শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে হত্যাৰ গোচৰ...! | Bangladesh News in Assamese: Ex PM Sheikh Hasina charged with murder case of grocery owner during quota protest Assam news - Assam Tv9

Bangladesh: হাছিনাৰ পৰাই আৰম্ভ হিংসাত্মক ঘটনাৰ তদন্ত, ৰুজু কৰা হৈছে হত্যাৰ গোচৰ…!

Published: 

13 Aug 2024 16:10 PM

১৯ জুলাইত মহম্মদপুৰত সংৰক্ষণ বিৰোধী আন্দোলনৰ সমৰ্থনত উলিওৱা শোভাযাত্ৰাত আৰক্ষীৰ গুলীচালনাত নিহত হোৱা গেলামালৰ দোকানৰ মালিক আবু ছাইদৰ নামৰ লোকজনৰ শুভাকাংক্ষীয়ে এই গোচৰ ৰুজু কৰিছে। এই গোচৰত অভিযুক্ত সকলৰ ভিতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, আৱামি লীগৰ সাধাৰণ সম্পাদক ওবাইদুল কোৱাদৰ, প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমল আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লা আল মামুন।

Bangladesh: হাছিনাৰ পৰাই আৰম্ভ হিংসাত্মক ঘটনাৰ তদন্ত, ৰুজু কৰা হৈছে হত্যাৰ গোচৰ...!

শ্বেখ হাছিনা

Follow Us On

বাংলাদেশত গঠন কৰা হৈছে অন্তৱৰ্তীকালীন চৰকাৰ । মহম্মদ ইউনুছৰ নেতৃত্বত নতুন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱা পাছতে বাংলাদেশৰ সংৰক্ষণ বিৰোধী আন্দোলনৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তদন্ত হিচাপে পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে । সেই অনুসৰিয়ে শেহতীয়াকৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে হত্যাৰ গোচৰ । যোৱা মাহত সংঘটিত হিংসাত্মক সংঘৰ্ষৰ সময়ত এগৰাকী গেলামালৰ দোকানৰ মালিকৰ মৃত্যুক লৈ হাছিনাৰ লগতে ছয়জন লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।

ঢাকা ট্ৰিবিউন কাকতৰ বাতৰি অনুসৰি, ১৯ জুলাইত মহম্মদপুৰত সংৰক্ষণ বিৰোধী আন্দোলনৰ সমৰ্থনত উলিওৱা শোভাযাত্ৰাত আৰক্ষীৰ গুলীচালনাত নিহত হোৱা গেলামালৰ দোকানৰ মালিক আবু ছাইদৰ নামৰ লোকজনৰ শুভাকাংক্ষীয়ে এই গোচৰ ৰুজু কৰিছে। এই গোচৰত অভিযুক্ত সকলৰ ভিতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, আৱামি লীগৰ সাধাৰণ সম্পাদক ওবাইদুল কোৱাদৰ, প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমল আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লা আল মামুন।

প্ৰকাশিত খবৰ অনুসৰি, এই সকলৰ উপৰিও এই গোচৰত কেইবাজনো উচ্চপদস্থ আৰক্ষী বিষয়া আৰু চৰকাৰী বিষয়াকো এই গোচৰত অভিযুক্ত কৰা হৈছে৷ যোৱা ৫ আগষ্টত বাংলাদেশত হাছিনা চৰকাৰৰ পতনৰ পিছত সমগ্ৰ দেশতে সংঘটিত হোৱা হিংসাত্মক ঘটনাত ২৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। প্ৰতিবাদ আৰম্ভ হোৱাৰ পৰা এই হিংসাত্মক ঘটনাত নিহত হোৱা মুঠ লোকৰ সংখ্যা ৫৬০ জন।

হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পাছত বাংলাদেশত গঠন হৈছে অন্তৱৰ্তীকালীন চৰকাৰ। ৮৪ বছৰীয়া নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক এই চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। যোৱা সপ্তাহত ইউনুছে তেওঁৰ ১৬ জনীয়া পৰামৰ্শদাতা পৰিষদৰ পৰ্টফলিঅ’ ঘোষণা কৰিছিল। মনকৰিবলগীয়া যে, শ্বেখ হাছিনাই পদত্যাগৰ পাছতে কাৰামুক্ত হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া । শ্বেখ হাছিনা চৰকাৰৰ দিনত ২০১৮ চনত দুৰ্নীতিৰ অপৰাধত তেওঁক ১৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version