5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সংৰক্ষণৰ বিৰুদ্ধে উত্তাল বাংলাদেশ! ৬ জনৰ মৃত্যু, বন্ধৰ নিৰ্দেশ স্কুল, কলেজ…

বৰ্তমান সংৰক্ষণ ব্যৱস্থাৰ মতে দেশখনৰ চৰকাৰী চাকৰিৰ বাবে ১৯৭১ চনৰ বাংলাদেশ মুক্তি সংগ্ৰাম (liberation war) ৰ মুক্তি যোদ্ধাৰ সন্তান আৰু তেওঁলোকৰ নাতি- নাতিনীৰ বাবে ৩০ শতাংশ সংৰক্ষণ আছে।

সংৰক্ষণৰ বিৰুদ্ধে উত্তাল বাংলাদেশ! ৬ জনৰ মৃত্যু, বন্ধৰ নিৰ্দেশ স্কুল, কলেজ…
বাংলাদেশ প্ৰতিবাদ
Follow Us
barasha-sarma
Barasha Sarma | Published: 17 Jul 2024 18:18 PM

প্ৰতিবাদত উত্তাল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতা কৰি ৰাষ্ট্ৰখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈছে। এই প্ৰতিবাদত বৰ্তমানলৈকে ৩ জন ছাত্ৰৰ লগতে ৬ জনলোকৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে ৰাজধানীস্থিত ঢাকা বিশ্ববিদ্যালয় অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হয়। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি সন্ধিয়া ৬ বজাৰ ভিতৰত হোষ্টেল খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

স্থানীয় বাতৰি কাকত ঢাকা ট্ৰিবিউনে অধ্যাপক সিতেশ চি বাচাৰৰ উদ্ধৃতি দি কয় যে উপাচাৰ্য এ এছ এম মকছুদ কমালৰ কাৰ্যালয়ত অনুষ্ঠিত জৰুৰী বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। স্থানীয় সংবাদ মাধ্যমৰ আগত বাচাৰে কয়, “ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিশ্ববিদ্যালয়খন অনিৰ্দিষ্টকাললৈ বন্ধ কৰি হোষ্টেল খালী কৰাৰ সিদ্ধান্ত লৈছো।” খবৰ অনুসৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে ছাত্ৰ সমাজে আৰু ইয়াৰ পাছতে হোষ্টেলৰ পৰা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)য়েও সকলো বিশ্ববিদ্যালয়কে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত পাঠদান স্থগিত ৰখাৰ লগতে হোষ্টেল খালী কৰিবলৈ আহ্বান জনাইছে। ইয়াক লৈ বুধবাৰে ঢাকা বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সংস্থা ছিণ্ডিকেটৰ এক জৰুৰী বৈঠক আহ্বান কৰা হয়। সমগ্ৰ দেশত সংঘটিত কেইবাটাও হিংসাত্মক ঘটনাৰ পাছত ইউ জি চিয়ে এই নিৰ্দেশ জাৰি কৰে।

উল্লেখ্য যে, চৰকাৰী চাকৰিৰ সংৰক্ষণ নীতিৰ বিৰোধিতা কৰি একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰীসকলে দাবী কৰিছে যে বৰ্তমানৰ সংৰক্ষণ ব্যৱস্থাই চৰকাৰী সেৱাত প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণত বহু বাধাৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে দেশৰ ৪ খন গুৰুত্বপূৰ্ণ চহৰ মধ্য ঢাকা, দক্ষিণ- পশ্চিম খুলনা, উত্তৰ পশ্চিম ৰাজছাহী আৰু চট্টোগ্ৰামত  কেইবাটাও ৰে’লপথ অৱৰোধ কৰি ৰাখিছিল।

তাৰ মাজতেই এই প্ৰতিবাদৰ বিৰোধিতা কৰি শাসকীয় দল আবামী লিগৰ ছাত্ৰ সংগঠন ওলাই আছে। সোমবাৰৰ পৰাই এই প্ৰতিবাদ হিংসাৰ ৰূপ লয়। প্ৰতিবাদ প্ৰতিহত কৰাৰ বাবে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত মঙলবাৰে ৩ জন ছাত্ৰৰ লগতে মুঠ ৬ জন লোকৰ মৃত্যু হয়। হিংসাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ঢাকাৰ স্কুল, কলেজ আদি বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে বিভাগীয় কৰ্তৃপক্ষই।

উল্লেখ্য যে, যোৱা ৫ জুনত উচ্চ ন্যায়ালয়ে চৰকাৰী চাকৰিৰ সংৰক্ষণ বন্ধ কৰা ২০১৮ চনৰ আবেদনক অবৈধ বুলি ঘোষণা কৰে। এই সিদ্ধান্তৰ বিৰোধিতা কৰে ছাত্ৰ সমাজে।  ১০ জুলাইত বাংলাদেশৰ উচ্চতম ন্যায়ালয়েও উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক যথাৰ্থ অৱস্থা বজাই ৰখাৰ নিৰ্দেশ জাৰি কৰে।

বাংলাদেশৰ বৰ্তমান সংৰক্ষণ ব্যৱস্থাৰ মতে দেশখনৰ চৰকাৰী চাকৰিৰ বাবে ১৯৭১ চনৰ বাংলাদেশ মুক্তি সংগ্ৰাম (liberation war) ৰ মুক্তি যোদ্ধাৰ সন্তান আৰু তেওঁলোকৰ নাতি- নাতিনীৰ বাবে ৩০ শতাংশ, প্ৰশাসনিক জিলাৰ বাবে ১০ শতাংশ, মহিলাৰ বাবে ১০ শতাংশ, সংখ্যালঘুৰ বাবে ৫ শতাংশ আৰু দিব্যাংগসকলৰ বাবে ১ শতাংশ আসনৰ সংৰক্ষণ আছে।

 

Latest News