰ। শ্বেইখ হাছিনাৰ লগত তেওঁৰ সম্পৰ্কও ঘনিষ্ঠ।

চলিত বৰ্ষৰ ২৩ জুনত ৱাকাৰ-উজ-জামানক দেশৰ সেনা প্ৰধান পদৰ দায়িত্ব দিয়া হৈছিল। তেওঁ জেনেৰেল এছ. এম ছাইফুদ্দিনৰ ঠাইত এই পদত অধিষ্ঠিত হৈছিল। ১৯৮৫ চনত ইনফেণ্ট্ৰি কৰ্পছৰ বিষয়া হিচাপে নিযুক্তি পোৱা জামান এতিয়া চিজিএছ (চীফ অৱ জেনেৰেল ষ্টাফ)।  ১৯৬৬ চনৰ ১৬ ছেপ্টেম্বৰত শ্বেৰপুৰ জিলাত জন্মগ্ৰহণ কৰা জামানে ডিফেন্স চাৰ্ভিচেছ কমাণ্ড এণ্ড ষ্টাফ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।

লণ্ডনৰ পৰা তেওঁ প্ৰতিৰক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৮৫ চনৰ ২০ ডিচেম্বৰত জামানে বাংলাদেশ মিলিটাৰী একাডেমীৰ পৰা পূব বংগ ৰেজিমেণ্টত ১৩ নং বি এম এ লং কোৰ্চত কমিচন লাভ কৰিছিল। তেওঁ এনচিঅ’এ (নন-কমিচনেড অফিচাৰ একাডেমী), এছআই এণ্ড টি (স্কুল অৱ ইনফেণ্ট্ৰি এণ্ড টেকটিকছ) আৰু বিআইপিএছঅ’টি (বাংলাদেশ ইনষ্টিটিউট অৱ পিছ চাপৰ্ট অপাৰেচন ট্ৰেইনিং)তো অধ্যাপনা কৰি আহিছে।

হাছিনাৰ লগত সম্পৰ্ক

জামানৰ বিয়া মুস্তাফিজুৰ ৰহমানৰ কন্যা বেগম ছাৰাহনাজ কমালিকাৰ ৰহমানৰ লগত হৈছিল। তেওঁলোকৰ দুই কন্যাও আছে। মুস্তাফিজুৰ ৰহমান শ্বেইখ হাছিনাৰ খুৰাক আছিল। অৰ্থাৎ জামনৰ পত্নী শ্বেখ হাছিনাৰ ভগ্নী। এক কথাত ক’ব গলে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামান শ্বেখ হাছিনাৰ ভনী জোৱাই।

শ্বেখ হাছিনাৰ ভাৰত অহাৰ মাজতে সেনা প্ৰধানগৰাকীয়ে জাতিটোক দিয়া ভাষণত কয়, ‘মই (দেশৰ) সকলো দায়িত্ব লৈছো। অনুগ্ৰহ কৰি সকলোৱে সহযোগ কৰক।” সেনা প্ৰধানগৰাকীয়ে আৰু কয় যে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰাৰ পূৰ্বে তেওঁ ৰাজনৈতিক নেতাসকলক সাক্ষাৎ কৰি কয় যে সেনাই আইন-শৃংখলাৰ দায়িত্ব ল’ব।

 

পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
Exit mobile version