5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তাল বাংলাদেশঃ ২০০ৰ মৃত্যু, ১১,০০০অধিক প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ

দেশখনত সকলোধৰণৰ ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি বন্ধ কৰি দিয়া হৈছে। বৰ্তমান পৰ্যন্ত ১১ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছে বাংলাদেশ আৰক্ষীয়ে।

প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তাল বাংলাদেশঃ ২০০ৰ মৃত্যু, ১১,০০০অধিক প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ
বাংলাদেশৰ প্ৰধানমন্ত্ৰী
Follow Us
barasha-sarma
Barasha Sarma | Published: 04 Aug 2024 17:56 PM

প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তাল বাংলাদেশ।  দেওবাৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে উত্তপ্ত কৰি তোলে বাংলাদেশৰ ৰাজপথ। সংৰক্ষণৰ বিৰোধিতাৰে আৰম্ভ হোৱা এই প্ৰতিবাদ এতিয়া প্ৰধানমন্ত্ৰী বিৰোধী প্ৰতিবাদত পৰিণত হৈছে। হাজাৰ হাজাৰ বাংলাদেশী প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পদত্যাগৰ দাবী জনাইছে। ইয়াৰ পাছতে দেশখনৰ গৃহ মন্ত্ৰালয়ে বাংলাদেশত অনিৰ্দিষ্ট কাললৈ সান্ধ্য আইন জাৰি কৰে।

যোৱা মাহৰ পৰা সংৰক্ষণক লৈ দেশখনত প্ৰতিবাদ চলি আছে। এই  পৰ্যন্ত ২০০ ৰো অধিকলোকৰ এই প্ৰতিবাদত মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকলৰ বাবে ন্যায়ৰ দাবী কৰিছে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদত অংশগ্ৰহণ কৰা লোকসকলে চৰকাৰী নীতি আৰু শ্বেইখ হাছিনাৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ উত্তাল কৰি তুলিছে। এই প্ৰতিবাদৰ সময়তো বহু ঠাইৰ পৰা হিংসাত্মক পৰিস্থিতিৰ খবৰ আহি পৰিছে। অৱশ্যে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আশ্বাস দিছে যে প্ৰতিবাদত প্ৰাণ হেৰুৱাসকলৰ দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।

চৰকাৰৰ বিৰোধী সকলৰ লগতে চৰকাৰৰ সমৰ্থক সকলোৱেও প্ৰতিবাদ অব্যাহত ৰাখিছে। আলো কাকতৰ মতে, কুমিলাত চৰকাৰী সমৰ্থকে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰে, য’ত কমেও ৭ জন লোকৰ গাত গুলী লাগে। কাকতখনে প্ৰকাশ কৰা অনুসৰি হিংসাত্মক ঘটনাৰ সময়ত প্ৰায় ৩০ জন প্ৰতিবাদকাৰী আহত হয়। ইয়াৰ উপৰিও দেশৰ অন্যান্য অঞ্চলৰ পৰাও একেধৰণৰ খবৰ আহিছে। প্ৰতিবাদৰ আৰম্ভণিতেও চৰকাৰী সমৰ্থকে এই প্ৰতিবাদ হিংসাত্মক কৰি তোলাৰ অভিযোগ উত্থাপন হৈ আহিছে।

উল্লেখ কৰা প্ৰয়োজন যে,  বাংলাদেশৰ মুক্তি যোদ্ধাৰ পৰিয়ালক দিয়া সংৰক্ষণৰ বিৰোধিতা কৰি এই প্ৰতিবাদ আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত এই প্ৰতিবাদ শান্তিপূৰ্ণ আছিল যদিও ১৫ জুলাইত ঢাকা বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ পিছত ই হিংসাত্মক ৰূপ লয়। ২১ জুলাইত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত চৰকাৰে এই কোটা ৩০ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰে । কিন্তু ইয়াৰ পিছতো হিংসাত্মক পৰিস্থিতি আৰু প্ৰতিবাদ বন্ধ হোৱা নাই। এই পৰ্যন্ত প্ৰতিবাদত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোক আহত হৈছে।

পুনৰ হিংসাত্মক পৰিস্থিতিয়ে গা কৰি উঠাৰ পাছত অনিৰ্দিষ্টকাললৈ দেশখনত সান্ধ্য আইন জাৰি কৰা হৈছে। দেশখনত সকলো ধৰণৰ ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত পাঠদান বন্ধ ৰখা হৈছে। এই প্ৰতিবাদ বন্ধ কৰাৰ সকলো প্ৰয়াসে চৰকাৰে কৰি গৈছে যদিও ই বন্ধ হোৱাৰ নাম লোৱা নাই। বৰ্তমান পৰ্যন্ত ১১ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছে বাংলাদেশ আৰক্ষীয়ে।

 

Latest News