5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাংলাদেশত অস্থিৰতাঃ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে হোটেল, জীৱন্তে অগ্নিদগ্ধ কেইবাজনো

জেছ’ৰৰ এখন আৱাসিক হোটেলত অজ্ঞাত লোকে অগ্নিসংযোগ কৰে। য’ত কমেও ৮ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে আৰু আন ৮৪ জন আহত হয়। হোটেলখনৰ মালিক জেছ’ৰৰ আৱামি লীগৰ সাধাৰণ সম্পাদক শ্বাহীন চাকলাদাৰ।

বাংলাদেশত অস্থিৰতাঃ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে হোটেল, জীৱন্তে অগ্নিদগ্ধ কেইবাজনো
বাংলাদেশ
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 06 Aug 2024 17:37 PM

সোমবাৰে বাংলাদেশত হিংসাত্মক পৰিস্থিতি বৃদ্ধি পোৱাৰ লগে লগে ঢাকাৰ সাৱৰ আৰু ধমৰাইত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত কমেও ১৮ জন লোক নিহত হয়। জানিব পৰা মতে, আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে গুলীচালনা কৰে। এই ঘটনাত সাংবাদিক, প্ৰতিবাদকাৰীকে ধৰি প্ৰায় ৫০ জনৰো অধিকলোক আহত হৈছে। ইয়াৰোপৰি সোমবাৰে জেছ’ৰৰ এখন আৱাসিক হোটেলত অজ্ঞাত লোকে অগ্নিসংযোগ কৰে। য’ত কমেও ৮ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে আৰু আন ৮৪ জন আহত হয়। হোটেলখনৰ মালিক জেছ’ৰৰ আৱামি লীগৰ সাধাৰণ সম্পাদক শ্বাহীন চাকলাদাৰ।

জানিব পৰা মতে আহত হোৱা একাংশৰ ভিতৰত ছাত্ৰ অধিক আছে। এতিয়াও বাংলাদেশত হিংসা অব্যাহত আছে। সংৰক্ষণৰ বিৰোধিতাৰে আৰম্ভ হোৱা বিবাদ কালি চূড়ান্ত ৰূপ লয় আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰিবলৈ বাধ্য হয়।  পদত্যাগৰ পাছতে দেশ এৰি ভাৰতলৈ পলায়ন কৰে হাছিনা আৰু তাৰ পাছতে প্ৰতিবাদকাৰীয়ে ভিৰ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহ। হাজাৰ হাজাৰলোকে প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰি সকলো ভাঙি লণ্ড- ভণ্ড কৰাৰ লগতে বহু বস্তু চুৰি কৰি লৈ যায়।

শ্বেখ হাছিনাৰ পদত্যাগৰ পাছতে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে কয় যে দেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰে দায়িত্ব ল’ব। সেনাধ্যক্ষই কয় যে, মই দেশৰ সকলো দায়িত্ব লৈছো। অনুগ্ৰহ কৰি সমৰ্থন কৰিব। ৰাজনৈতিক নেতাসকলক সাক্ষাৎ কৰি সেনাই আইন-শৃংখলাৰ দায়িত্ব ল’ব বুলি কয়।

উল্লেখ্য যে, বাংলাদেশ চৰকাৰৰ সংৰক্ষণ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি আৰম্ভ হৈছিল এই বিবাদ। শান্তিপূৰ্ণভাৱে আৰম্ভ হোৱা এই বিবাদ পৰৱৰ্তী সময়ত হিংসাত্মক ৰূপ লয়। এই প্ৰতিবাদত এতিয়ালৈকে প্ৰায় ২০০ লোকৰ মৃত্যু হৈছে। প্ৰতিবাদকাৰীসকলে কৰা দাবীৰ ওপৰত যেতিয়া উচ্চতম ন্যায়ালয় হস্তক্ষেপ গ্ৰহণ কৰে তাৰ পাছত বাংলাদেশ চৰকাৰে মুক্তি যোদ্ধাৰ পৰিয়ালৰ  বাবে কোটাৰ ব্যৱস্থা ৩০ ৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰে। কিন্তু তাৰ পাছতো এই বিবাদ শান্ত নহয়।

পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ পদত্যাদৰ দাবীৰে প্ৰতিবাদ উত্তাল কৰি তোলে। হাজাৰ হাজাৰ ছাত্ৰ- ছাত্ৰী, জনতা ৰাজপথলৈ ওলাই আহি শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী জনাই। এই সকলোবোৰৰ মাজতে প্ৰতিবাদকাৰীয়ে বাংলাদেশ মুক্তিৰ অন্যতম যোদ্ধা তথা প্ৰাক্তন ৰাষ্ট্ৰপতি মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি দিয়ে। অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হয় শ্বেখ হাছিনা। এই প্ৰতিবাদৰ প্ৰভাৱ কিছু পৰিমানে ভাৰতৰ ওপৰতো পৰিব পাৰে।

Latest News