ট্ৰাম্পে ধ্বংস কৰিব নেকি বাংলাদেশ? ইউনুছ চৰকাৰে কৰিলে এক ডাঙৰ ভুল…

ড'নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই শংকা বৃদ্ধি পাইছে বাংলাদেশৰ। কিয়নো শেহতীয়াকৈ ইউনুছ চৰকাৰখনে কৰা এটা ভুলৰ বাবে সমস্যাত পৰিব পাৰে বাংলাদেশ।

ট্ৰাম্পে ধ্বংস কৰিব নেকি বাংলাদেশ? ইউনুছ চৰকাৰে কৰিলে এক ডাঙৰ ভুল...

আমেৰিকা-বাংলাদেশ-

Updated On: 

23 Jan 2025 17:52 PM

ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই চিন্তা বৃদ্ধি পাইছে বাংলাদেশৰ। ট্ৰাম্পৰ হাতলৈ আমেৰিকাৰ শাসনভাৰ অহাৰ পাছতে দুয়োখন দেশৰ সম্পৰ্ক কোন দিশলৈ গতি কৰিব তাক লৈ এতিয়া উত্তেজনা বৃদ্ধি পাইছে । ট্ৰাম্প শাসনলৈ অহাৰ পাছত এতিয়া বাংলাদেশ সংক্ৰান্তীয় নীতি সলনি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ মাজতে বাংলাদেশৰ ইউনুছ চৰকাৰে এটা ডাঙৰ ভুল কৰি ট্ৰাম্প প্ৰশাসনক ক্ষুব্ধ কৰি তুলিছে । যাৰ বাবে বাংলাদেশৰ প্ৰতি আমেৰিকাৰ ক্ষোভ পূৰ্বতকৈ বৃদ্ধি পোৱা বুলি অনুমান কৰিব পাৰি ।

শ্বেইখ হাছিনা চৰকাৰৰ পতন আৰু বাংলাদেশত অন্তৱৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰ গঠন হোৱাৰ পাছতেই দেশখনত অৰাজকতা বৃদ্ধি পাইছে। নতুন চৰকাৰখনে ইজনৰ পাছত সিজন কুখ্যাত অপৰাধীক জেলৰ পৰা মুকলি কৰি দিছে। শেহতীয়াকৈ বাংলাদেশে ছৈয়দ জিয়াউল হক নামৰ এজন অপৰাধীক মুকলি কৰি দিয়ে । অভিযোগ অনুসৰি এই লোকজন ২০১১ চনত বাংলাদেশত সামৰিক অভ্যুত্থানৰ চেষ্টাৰ অন্যতম ষড়যন্ত্ৰকাৰী তথা বাংলাদেশ সেনাবাহিনীৰ মেজৰ ।

ছৈয়দ জিয়াউল হকক আল কায়দা সমৰ্থিত আনছাৰুল্লাহ বাংলা টীমৰ অন্যতম নেতা বুলিও কোৱা হয় । কোৱা হয়, বাংলাদেশত সংঘটিত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে এইলোকজন প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছিল । আল কায়দাৰ সৈতে জড়িত হোৱাৰ বাবে জিয়াউল হকৰ ওপৰত নজৰ আছে আমেৰিকাৰ । ইতিমধ্যে আমেৰিকাই তেওঁৰ মুক্তিৰ বিৰোধিতা কৰিছে । তেনে ক্ষেত্ৰত ট্ৰাম্পে নতুন শাসনকালত বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা বা নিষেধাজ্ঞা জাৰি কৰিব পাৰে ।

ইয়াৰ মাজতে ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ কৰাক লৈ সকীয়াই দিছিল । আনকি নিৰ্বাচনী প্ৰচাৰৰ সময়তো ট্ৰাম্পে বাংলাদেশৰ বিষয়টো উত্থাপন কৰিছিল । তেওঁ বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে কৈছিল যে তেওঁ ক্ষমতাত থাকিলে এনে পৰিস্থিতি উদ্ভৱ হ’ব নিদিলেহেঁতেন ।

ইয়াৰ বিপৰীতে বাংলাদেশৰ ইউনুছ চৰকাৰে আমেৰিকাৰ সৈতে সু-সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰিছে । কিন্তু আন্তঃৰাষ্ট্ৰীয় বিশ্লেষকসকলৰ মতে এনে চেষ্টাৰ ফলত কোনো লাভ নহয়। ইয়াৰ এটা কাৰণ হ’ল বাংলাদেশৰ চীনৰ সৈতে বন্ধুত্ব। চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভত বাংলাদেশৰ অংশগ্ৰহণ আমেৰিকাই ভাল দৃষ্টিৰে চোৱা নাই। এনেবোৰ কাৰণতে বাংলাদেশ এতিয়া উদ্বিগ্ন হৈ পৰিছে ।

উল্লেখ্য যে, আমেৰিকাই প্ৰতিবছৰে বাংলাদেশক প্ৰায় ২০ কোটি ডলাৰৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে । ইয়াৰোপৰি আমেৰিকা বাংলাদেশৰ সৰ্ববৃহৎ ৰপ্তানি বজাৰ । বিশষকৈ ডাঙৰ ব্ৰেণ্ডবোৰে বাংলাদেশত কাপোৰ তৈয়াৰ কৰি আমেৰিকাত বিক্ৰী কৰে । এনে পৰিস্থিতিত ট্ৰাম্প শাসনলৈ অহাৰ পাছতে বাংলাদেশৰ বিনিয়োগ আৰু বাণিজ্যত প্ৰভাৱ পৰিব পাৰে বুলি অনুমান কৰা হৈছে। এনে ক্ষেত্ৰত বাংলাদেশ আৰ্থিকভাৱে বহুখিনি পিছ পৰি যোৱাৰ সম্ভাৱনা আছে । অৱশ্যে বাংলাদেশ সন্দৰ্ভত ট্ৰাম্পৰ স্থিতি কি হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।

 

অন্য খবৰ পঢ়কঃ প্ৰথম পচন্দ! শীঘ্ৰেই ভাৰত আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প…

গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ মাজত কি পাৰ্থক্য আছে?
দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? ক'লে IITian বাবাই...
মাত্ৰ ২০ দিন ৰঙা চাহ খালে কি হয় জানেনে? জানক সবিশেষ...
মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?