কাক টাৰ্গেট কৰি ‘অপাৰেচন ডেভিল হাণ্ট’ ? ৪ দিনত ২১০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ বাংলাদেশ আৰক্ষীৰ
নিজ দিশেৰ জনসাধাৰণৰ মাজত এই 'অপাৰেচন ডেভিল হাণ্ট' চলাই বাংলাদেশে কেনেদৰে শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব তাক লৈয়ো আন্তজাৰ্তিক মহলত চৰ্চা আৰম্ভ হ’বলৈ ধৰিছে । প্ৰকাশিত খবৰ অনুসৰি, যোৱা চাৰি দিনত বাংলাদেশে আৰম্ভ কৰা এই অভিযানত প্ৰায় ২১০০ ৰো অধিক লোকক আটক কৰিছে বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে ।

বাংলাদেশৰ নিৰাপত্তা বাহিনী
অস্থিৰতা আঁতৰাবলৈ নিজৰ দেশৰ জনসাধাৰণৰ মাজতে ‘চয়তান’ বিচাৰি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে আৰম্ভ কৰিছে ‘অপাৰেচন ডেভিল হাণ্ট’। নিজ দিশেৰ জনসাধাৰণৰ মাজত এই ‘অপাৰেচন ডেভিল হাণ্ট’ চলাই বাংলাদেশে কেনেদৰে শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব তাক লৈয়ো আন্তজাৰ্তিক মহলত চৰ্চা আৰম্ভ হ’বলৈ ধৰিছে । প্ৰকাশিত খবৰ অনুসৰি, যোৱা চাৰি দিনত বাংলাদেশে আৰম্ভ কৰা এই অভিযানত প্ৰায় ২১০০ ৰো অধিক লোকক আটক কৰিছে বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে ।
যোৱা বছৰ আগষ্ট মাহত সংৰক্ষণ বিৰোধী আন্দোলনৰ ফলস্বৰূপে দেশখনৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল শ্বেখ হাছিনাই । বৰ্তমান ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে শ্বেখ হাছিনাই । শ্বেখ হাছিনৰ পদত্যাগ আৰু অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছতো শান্ত হোৱা নাই বাংলাদেশৰ ৰাজনৈতিক পৰিবেশ ।
মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰৰ সময়ছোৱাতো দেশখনৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে । একে সময়তে হাছিনাৰ আৱামি লীগৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে । ইফালে এই ধৰণৰ আক্ৰমণৰ পৰা সুৰক্ষিত নহয় হিন্দুকে ধৰি সংখ্যালঘু লোকসকল। কিয়নো সংখ্যালঘু লোকৰ ওপৰত দেশখনত আক্ৰমণ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
দেশখনৰ এনে পৰিস্থিতিত অন্তৱৰ্তীকালীন চৰকাৰে ৮ ফেব্ৰুৱাৰীৰ পৰা ‘অপাৰেচন ডেভিল হাণ্ট’ আৰম্ভ কৰে। এই অভিযানত বাংলাদেশৰ সেনা, আৰক্ষী, বিজিবি, বিএবি আদিকে ধৰি সকলো আইন প্ৰয়োগকাৰী সংস্থা জড়িত হৈ পৰিছে । ইয়াৰ মাজতে দেশখনৰ বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে, এই অভিযানৰ দ্বাৰা সন্ত্ৰাসবাদ দমন কৰা বুলি কোৱা হৈছে যদিও প্ৰকৃততে এই অভিযানৰ অধীনত আৱামী লীগৰ নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে।
বাংলাদেশ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ‘অপাৰেচন ডেভিল হাণ্ট’ আৰম্ভ হোৱাৰ প্ৰথম তিনিদিনত মুঠ ১৫২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে, মঙলবাৰে সন্ধিয়া আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশ পোৱা খবৰৰ মতে, অপাৰেচন ডেভিল হাণ্টত অধীনত আৰু ৬০৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি বিগত, ২৪ ঘন্টাত বাংলাদেশত ‘অপাৰেচন ডেভিল হাণ্ট’ আৰু অন্যান্য অপৰাধত ১ হাজাৰ ৭৭৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ‘অপাৰেচন ডেভিল হাণ্ট’ অধীনত ৬০৭ জনক আৰু অন্যান্য গোচৰত ১১৬৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ মতে, অপাৰেচন ডেভিল হাণ্টৰ অধীনত এতিয়ালৈকে উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে, দুটা বিদেশী পিষ্টল, এটা ৱান শ্বট বন্দুক, এটা পাইপ গান, ২ ৰাউণ্ড গুলীকে ধৰি অন্যান্য সামগ্ৰী ।