প্ৰতিবাদৰ মাজতে ঐতিহাসিক ৰায় বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ | Bangladesh Quota Protests: Supreme Court scraps most job quotas Assam news - Assam Tv9

প্ৰতিবাদৰ মাজতে ঐতিহাসিক ৰায় বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ, ‘৯৩ শতাংশ চৰকাৰী চাকৰি মেধাৰ ভিত্তিত নিযুক্তি !’

Bangladesh Supreme Court Verdict on Job Quotas: সংৰক্ষণ বিৰোধী আন্দোলন চলি থকাৰ মাজতে আজি বাংলাদেশ উচ্চতম ন্যায়ালয়ত সংৰক্ষণ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা গোচৰৰ শুনানি অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ বিচাৰপীঠে গ্ৰহণ কৰা শুনানিত সংৰক্ষণ পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত বাতিল কৰে।

প্ৰতিবাদৰ মাজতে ঐতিহাসিক ৰায় বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ, ৯৩ শতাংশ চৰকাৰী চাকৰি মেধাৰ ভিত্তিত নিযুক্তি !

বাংলাদেশৰ সংৰক্ষণ বিৰোধী আন্দোলন

Updated On: 

21 Jul 2024 16:06 PM

বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলন চলি থকাৰ সময়তে দেশখনৰ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক প্ৰদান কৰিছে । শেহতীয়াকৈ বাংলাদেশ উচ্চতম ন্যায়ালয়ে নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা সন্দৰ্ভত উচ্চ ন্যায়ালৰ দিয়া ৰায়ক বাতিল কৰিছে । প্ৰকাশিত খবৰ অনুসৰি, আজি দেওবাৰে বাংলাদেশ উচ্চতম ন্যায়ালয়ে সংৰক্ষণ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা এক গোচৰৰ শুনানি গ্ৰহণ কৰে ।

উল্লেখ্য যে, দেশখনত সংৰক্ষণ বিৰোধী আন্দোলন চলি থকাৰ মাজতে আজি বাংলাদেশ উচ্চতম ন্যায়ালয়ত সংৰক্ষণ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা গোচৰৰ শুনানি অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ বিচাৰপীঠে গ্ৰহণ কৰা শুনানিত সংৰক্ষণ পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত বাতিল কৰে। আপীল বিভাগে কয় যে, “এতিয়াৰ পৰা ৯৩ শতাংশ চৰকাৰী চাকৰি মেধাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব। বাকী ৭ শতাংশ সংৰক্ষিত হ’ব। ইয়াৰে ৫ শতাংশ স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে আৰু ১ শতাংশ জনগোষ্ঠীৰ বাবে । ইয়াৰ লগতে আন ১ শতাংশ প্ৰতিবন্ধী-তৃতীয় লিংগৰ বাবে সংৰক্ষিত কৰা হ’ব।”

লগতে পঢ়কঃ বাংলাদেশত আবদ্ধ ভাৰতৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী ! বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ল’লে ডাঙৰ পদক্ষেপ

বাংলাদেশৰ উচ্চতম ন্যায়ালৰ মতে, এইন বিষয়টো নীতিগত । প্ৰয়োজন হ’লে চৰকাৰে এই সংৰক্ষণৰ হাৰ সলনি বা সংস্কাৰ কৰিব পাৰে। অৱশ্যে সংৰক্ষণ প্ৰত্যাহাৰৰ সিদ্ধান্ত সন্দৰ্ভত চৰকাৰে শীঘ্ৰে অধিসূচনা জাৰি কৰিব লাগিব। এই শুনানি গ্ৰহণ কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ে আন্দোলন কৰা ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠালৈ উভতি যাবলৈ অনুৰোধ জনাইছে।

প্ৰকাশিত খবৰ অনুসৰি, উচ্চতম ন্যায়ালয়ৰ শুনানিত অংশগ্ৰহণ কৰা ৯ জন অধিবক্তাৰ ভিতৰত ৮ জন অধিবক্তাই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ বাতিল কৰাৰ পক্ষত আছিল। এজন অধিবক্তাই সংৰক্ষণ ব্যৱস্থা সংস্কাৰৰ পোষকতা কৰে।

লগতে পঢ়কঃ বাংলাদেশত আৱদ্ধ হাজাৰ হাজাৰ কাশ্মীৰী ছাত্ৰ-ছাত্ৰী ! নিৰাপদে উদ্ধাৰ কৰিবলৈ বৈদেশিক মন্ত্ৰীক কাতৰ আহ্বান পৰিয়ালৰ

প্ৰকাশিত তথ্য অনুসৰি, বাংলাদেশৰ চৰকাৰী চাকৰি নিযুক্তিৰ ক্ষেত্ৰত পাঁচটা শিতান – স্বাধীনতা সংগ্ৰামী, জিলা, মহিলা, সংখ্যালঘু আৰু প্ৰতিবন্ধীসকলৰ বাবে মুঠ ৫৬ শতাংশ সংৰক্ষণ ব্যৱস্থা কৰা হৈছিল । এই ব্যৱস্থাৰ বাতিলৰ দাবীত ২০১৮ চনত তীব্ৰ প্ৰতিবাদনৰ সন্মুখীন হয় বাংলাদেশ চৰকাৰ । এই প্ৰতিবাদৰ ফলস্বৰূপে সংৰক্ষণ ব্যৱস্থা বাতিল কৰিবলৈ বাধ্য হয় হাছিনা চৰকাৰ । ইয়াৰ পাছতে কেৱল জাতিৰ বাবে ৫ শতাংশ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ১ শতাংশ সংৰক্ষণ ব্যৱস্থা বাহাল ৰখা হয় ।

কিন্তু স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালে সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়লৈ কাষ চাপে । চলিত বৰ্ষৰ ৫ জুনত উচ্চ ন্যায়ালয়ে সংৰক্ষণৰ সিদ্ধান্ত নাকচ কৰি পুৰণি নিয়ম উভতাই আনে। যাৰ ফলত পূৰ্বৰ দৰেই বাংলাদেশত সংৰক্ষণ ব্যৱস্থা আৰম্ভ হয়। ইয়াৰ পাছতে উচ্চ ন্যায়ালৰ এই ৰায় বিৰোধীতা কৰি পুনৰ ৰাজপথলৈ ওলাই আহে ছাত্ৰ-ছাত্ৰীসকল ।

লগতে পঢ়কঃ বাংলাদেশত হিংসা! বৃদ্ধি কৰা হৈছে কাৰফিউ, এই পৰ্যন্ত ১৫০জনৰ মৃত্যু

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?