বিচাৰিছিল ৪ লাখ কোটি, দিলে মাত্ৰা ৯০০ কোটি! চীনক লৈ অসন্তুষ্ট বাংলাদেশ – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

বিচাৰিছিল ৪ লাখ কোটি, দিলে মাত্ৰা ৯০০ কোটি! চীনক লৈ অসন্তুষ্ট বাংলাদেশ

Updated On: 

15 Jul 2024 17:50 PM

চীনৰ পৰা পোৱা অফাৰত ঢাকা সুখী নহয়। কাৰণ ঢাকাই আৰু আশা কৰিছিল। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে দীঘলীয়া আশা কৰিছিল যদিও তেওঁলোকৰ মাজত চমু আলোচনাহে হৈছিল।

বিচাৰিছিল ৪ লাখ কোটি, দিলে মাত্ৰা ৯০০ কোটি! চীনক লৈ অসন্তুষ্ট বাংলাদেশ

জাপান- চীন

Follow Us On

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ৪ দিনীয়া ভ্ৰমণ সূচীৰে উপস্থিত হৈছিল চীনত। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণক লৈ ভাৰততো বিশেষ চৰ্চা হৈছিল। একাংশই কৈছিল যে এই ভ্ৰমণৰ পাছতেই চীন আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক আৰু অধিক ভাল হ’ব আৰু ই ভাৰতৰ বাবে এক নতুন প্ৰত্যাহ্বান বৈ পৰিব। কিন্তু এনে ধৰণৰ একোৱে হোৱা পৰিলক্ষিত নহ’ল। ইয়াৰ কিছুমান বিপৰীত প্ৰতিক্ৰিয়াৰহে সৃষ্টি হোৱা দেখা যায় এই ভ্ৰমণৰ পাছত।

শ্বেইখ হাছিনাৰ চীন ভ্ৰমণ ৪ দিনৰ বাবে আছিল যদিও ৩ দিনৰ ভিতৰতে দেশলৈ উভতি আহিছিল। ইয়াৰ কাৰণ হিচাপে উল্লেখ কৰিছিল যে তেওঁৰ কন্যা অসুস্থ হৈ আছে। যাৰ বাবে তেওঁ হঠাতে এদিন আগতে উভতি আহিবলগীয়া হ’ল। আচলতে শ্বেইখ হাছিনা এই আশাৰে চীনলৈ গৈছিল যে ছি জিনপিঙে তেওঁক বহুত গুৰুত্ব দিব।  ২০১৬ চনত জিনপিং যেতিয়া বাংলাদেশলৈ গৈছিল তেতিয়া হাচিনাক বহু প্ৰতিশ্ৰুতি দিছিল।

চীনৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে, তেওঁলোকে বাংলাদেশত লাখ কোটি টকাৰ ঋণ দিব, বিনিয়োগ কৰিব। কিন্তু এই ভ্ৰমণত বাংলাদেশৰ একো বিশেষ লাভ নহ’ল। বৰ্তমান চীনৰ আৰ্থিক অৱস্থা ভাল নহয় আৰু চীনে বাংলাদেশক কৰা প্ৰতিশ্ৰুতিৰ প্ৰায় ৮ বছৰ পাৰ হৈ গ’ল।

শ্বেইখ হাছিনাই আশা কৰিছিল যে চীনে তেওঁক ৪ লাখ কোটি টকাৰ ঋণ দিব। কিন্তু চীনে আগবঢ়োৱা ঋণৰ কথা জানি বাংলাদেশ আচৰিত হয়। কিয়নো চীনে বাংলাদেশত কেৱল ৯০০ কোটি টকাৰ ঋণ প্ৰদান কৰাৰ কথা কয়। এই ক্ষেত্ৰতেই অসন্তুষ্ট হৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী এদিন পূৰ্বে চীন ভ্ৰমণ সামৰে।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি চীনৰ পৰা পোৱা অফাৰত ঢাকা সুখী নহয়। কাৰণ ঢাকাই আৰু আশা কৰিছিল। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে দীঘলীয়া আশা কৰিছিল যদিও তেওঁলোকৰ মাজত চমু আলোচনাহে হৈছিল। ইয়াৰ বাহিৰেও চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে শ্বেইখ হাছিনাক  সাক্ষাতো নকৰিলে। কেৱল এয়াই নহয়, চীনৰ সংবাদ মাধ্যমেও শ্বেখ হাছিনাৰ এই ভ্ৰমণৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল।

চীন ভ্ৰমণৰ পূৰ্বে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতলৈ আহিছিল। চলিত বৰ্ষত দুবাৰকৈ ভাৰত ভ্ৰমণ কৰিছে  তেওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰৱৰ্তী সময়ত দ্বি- পাক্ষিক ৰাজ্যিক ভ্ৰমণত দিল্লীলৈ আহিছিল। নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া আছিল প্ৰথমটো বিদেশী নেতাৰ ভ্ৰমণ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version