সেনাৰ অভ্যুত্থানত মৃত্যু হৈছিল পিতৃৰ, কেনেকৈ ৰক্ষা পৰিছিল শ্বেখ হাছিনা? | Bangladesh political crisis sheikh Hasina father died in 1975 Assam news - Assam Tv9

সেনাৰ অভ্যুত্থানত মৃত্যু হৈছিল পিতৃৰ, কেনেকৈ ৰক্ষা পৰিছিল শ্বেখ হাছিনা?

Updated On: 

05 Aug 2024 21:59 PM

পিতৃৰ হত্যাৰ পিছত শ্বেখ হাছিনা ভাৰতলৈ আহিছিল।  তেতিয়াৰ ইন্দিৰা গান্ধী চৰকাৰে তেওঁক ভাৰতত আশ্ৰয় দিছিল যদিও সেই সময়ত ভাৰতত জৰুৰীকালীন অৱস্থা আছিল। প্ৰায় ৬ বছৰ ভাৰতত থকাৰ পিছত ১৯৮১ চনত পৰিয়ালৰ সৈতে শ্বেখ হাছিনা ঢাকালৈ উভতি যায়।

সেনাৰ অভ্যুত্থানত মৃত্যু হৈছিল পিতৃৰ, কেনেকৈ ৰক্ষা পৰিছিল শ্বেখ হাছিনা?

শ্বেখ হাছিনা, মুজিব ৰহমান

Follow Us On

১৯৭১ চনত পাকিস্তানৰ পৰা বিচ্ছিন্ন হৈ বাংলাদেশ এখন সুকীয়া দেশ হিচাপে পৰিগণিত হয়। পাকিস্তানতকৈ বাংলাদেশৰ অৱস্থা ভাল হ’লেও ৰাজনৈতিক দিশটোত প্ৰায়ে অৰাজকতা দেখা যায়। বাংলাদেশৰ স্বাধীনতাৰ পিছত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভিতৰত মাত্ৰ ৪টা নিৰ্বাচনক মুক্ত আৰু ন্যায্য বুলি গণ্য কৰা হয়। বাংলাদেশ চৰকাৰ বহু সময়ত হিংসা, অভ্যুত্থান আদিৰ সন্মুখীন হ’বলগীয়া হয়। শ্বেখ হাছিনাৰ লগতো একেই হৈছে। ৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি উপস্থিত হয় ভাৰতত।

পাকিস্তানৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ১৯৭৩ চনৰ ৭ মাৰ্চত বাংলাদেশত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।বাংলাদেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া শ্বেখ মুজিবুৰ ৰহমানৰ অধ্যক্ষতাত আৱামী লীগে একপক্ষীয় জয় লাভ কৰে।  দেশৰ জনসাধাৰণৰ মাজত ই জনপ্ৰিয় দল বুলি গন্য কৰিলেও বহু অভিযোগ উত্থাপন হৈছিল দলটোৰ বিৰুদ্ধে।

সেই সময়ত আৱামি লীগে সংসদৰ ৩০০খন আসনৰ ভিতৰত ২৯৩খন আসনত জয়লাভ কৰিছিল। তাৰ পাছতে বাংলাদেশত আৰম্ভ হৈছিল স্বৈৰাচাৰী শাসন। ১৯৭৪ চনত প্ৰধানমন্ত্ৰী মুজিবুৰ ৰহমানে বিৰোধী দলৰ লগতে সংবাদ মাধ্যমৰ অধিকাংশ সদস্যক সংসদৰ পৰা নিষিদ্ধ কৰি দেশত এক প্ৰকাৰৰ একনায়কত্ববাদৰ সূচনা কৰে। কিন্তু মুজিবুৰ ৰহমানে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে।  ৩ বছৰ ১৩ দিনৰ অন্তত সেনাই অভ্যুত্থান কৰে বাংলাদেশত।

১৯৭৫ চনৰ ১৫ আগষ্টত বাংলাদেশী সেনাৰ একাংশ কনিষ্ঠ বিষয়াই শ্বেখ মুজিবৰ ঘৰত টেংকেৰে আক্ৰমণ কৰে। এই আক্ৰমণত পৰিয়ালৰ লোক আৰু নিৰাপত্তাৰক্ষীৰ সৈতে মুজিবৰ নিহত হয়। এই আক্ৰমণত তেওঁৰ দুগৰাকী কন্যা শ্বেখ হাছিনা আৰু শ্বেখ ৰেহানাহে ৰক্ষা পৰে।

পিতৃৰ হত্যাৰ পিছত শ্বেখ হাছিনা ভাৰতলৈ আহিছিল।  তেতিয়াৰ ইন্দিৰা গান্ধী চৰকাৰে তেওঁক ভাৰতত আশ্ৰয় দিছিল যদিও সেই সময়ত ভাৰতত জৰুৰীকালীন অৱস্থা আছিল। প্ৰায় ৬ বছৰ ভাৰতত থকাৰ পিছত ১৯৮১ চনত পৰিয়ালৰ সৈতে শ্বেখ হাছিনা ঢাকালৈ উভতি যায়। মুজিবক হত্যা কৰাৰ পাছত সেনাই প্ৰায় ২ বছৰলৈ বাংলাদেশৰ শাসনভাৰ চম্ভালিছিল।

গতিকে বাংলাদেশত অভ্যুত্থানৰ এক পুৰণি ইতিহাস আছে। ইয়াৰ উপৰিও বিভিন্ন সময়ত সাধাৰণ ৰাইজ, সেনা, বিৰোধী চৰকাৰৰ বাবে সংকটৰ কাৰণ হৈ পৰিছে। ১৯৭৫ চনৰ সামৰিক অভুত্থ্যানত মৃত্যু হৈছিল শ্বেখ হাছিনাৰ পিতৃৰ আৰু ২০২৪ চনৰ অভ্যুত্থানত দেশ এৰি পলায়ন কৰিছে শ্বেখ হাছিনাই। দুয়োবাৰে শ্বেখ হাছিনাই দেশ এৰি ভাৰতলৈ আহিছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version